১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯১তম (অধিবৰ্ষত ৯২তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭৪ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাসম্পাদনা কৰক

  • ১৮২৬ - ইণ্টাৰনেল কম্বিউশ্বন ইঞ্জিনৰ বাবে ছেমুৱেল মৰেই পেটেণ্ট লাভ কৰে।
  • ১৮৭৮ - কলকাতাত যাদুঘৰ প্ৰতিষ্ঠিত হয়।
  • ১৮৮৭ - মুম্বাই অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰতিষ্ঠা।
  • ১৯১২ - ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়।
  • ১৯৩৫ - ভাৰতৰ কেন্দ্ৰীয় বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা।
  • ১৯৩৬ - পূৰ্বতে কলিংগ বা উৎকল নামেৰে প্ৰসিদ্ধ উৰিষ্যাক ৰাজ্য ৰূপে ঘোষণা।
  • ১৯৭২ - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নাগালেণ্ড ৰাজ্যৰ শাখা, কহিমা বিচাৰ পীঠৰ বাবে স্থায়ী বিচাৰক হিচাপে অৰূপ কুমাৰ গোস্বামীক নিযুক্ত।
  • ১৯৭৩ - জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত ব্ৰাঘ্য প্ৰকল্পৰ শুভাৰম্ভ।
  • ২০০১ - নেদাৰলেণ্ডত সম-লিংগ বিবাহৰ বৈধকৰণ। এই আইন প্ৰণয়ন কৰা এইখনেই প্ৰথম দেশ।
  • ২০০২ - নামৰূপ সাৰ কাৰখানাক হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পৰেশ্বনৰ পৰা বিভক্ত কৰি ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্বন লিমিটেড হিচাপে নামকৰণ।
  • ২০০৪ - গুগলৰ দ্বাৰা পৰিচালিত বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা জিমেইল মুকলি।

জন্মসম্পাদনা কৰক

  • ১৫৭৮ - ৰক্ত সঞ্চালন পদ্ধতিৰ অন্যতম উদ্ভাৱক ডা° উইলিয়াম হাৰ্ভেৰ জন্ম। (মৃত্যু: ১৬৫৭)
  • ১৯২২ - ৱিলিয়াম মেনচেষ্টৰ, আমেৰিকাৰ লেখক। (মৃত্যু: ২০০৪)
  • ১৯২৯ - মিলান কুন্দেৰা, ফৰাচী তথা চেক্ ঔপন্যাসিক।
  • ১৯২৬ - হেমেন্দ্ৰ প্ৰসাদ বৰুৱা[1], হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী গ্ৰহণ কৰা উত্তৰ-পূবৰ প্ৰথমজন ব্যক্তি[2], অসম আৰু পূব ভাৰতৰ প্ৰথম শ্ৰেণীৰ উদ্যোগপতি।[3]
  • ১৯২৭ - যোগেশ দাস, অসমীয়া চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক।
  • ১৯৩৬ - তৰুণ গগৈ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ১৯৩৭ - মহম্মদ হামিদ আঞ্চাৰী, ভাৰতৰ ১৩ তম ৰাষ্ট্ৰপতি।
  • ১৯৪৩ - নাৰায়ণ চন্দ্ৰ বৰকটকী, ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ সাংসদ।

মৃত্যুসম্পাদনা কৰক

  • ১৯৭৭ - ভাৰত আৰু পাকিস্তানৰ মাজত ৰেডক্লিফ নামেৰে বিভাজন কৰা ৰেখা তৈয়াৰ কৰা ছাৰ ছিৰিল ৰেডক্লিফৰ মৃত্যু হয়।
  • ২০০৭ - জগজিত শইকীয়া, আমাৰ অসমৰ সংবাদদাতা।

দিৱসসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক


তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. "বিশিষ্ট চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ মৃত্যু". dainikjanambhumi (গুৱাহাটী): পৃষ্ঠা ১ পৃষ্ঠা. ১ আগষ্ট, ২০১৩. http://www.dainikjanambhumi.co.in/1Aug/images/p1/p1-big_04.gif। আহৰণ কৰা হৈছে: 3 আগষ্ট 2013. 
  2. "Mr. Hemendra Prasad Barooah". zoominfo.com. 12 April 2003. http://www.zoominfo.com/p/Hemendra-Barooah/421799223। আহৰণ কৰা হৈছে: April 02, 2013. 
  3. ৰুবী বি দাস (৩১ মাৰ্চ, ২০১৩). "জীৱন আৰু জাতিৰ জয়গান গোৱা ভাস্বত স্বপ্নদ্ৰষ্টা পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা: ৬, ৭.