মালীবৰ সাপ
মালীবৰ সাপ (ইংৰাজী: Indian wolf snake, বৈজ্ঞানিক নাম-Lycodon aulicus) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ অবিষধৰ (nonvenomous) সাপৰ প্ৰজাতি৷[2]
মালীবৰ সাপ (Lycodon aulicus) | |
---|---|
Indian wolf snake from Central India | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
উপপৰ্ব: | Vertebrata |
শ্ৰেণী: | Reptilia |
বৰ্গ: | Squamata |
উপবৰ্গ: | Serpentes |
পৰিয়াল: | Colubridae |
উপপৰিয়াল: | Colubrinae |
গণ: | Lycodon |
প্ৰজাতি: | L. aulicus |
বৈজ্ঞানিক নাম | |
Lycodon aulicus (Linnaeus, 1758) | |
সমাৰ্থক | |
Coluber aulicus Linnaeus, 1758 |
বিৱৰণ
সম্পাদনা কৰকমালীবৰ সাপৰ দেহৰ দৈৰ্ঘ্য ৫১ ছে:মি: আৰু নেজ ১১ ছে:মি: পৰ্যন্ত দীঘল হয়৷[3] ঠাইবিশেষে এই সাপবিধৰ দেহৰ বৰণ বেলেগ বেলেগ হোৱা দেখা যায়৷ সাধাৰণতে ই মিহি মটিয়া বা মুগা বৰণীয়া হয়৷
বিতৰণ
সম্পাদনা কৰকমালীবৰ সাপ পাকিস্তান, শ্ৰীলংকা, ভাৰত, নেপাল, ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি দেশত বিস্তৃত হৈ আছে৷ ভাৰতবৰ্ষত ইয়াক সাধাৰণতে হিমালয়ৰ পাদদেশত আৰু অসম, মহাৰাষ্ট্ৰ আদি ৰাজ্যত দেখা পোৱা যায়৷
আচৰণ
সম্পাদনা কৰকমালীবৰ সাপ স্বভাৱত নিশাচৰ হয় আৰু দিনৰ ভাগত ই নিষ্ক্ৰিয় হৈ থাকে৷
খাদ্য
সম্পাদনা কৰকএই সাপবিধে ঘাইকৈ জেঠীজাতীয় প্ৰাণী আৰু ভেকুলী আদি খাই জীয়াই থাকে৷
প্ৰজনন
সম্পাদনা কৰকমাইকী মালীবৰ সাপ মতা সাপতকৈ সাধাৰণতে ডাঙৰ আকাৰৰ হয়৷ ইহঁতে বাৰিষাৰ আগে আগে প্ৰজনন কৰে আৰু এবাৰত ৪-১১ টাকৈ কণী পাৰে৷ ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত কণী ফুঁটি পোৱালি জগে৷ [4]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Boulenger, G.A. 1893. Catalogue of the Snakes in the British Museum (Natural History), Volume I. London.
- ↑ Abercromby, A F. The Snakes of Ceylon. পৃষ্ঠা. 52–53. ISBN 1-110-73774-2. "Another striking example of protective imitation is the way in which the little Lycodon Aulicus (sic) imitates the deadly Bungarus ...[T]o make the deception complete, the Lycodon has enlarged front teeth in imitation of the fangs of the Bungarus ..."
- ↑ Boulenger, G.A. 1893. Catalogue of the Snakes in the British Museum (Natural History), Volume I. London.
- ↑ Das, I. 2002. A Photographic Guide to Snakes and Other Reptiles of India Ralph Curtis Books. Sanibel Islands, Florida., p. 36. ISBN 0-88359-056-5
- Boulenger, George A. 1890 The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. Taylor & Francis, London, xviii, 541 pp.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Lycodon aulicus সম্পৰ্কীয় মিডিয়া ফাইল আছে। |