মামণি ৰয়ছম গোস্বামীৰ উপন্যাস

মামণি ৰয়ছম গোস্বামী অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক। তেওঁ‌ৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেওঁ‌ক জনা যায়।[1] গোস্বামীয়ে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল। ড॰ গোস্বামীয়ে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা[2] আৰু ১৯৯৯ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা[3] লাভ কৰিছিল। তেখেত ভাৰতৰ প্ৰথম Principal Prince Claus Laureate (২০০৮) আছিল।[4]

উপন্যাস সমূহসম্পাদনা কৰক

মামণি ৰয়ছম গোস্বামীৰ মুঠ চৈধ্যখন উপন্যাস লিখিছিল।[5] ১৯৭২ চনত তেওঁৰ প্ৰথমখন উপন্যাস চেনাবৰ স্ৰোত প্ৰকাশ পাইছিল। গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ আদি উল্লেখযোগ্য উপন্যাস। ভিন্ন ভিন্ন পটভূমি লৈ লিখা এই উপন্যাস সমূহত তেওঁ মুখ্যতঃ নাৰীৰ ক্ষেত্ৰত সামাজিক সংস্কাৰৰ অসাৰতা আৰু বৈষম্য চিত্ৰায়িত কৰা দেখা যায়। নীলকণ্ঠী ব্ৰজ, সংস্কাৰ আদি উপন্যাসত তেখেতে নাৰীক মুখ্য কৰি লিখিছে। তেওঁৰ উপন্যাস কেইখনৰ নাম হৈছে:

  1. চেনাবৰ স্ৰোত (১৯৭২)
  2. নীলকণ্ঠী ব্ৰজ (১৯৭৬)
  3. অহিৰণ (১৯৮০)
  4. মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস (১৯৮০)
  5. দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (১৯৮৮)
  6. উদয়ভানুৰ চৰিত্ৰ (১৯৮৯)
  7. ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি (১৯৯১)
  8. সাপৰ ছালৰ জোতা
  9. তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা (১৯৯৪)
  10. ভিক্ষাৰ পাত্ৰ ভাঙি
  11. আধালেখা দস্তাবেজ
  12. দাশৰথীৰ খোজ (১৯৯৯)
  13. ছিন্নমস্তাৰ মানুহটো (২০০১)
  14. থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল (২০০৬)

চেনাবৰ স্ৰোতসম্পাদনা কৰক

চেনাবৰ স্ৰোত মামণি ৰয়ছম গোস্বামীৰ প্ৰথম উপন্যাস। কাশ্মীৰৰ চেনাব নদীৰ ওপৰত দলং সজা কামত নিয়োজিত শ্ৰমিকসকলৰ জীৱন আৰু যন্ত্ৰণাৰ ভেটিত এই উপন্যাস ৰচনা কৰা হৈছে। চেনাবৰ স্ৰোত উপন্যাসখনৰ পটভূমি হ’ল কাশ্মীৰ। কাশ্মীৰৰ পটভূমি হ’লেও পিছে ইয়াত কাশ্মীৰৰ থলুৱা জীৱন যাত্ৰাৰ চিত্ৰ নাই। তাৰ পৰিৱৰ্তে কাশ্মীৰত অস্থায়ীভাৱে থাকি শ্ৰমদান দিয়া এদল বনুৱাৰ জীৱন চৰ্যাহে ইয়াত পোৱা যায়। চেনাব নদীৰ ওপৰত চন্দ্ৰভাগা দলং নিৰ্মাণৰ সময়ত তাত বাহৰ পতা অভিযন্তাকে ধৰি সাধাৰণ বনুৱাৰ পত্নী, সন্তানলৈকে বিভিন্ন চৰিত্ৰই উপন্যাসখনত ভূমুকি মাৰিছে। মামণি ৰয়ছম গোস্বামীৰ নিজা ভাষ্য অনুসৰি এই সকলোবোৰ চৰিত্ৰই বাস্তৱৰ পৰা লোৱা।[5]

নীলকণ্ঠী ব্ৰজসম্পাদনা কৰক

এইখন মামণি ৰয়ছম গোস্বামীৰ দ্বিতীয়খন উপন্যাস। আয়তনৰ ফালৰপৰাও তুলনামূলকভাৱে ক্ষুদ্ৰ এই উপন্যাসখন কেইবাটাও দিশৰপৰা বৈশিষ্ট্যপূৰ্ণ। উপন্যাসখনৰ কাহিনী-গ্ৰন্থন বৰ কৌশলপূৰ্ণ আৰু হৃদয়গ্ৰাহী। ব্ৰজধামৰ পটভূমিত ৰচনা কৰা এইখন প্ৰথম অসমীয়া উপন্যাস। উপন্যাসখনত ব্ৰজধামৰ জীৱনধাৰাৰ কদৰ্য দিশবোৰ তুলি ধৰা বাবে তাৰ পৱিত্ৰতাক সন্দেহ কৰা হৈছে।[5]

অহিৰণসম্পাদনা কৰক

১৯৭৪ চনত ৰচনা কৰা উপন্যাসখন ১৯৮০ চনত প্ৰকাশ পাইছিল। মধ্যপ্ৰদেশৰ অহিৰণ নদীত বান্ধ নিৰ্মাণ কৰিবলৈ অস্থায়ীভাৱে সমাজ পতা বনুৱা আৰু বিষয়া-কৰ্মচাৰীৰ জীৱন যাত্ৰাৰ আধাৰত এইখন উপন্যাস ৰচিত। ইয়াত কোনো নিৰ্দিষ্ট কাহিনী নাই। কিছুমান খণ্ডিত বিক্ষিপ্ত ঘটনা লৈয়েই উপন্যাসখন তেখেতে ৰচনা কৰিছে। ক্ষেত্ৰ অঅধ্যয়নৰ যোগেদি আহৰণ কৰা অভিজ্ঞতাৰ পৰা এই উপন্যাসখন তেখতে ৰচনা কৰিছে।[5]

আধা লেখা দস্তাবেজসম্পাদনা কৰক

আধা লেখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। ইয়াত তেখেতে কোনো ধৰণৰ লুক-ধাক নকৰাকৈ নিজৰ জীৱন পাঠকৰ আগত উপস্থাপন কৰিছে। সৰুতে সত্ৰৰ পৰিবেশত ডাঙৰ দীঘল হোৱা কুলীন গোড়া বংশৰ ছোৱালী মামণি ৰয়ছমে সৰুকালৰ জীৱনৰ চিত্ৰ বৰ্ণনাৰ লগতে সত্ৰৰ ধাৰ্মিক আচাৰপূৰ্ণ পৰিবেশো বৰ্ণনা কৰিছে। সেই পৰিবেশত এগৰাকী কম বয়সীয়া বিধবাৰূপে জীৱনৰ সন্মুখীন হৈ কিদৰে তেওঁ হতাশাত ভাগি পৰিছিল তাৰ বৰ্ণনা দিছে। মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা উপন্যাস সমূহৰ মূল ধাৰা আছিল কঠোৰ বাস্তৱৰ ধাৰাত দলিত-নিস্পেষিত মানুহৰ বিশেষকৈ নাৰীৰ জীৱনৰ বঞ্ছনা আৰু গ্লানি। এই উপন্যাসখনটো ইয়াৰ চিত্ৰ অংকন প্ৰতিফলিত হৈছে।

মামৰে ধৰা তৰোৱালসম্পাদনা কৰক

মামণি ৰয়ছম গোস্বামীৰ এখন উল্লেখযোগ্য উপন্যাস হৈছে মামৰে ধৰা তৰোৱাল। পটভূমি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাইনদীৰ ওপৰত একুৱাডাক্ট বন্ধা কামেই উপন্যাসখনৰ বিষয়বস্তুৰ মূল উৎস। বান্ধ নিৰ্মাণস্থলীত লাভ কৰা চাক্ষুষচষষ অভিজ্ঞতাৰ আধাৰত উপন্যাসখন তেখেতে ৰচনা কৰিছে। উপন্যাসখনৰ চৰিত্ৰ কেইটামানৰ নাম হৈছে: যশোৱন্ত নাৰায়ণী, শম্ভু পাছোৱান, বসুমতী বুঢ়ী, শিবু ধাছলা, লিচু লেঙেৰা, বামু-ৰামু, ঠাকুৰ চাহাব, শাস্ত্ৰী আৰু বলবীৰ স্বামী।[5]

শ্ৰমিকসকলক ‘চাটাই’ কৰা কাম আৰম্ভ কৰাত তাৰেই প্ৰতিবাদত শ্ৰমিক লীডাৰ সকলে শ্ৰমিক আন্দোলন গঢ়ি তুলিছে। দীৰ্ঘদিনীয়া ধৰ্মঘটৰ ফলত শ্ৰমিকসকলৰ নাজল-নাথল অৱস্থা হোৱা আৰু অৱশেষত সুযোগ সন্ধানী ধুৰন্ধৰ লীডাৰসকলে শ্ৰমিকসকলক প্ৰতাৰণা কৰি মূৰ পোলোকা মৰা কাহিনীৰে উপন্যাসখন গঢ়ি তুলিছে।

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাসম্পাদনা কৰক

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখন মামণি ৰয়ছম গোস্বামীয়ে কামৰূপীয়া ঠাচৰ অসমীয়া ভাষাৰে ৰচনা কৰিছে। ইয়াত দ্বিতীয় মহাযুদ্ধৰ শেষৰ ফালৰ সময়ৰ পৰিবেশত আধুনিকতাৰ প্ৰৱেশত ভাগি পৰিবলৈ আৰম্ভ কৰা সামাজিক গোড়ামীৰ এখন চিত্ৰ চিত্ৰায়িত কৰা হৈছে। এই উপন্যাসখন তেখেতে নিজেই ইংৰাজীলৈও অনুবাদো কৰিছিল। কিতাপখনৰ পাতনিত তেখেতে লিখিছে -"....লিখকে নিজে অনুবাদ নকৰি অন্য ব্যক্তিয়ে কৰিবলৈ কঠিন হ'লহেতেন। অসমীয়া ভাষাৰ কামৰূপী ঠাচ বুজি পোৱা মানুহ খুব কমেইহে ওলাব। তদুপৰি ভাষাটোৰ কিচুমান শব্দৰ প্ৰচলনো আজি কালি নাইকিয়া হ'ল। "[6] ভাৰত স্বাধীন হোৱাৰ সময়তে লিখা উপন্যাসখনত সৰুতে কামৰূপৰ এখন বৈষ্ণবী সত্ৰত থাকি ডাঙৰ-দীয়ল হোৱা উচ্ছবংশজাত লেখিকাই নিজৰ সৰুকালৰ অভিজ্ঞতাৰ স্মৃতিৰ পৰা নতুন যুগৰ আৰম্ভণিত পুৰণি গোঢ়ামিৰ খহিবলৈ আৰম্ভ কৰা ভেটিটোৰ পৰিবেশত এগৰাকী উচ্চবংশৰ এগৰাকী "গোসানী" বাল্য বিধৱাৰ আৱেগ আৰু অৱদমনিত বাসনা, ধীৰে ধীৰে সোমাই অহা সাম্যবাদৰ প্ৰভাবে আৰু ভূমিনীতিৰ সংসোধনে ভাঙিবলৈ আৰম্ভ কৰা জমিদাৰী প্ৰথাৰ ক্ষমতাৰ পুৰণি তন্ত্ৰ আদিৰ চিত্ৰ এখন অংকন কৰিছে। উপন্যাসখনৰ বাবে লাভ কৰা জ্ঞানপীঠ বঁটা স্বীকাৰ কৰা সময়ত লেখিকাৰ ভাষণত উপন্যাসখনৰ মূল চৰিত্ৰ "দুৰ্গা" নামৰ বাল্য বিধবা গৰাকীয়ে ভোগ কৰা যাতনাৰ প্ৰসংগত তেখেতে সেই সময়ৰ উচ্চবংশীয় বিধবাৰ হতাশাৰ কথা বৰ্ণনা কৰি কৈছিল যে, লিখাৰ শক্তি নথকা হ'লে হয়তো তেওঁ আত্মহত্যাই কৰিলেহেঁতেন। মামণি ৰয়ছমৰ সাহিত্য কৰ্মৰাজীৰ বিষয়ে লেখক মহৰ্ষি লালে এইদৰে কয়, "ইন্দিৰা গোস্বামীৰ বিচিত্ৰ আৰু পৰিপুষ্ট সকলো ৰচনাকে এডাল সূতাই বান্ধি ৰাখিছে - ই হ'ল নাৰীৰ প্ৰতি তেখেতৰ সংবেদনশীলতা... কাহিনীৰ জটীলতা তথা সূক্ষ্ম বৰ্ণনাৰ মাজতো প্ৰতিভাবান লেখিকাই ভাৰতীয় নাৰীৰ স্বাধীনতাৰ পথত প্ৰত্যাহ্বানসমূহ দ্যৰ্থতাৰ অৱকাশ নৰখাকৈ ফুটাই তুলিছে। "

বুদ্ধ সাগৰ ধূসৰ গাইসা আৰু মহম্মদ নুছাসম্পাদনা কৰক

এই উপন্যাসখন ১৯৮০ চনত প্ৰকাশ পাইছিল। দক্ষিণ-পূব এছিয়া আৰু জাপান ভ্ৰমণৰ আধাৰত এই উপন্যাসখন ৰচনা কৰা হৈছে। এই উপন্যাসত একেলগে বিদেশ ভ্ৰমণ কৰিবলৈ ওলোৱা কেইবাগৰাকীও ব্যক্তিৰ ৰুচি-অভীৰুচি, মান-অভিমান আৰু বিচিত্ৰ জীৱন অভিজ্ঞতাৰ বিক্ষিপ্ত চিত্ৰৰ সমাহাৰ ঘটিছে। সমালোচক প্ৰফুল্ল গোস্বামীয়ে কৈছে যে, অসমীয়া ভাষাত ভ্ৰমণ কাহিনীক ভিত্তি কৰি লিখা এইখনেই প্ৰথম উপন্যাস।

উদয়ভানুৰ চৰিত্ৰসম্পাদনা কৰক

এই উপন্যাসখনৰ মুখ্য চৰিত্ৰ হৈছে উদয়ভানু। উদয়ভানু এজন নষ্ট চৰিত্ৰৰ পুৰুষ, নিজৰ পৰিয়াল, আনকি নিজৰ প্ৰতিও অন্যায়ৰ পাছত অন্যায় আচৰণ কৰি উদয়ভানু ক্ৰমশঃ ধ্বংসৰ ফালে গতি কৰিছে। উদয়ভানু এগৰাকী চিত্ৰশিল্পী আছিল। তেওঁ অশান্ত শিল্পী মনে কাৰো ওচৰত প্ৰাপ্য স্বীকৃতি পোৱা নাই। সেই সত্তা প্ৰায় নিশ্চিহ্ন হৈ গৈছে; ফলত তেওঁৰ মনোগজত দিনক দিনে বিবেকহীন হৈ আহে। উদয়ভানুৰ জীৱনৰ আসন্ন সমাপ্তিৰ ইংগিতেৰে উপন্যাসখনৰ অন্ত পৰিছে।[5]

সাপৰ ছালৰ জোতাসম্পাদনা কৰক

এই উপন্যাসখন কেইগৰাকীমান পুৰুষ-মহিলাৰ বিচিত্ৰ জীৱন-চৰ্যাৰ আধাৰত ৰচিত। উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ অহা গায়ত্ৰী নামৰ শক্তিশালী মনৰ নাৰী, পৰকীয়া প্ৰেমত লিপ্ত তাইৰ স্বামী ভাস্কৰ আৰু সৎ যুৱক অমৰেশেই উপন্যাসখনৰ মূল চৰিত্ৰ। শাৰীৰিক আকৰ্ষণ আৰু ক্ষুধাই কিদৰে মানুহৰ জীৱনক ভীষণভাৱে প্ৰভাৱিত কৰিব পাৰে, সেয়া উপন্যাসখনত মামণি ৰয়ছম গোস্বামীয়ে উপস্থাপন কৰিছে।[5]

তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠাসম্পাদনা কৰক

১৯৮৪ চনৰ দিল্লীত সংঘতিত নৃশংস হত্যালীলাৰ ভেটিত এই উপন্যাসখন ৰচনা কৰা হৈছে। শিখ সন্ত্ৰাসবাদীয়ে ৰায়তৰ বাবে হিন্দুৰ ওপৰত প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰা আক্ৰমণৰ চাক্ষুষ অভিজ্ঞতাৰ প্ৰেৰণাত মামণি ৰয়ছম গোস্বামীয়ে এই উপন্যাসখন লিখিছিল। তেওঁ মানুহে মানুহৰ প্ৰতি কৰা ভয়ংকৰ আচৰণ, হিংস্ৰতা, নাৰীক কৰা চূড়ান্ত অশালীন ব্যৱহাৰ আদিৰ জীৱন্ত চিত্ৰ প্ৰকাশ কৰিছে। সমালোচক হীৰেন গোহাঁইৰ মতে, ‘সমসাময়িক ভাৰতৰ এক শ্ৰেষ্ঠ সাহিত্য কীৰ্তি এই কিতাপখনে সাহিত্যৰ গভীৰ গ্নানিবোধ প্ৰকাশ কৰিছে।[5]

ভিক্ষাৰ পাত্ৰ ভাঙিসম্পাদনা কৰক

এই উপন্যাসখনৰ পটভূমি হৈছে কামৰূপৰ গ্ৰামাঞ্চল। ফুলেশ্বৰী নামৰ এগৰাকী বিধৱা মহিলাৰ অতীত সোঁৱণৰ যোগেদি উপন্যাসখনৰ কাহিনী তেখেতে উপস্থাপন কৰিছে। উপন্যাসখনত জমিদাৰ শ্ৰেণীৰ শোষণ আৰু প্ৰতিপত্তি, যৌন নিৰ্যাতন, সাধাৰণ মানুহৰ সংশয়যুক্ত, অভাৱগ্ৰস্ত আৰু হতাশাগ্ৰস্ত জীৱনধাৰাৰ কথা প্ৰকাশ কৰিছে।[5]

দাশৰথীৰ খোজসম্পাদনা কৰক

মামণি ৰয়ছম গোস্বামীয়ে এই উপন্যাসখন মৰিছাছ আৰু নেপালত অনুষ্ঠিত ৰামায়ণ সন্মিলনৰ প্ৰেক্ষাপটত ৰচনা কৰিছে। উপন্যাসখনত বিভিন্ন ৰাষ্ট্ৰৰ গৱেষক প্ৰতিনিধিয়ে ৰামায়ণ সম্পৰ্কীয় গৱেষণা পত্ৰ উপস্থাপন কৰিবলৈ গৈছে। গৱেষকসকলৰ গভীৰ তাত্ত্বিক চিন্তাৰ লগতে অন্যান্য মানৱীয় আসক্তিৰ সংহত সমাহাৰ ঘটিছে।

ছিন্নমস্তাৰ মানুহটোসম্পাদনা কৰক

২০০১ চনত প্ৰকাশ পাইছিল এই উপন্যাসখন। বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ কামাখ্যা মন্দিৰ এই উপন্যাসৰ পটভূমি। নীলকণ্ঠী ব্ৰজৰ লগত এই উপন্যাসৰ বিষয়বস্তু একে। ধৰ্মৰ পৱিত্ৰতাৰ আচিলাৰে মন্দিৰক কেন্দ্ৰ কৰি চলি থকা নিষ্ঠুৰ, অবৰ্ণনীয় পৰিঘটনাবোৰক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ ঘটনাটো গঢ় লৈ উঠিছে। ডৰথী নামৰ এগৰাকী স্বামী পৰিত্যক্তা নাৰী আৰু জঁটাধাৰী নামেৰে পৰিচিত এক সন্ন্যাসীৰ সম্পৰ্কক উপন্যাসখনক মুখ্য স্থান দিছে। পুৰুষতান্ত্ৰিক সমাজৰ সবল প্ৰতিবাদ ডৰথীয়ে সাব্যস্ত কৰিছে। গোবিন্দ প্ৰসাদ শৰ্মাই কৈছে যে, এই উপন্যাসখনত ‘ধৰ্মৰ নামত গঢ় লৈ উঠা এক নিষ্ঠুৰ সামাজিক প্ৰথাৰ বিৰুদ্ধে বলিষ্ঠ কিন্তু নীৰৱ প্ৰতিবাদ’ প্ৰকাশ পাইছে। এয়া হ’ল ধৰ্মৰ নামত পশু-পক্ষী বলি দিয়াৰ প্ৰথা। অসমীয়া ভাষাত এনে উপন্যাস এয়েই প্ৰথম।[5]

সমালোচনাসম্পাদনা কৰক

বিভিন্ন সামাজিক স্থিতি, বিভিন্ন পেছা, ধৰ্ম, সম্প্ৰদায়ৰ ব্যক্তিৰ সমদল সৃষ্টি হৈছে তেওঁৰ উপন্যাসত। উচ্চ শিক্ষিত সমাজৰ তাত্ত্বিক চিন্তাকো উপন্যাসৰ বিষয়বস্তু কৰি তোলা হৈছে। প্ৰতিখন উপন্যাসেই জীয়া ঘটনাৰ ওপৰত আধাৰিত। অসমীয়া উপন্যাস সাহিত্যত এইগৰাকী ঔপন্যাসিকৰ সৃষ্টিৰ মাজতে ইমান বৈচিত্ৰ্য আজিলৈকে পৰিলক্ষিত হোৱা নাই। সমান্তৰালভাৱে তেওঁৰ উপন্যাসসমূহ সন্দেহাতীতভাৱে ৰসোত্তীৰ্ণ। মামণি ৰয়ছম গোস্বামী একমাত্ৰ অসমীয়া ঔপন্যাসিকা যাৰ উপন্যাসত ভাৰতবৰ্ষ তথা পৃথিৱীৰ বহু প্ৰান্তৰ প্ৰেক্ষাপট হিচাপে ব্যৱহৃত হৈছে। কাশ্মীৰ, দিল্লী, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, নেপাল, মৰিছাছ, মালয়েছিয়া, চিংগাপুৰ, কুঁৱালামপুৰ, হংকং, ফ্ৰান্স, পেৰিচ আদি ঠাইৰ পটভূমিত তেওঁ উপন্যাস ৰচনা কৰিছে।[5]

তেওঁৰ উপন্যাস সমূহত পৰিলক্ষিত কেইটামান সাধাৰণ বৈশিষ্ট্য হৈছে:

  • সমাজৰ নিঃস্ব তথা বনুৱা শ্ৰেণীৰ জীৱনৰ চিত্ৰায়ণ
  • যৌনতাৰ নিৰ্ভীক অথচ শালীন উপস্থাপন
  • নাৰীৰ সামাজিক দুৰৱস্থাৰ প্ৰতি সচেতন মনোভংগী
  • অভিজাত, ক্ষমতাশীল তথা উচ্চবৰ্ণৰ অহংকাৰেৰে পুষ্ট মানুহৰ অসৎ কৰ্মৰ প্ৰতি বিষোদগাৰ
  • ধৰ্মীয় অন্ধ সংস্কাৰ আৰু যুক্তিহীন পৰম্পৰাৰ প্ৰতি ভ্ৰূকুতি
  • মানুহক সম্প্ৰদায়, পেছা, ভাষা-ভাষী হিচাপে মূল্যায়ন কৰাতকৈ মানুহ হিচাপে মূল্যায়ন কৰাৰ চেষ্টা।[5]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. The Intimate Mornings with Mamoni Baideo; Manjeet Barua, 6/11/2006; Retrieved 1/12/2011
  2. Sisir Kumar Das, Sahitya Akademi. "A history of Indian literature: 1800-1910 Western impact: Indian responce". Google Books. http://books.google.co.in/books?id=sHklK65TKQ0C&pg=PA373&lpg=PA373&dq=Indira+Goswami,+Sahitya+Akademi&source=bl&ots=sPDV1j1sTc&sig=DXyp8QEuEWlcqTsRAJoJAFQbSk0&hl=en&ei=kQztSrbeD4OWkAXV29mZDw&sa=X&oi=book_result&ct=result&resnum=7&ved=0CB0Q6AEwBg#v=onepage&q=Indira%20Goswami%2C%20Sahitya%20Akademi&f=false। আহৰণ কৰা হৈছে: December 01, 2011. 
  3. Jnanpith award presented; The Hindu 25/02/2002; Retrieved 1/12/2011
  4. Principal Prince Claus Award for Indira Goswami In a rare honour,
  5. 5.00 5.01 5.02 5.03 5.04 5.05 5.06 5.07 5.08 5.09 5.10 5.11 অৰবিন্দ ৰাজখোৱা (৩০ নৱেম্বৰ ২০১১). "কদৰ্য জীৱনৰ মাজত মানৱতাৰ সন্ধান - মামণি ৰয়ছম গোস্বামীৰ উপন্যাস". দৈনিক জনমভূমি: ৭ পৃষ্ঠা. 
  6. A masterpiece re-launched; By A.J. Thomas; 7 Nov 2004; Retrieved 1/12/2011