ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ(৩০ নৱেম্বৰ,১৮৩৫- ২১ এপ্ৰিল ১৯১০)[1] বা ছদ্মনামেৰে জনাজাত মাৰ্ক টোৱেইন আছিল এজন আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক। তেখতে দা এড্‌ভেন্সাৰ্ছ অৱ টম ছয়াৰ (১৮৭৬) আৰু এড্‌ভেন্সাৰ্ছ অৱ হাকল্‌বেৰী ফিন (১৮৮৫) উপন্যাস দুখনৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল।[2] ইয়াৰে পিছৰখনক "মহান আমেৰিকান উপন্যাস" বুলি অভিহিত কৰা হয়। মাৰ্ক টোৱেইনে শৈশৱ কালছোৱা মিচৌৰী নদীৰ এখন সৰু বন্দৰ নগৰ হানিবালত পাৰ কৰে। এই সময়ৰ অভিজ্ঞতাই তেখেতক পিছলৈ লিখনিৰ অনুপ্ৰেৰণা দিয়ে।[3]

মাৰ্ক টোৱেইন
জন্ম ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ
৩০ নৱেম্বৰ, ১৮৩৫
ফ্ল'ৰিডা, মিচৌৰী, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ২১ এপ্ৰিল, ১৯১০ (৭৪ বছৰ)
ৰিডিং, কনেক্টিকাট, আমেৰিকা যুক্তৰাষ্ট্ৰ
ছদ্মনাম মাৰ্ক টোৱেইন
পেচা লেখক, বক্তা
ৰাষ্ট্ৰীয়তা আমেৰিকান
ধৰণ কাল্পনিক, কাল্পনিক ইতিহাস, শিশু সাহিত্য, ভ্ৰমণ সাহিত্য, ব্যঙ্গ, ৰচনা, দাৰ্শনিক সাহিত্য, সামাজিক ধাৰাভাষ্য, সাহিত্যিক সমালোচনা
উল্লেখনীয় কৰ্মৰাজি এড্‌ভেন্সাৰ্ছ অৱ হাকল্‌বেৰী ফিন, দা এড্‌ভেন্সাৰ্ছ অৱ টম ছয়াৰ
দাম্পত্যসংগী Olivia Langdon Clemens (বি. ১৮৭০১৯০৪)
সন্তান লেংডন, চুজি, ক্লাৰা, জিন

স্বাক্ষৰ
ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ ডাকটিকট, ১৯৪০
মাৰ্ক টোৱেইন (1909)

হেলীৰ ধুমকেতুৱে দেখা দিয়াৰ সময়ত মাৰ্ক টোৱেইনৰ জন্ম হৈছিল। তেখেতে ভৱিষ্যতবাণী কৰিছিল যে তেখেতৰ মৃত্যুও তাৰ লগতে হ'ব। সঁচাকৈ হেলীৰ ধুমকেতুৱে পিছৰবাৰ দেখা দিয়াৰ এদিন পিছতে টোৱেইনৰ মৃত্যু ঘটে। টোৱেইনক সেই সময়ৰ "মহানতম আমেৰিকান হাস্যৰসিক" বুলি অভিহিত কৰা হৈছিল[4] আৰু ৱিলিয়াম ফক্‌নাৰে তেখেতক "আমেৰিকান সাহিত্যৰ জনক" বুলি সন্মান প্ৰদান কৰিছিল।[5]

শৈশৱ আৰু যৌৱনকাল সম্পাদনা কৰক

মাৰ্ক টোৱেইনৰ পিতৃৰ নামজন মাৰ্চাল ক্লিমেঞ্চ আৰু মাতৃ জে’ন লেম্পটন ক্লিমেঞ্চ।[6][7] ফ্ল’ৰিডাত তেখেতেৰ জন্ম হৈছিল। টোৱেইনৰ চাৰি বছৰ বয়সত পৰিয়ালটো মিচিচিপি নদীৰ ওচৰৰ হানিবাল নামৰ এখন সৰু বন্দৰ নগৰলৈ আহি বাস কৰিবলৈ লয়।[8]

এঘাৰ বছৰ বয়সতে তেখেতৰ পিতৃৰ মৃত্যু হয়।[9] তেতিয়া তেখেতে হানিবালত এটা ছপাশালৰ কামত যোগদান কৰে। ১৮৫১ চনৰ পিছত তেখেতে নিউইয়ৰ্ক, ফিলাডেলফিয়া আদি নগৰত ছপাশালত কাম কৰে। ১৮৫৯ চনত তেখেতে ভাপ জাহাজৰ নাবিক হ’বলৈ অনুজ্ঞাপত্ৰ লাভ কৰে।[10] পাছলৈ তেখেতে সোণৰ খনিত কাম কৰাৰ উপৰিও কিছুকাল সাংবাদিকতাও কৰে।[11] ১৮৭০ চনত মাৰ্ক টোৱেইন অ’লিভিয়া লেংডনৰ লগত বিবাহপাশত আবদ্ধ হয়। বাফেল'ত থকা সময়ত তেওঁলোকৰ পুত্ৰ লেংদনৰ ডিফথেৰিয়া ৰোগত মৃত্যু হয়। তেওঁলোকৰ চুজি, ক্লাৰা আৰু জিন নামৰ তিনিটি কন্যা সন্তানো আছিল।[12]

লেখক জীৱন সম্পাদনা কৰক

মাৰ্ক টোৱেইনে লেখকজীৱনৰ আৰম্ভণিতে খুহুতীয়া গদ্য লিখিছিল যদিও পিছলৈ তেখেত মানৱতাৰ বিচিত্ৰতাৰ এজন শক্তিশালী লেখক, সমালোচক হৈ পৰে। নাবিক জীৱনৰ অভিজ্ঞতাৰ পৰা তেখেতে ‘মাৰ্ক টোৱেইন’(পানীৰ গভীৰতা বুজাবলৈ ব্যৱহৃত শব্দ) ছদ্মনাম গ্ৰহণ কৰে। ১৮৬৫ চনত নিউইয়ৰ্ক ছেটাৰডে প্ৰেছত তেখেতৰ প্ৰথম লেখা ‘The Celebrated Jumping Frog of Calaveras County’ প্ৰকাশ পায়। তাৰ পিছত তেখেতৰ হাস্যমধুৰ ভ্ৰমণ কাহিনী ‘The Innocents Abroad or The New Pilgrims' Progress’ আৰু ‘Roughing It’ প্ৰকাশ পায়। ইয়াৰ পিছৰ গ্ৰন্থ ‘ The Gilded Age: A Tale of Today’ আছিল তেখেতৰ উপন্যাস ৰচনাৰ প্ৰথম প্ৰয়াস। তাৰ পিছত শৈশৱৰ স্মৃতিৰে সংপৃক্ত গ্ৰন্থ ‘Old Times on the Mississippi’ আৰু ‘Life on the Mississippi’ প্ৰকাশ হয়। ইয়াৰ লগে লগে লেখক আৰু বক্তা হিছাপে মাৰ্ক টোৱেইনৰ জনপ্ৰিয়তা বাঢ়ি আহে। ১৮৭৬ চনত তেখেতৰ এখন জনপ্ৰিয় উপন্যাস ‘The Adventures of Tom Sawyer’ প্ৰকাশ পায়। ১৮৮৪ চনত তেখেতৰ শ্ৰেষ্ঠ উপন্যাস হিছাপে সমাদৃত ‘ Adventures of Huckleberry Finn’ প্ৰকাশ পায় যাক আমেৰিকাৰ প্ৰথম মহৎ উপন্যাস বুলিও কোৱা হয়। তেখেতৰ আন আন জনপ্ৰিয় কিতাপ আছিল- ‘The Prince and the Pauper’, ‘A Connecticut Yankee in King Arthur's Court’, ‘Pudd'nhead Wilson’, ‘Personal Recollections of Joan of Arc’ আদি। মাৰ্ক টোৱেইনৰ আত্মজীৱনীৰ প্ৰথম খণ্ড তেখেতৰ ইচ্ছা অনুসৰি তেখেতৰ মৃত্যুৰ এশ বছৰ পিছত ১৯১০ চনৰ নৱেম্বৰত প্ৰকাশ পায়।

শেষ জীৱন আৰু মৃত্যু সম্পাদনা কৰক

১৮৯৬ চনত জীয়ৰী চুজিৰ মৃত্যুৰ পিছত মাৰ্ক টোৱেইন বিষাদগ্ৰস্ত হৈ পৰে। তাৰ পিছত ১৯০৪ চনত পত্নী অ’লিভিয়া আৰু ১৯০৯ চনত আনজনী জীয়ৰী জিনৰ লগতে নিকট বন্ধু হেনৰী ৰজাৰ্ছৰো মৃত্যুৱে তেখেতৰ বিষণ্ণতা গভীৰ কৰি তোলে।[13] ১৯০৬ চনত তেখেতে আত্মজীৱনী লিখা আৰম্ভ কৰে। ১৯০৭ চনত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে তেখেতক সন্মানজনক ডক্টৰেট উপাধি প্ৰদান কৰে। ১৯০৯ চনত হৃদৰোগত এইগৰাকী লেখকৰ মৃত্যু ঘটে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "The Mark Twain House Biography". Archived from the original on 2006-10-16. http://web.archive.org/web/20061016074753/http://www.marktwainhouse.org/theman/bio.shtml। আহৰণ কৰা হৈছে: 2006-10-24. 
  2. "Mark Twain remembered by Google with a doodle". The Times of India. 30 November 2011. http://timesofindia.indiatimes.com/tech/news/internet/Mark-Twain-remembered-by-Google-with-a-doodle/articleshow/10928674.cms। আহৰণ কৰা হৈছে: 30 November 2011. 
  3. Lindborg, Henry J. Adventures of Huckleberry Finn. Archived from the original on 2009-11-01. Retrieved 2006-11-11. 
  4. "Obituary (New York Times)". http://marktwainclassics.com/marktwain/obituary-new-york-times/। আহৰণ কৰা হৈছে: 2009-12-27. 
  5. Jelliffe, Robert A. (1956). Faulkner at Nagano. প্ৰকাশক Tokyo: Kenkyusha, Ltd. 
  6. "Inventing Mark Twain". 1997. New York Times.
  7. Kaplan, Fred (October 2007). "Chapter 1: The Best Boy You Had 1835–1847". The Singular Mark Twain. Doubleday. ISBN 0-385-47715-5. . Cited in "Excerpt: The Singular Mark Twain". About.com: Literature: Classic. http://classiclit.about.com/library/weekly/aafpr113003b.htm। আহৰণ কৰা হৈছে: 2006-10-11. 
  8. "Mark Twain, American Author and Humorist". http://www.lucidcafe.com/library/95nov/twain.html। আহৰণ কৰা হৈছে: 2006-10-25. 
  9. "John Marshall Clemens". State Historical Society of Missouri. http://shs.umsystem.edu/famousmissourians/writers/clemens/jmclemens.html। আহৰণ কৰা হৈছে: 2007-10-29. 
  10. Life on the Mississippi, chapter 15
  11. Comstock Commotion: The Story of the Territorial Enterprise and Virginia City News, Chapter 2.
  12. "Mrs. Jacques Samossoud Dies; Mark Twain's Last Living Child; Released 'Letters From Earth'". New York Times. November 21, 1962, Wednesday. "San Diego, California, Nov. 20 (UPI) Mrs. Clara Langhorne Clemens Samossoud, the last living child of Mark Twain, died last night in Sharp Memorial Hospital. She was 88 years old." 
  13. "The Mark Twain House". Archived from the original on 2006-10-16. http://web.archive.org/web/20061016074753/http://www.marktwainhouse.org/theman/bio.shtml। আহৰণ কৰা হৈছে: 2006-11-17. 

অতিৰিক্ত পঠন সম্পাদনা কৰক

বহিঃ সংযোগ সম্পাদনা কৰক

মাৰ্ক টোৱেইনৰ কৰ্মৰাজী
Academic studies
জীৱন
অন্যান্য