মিতালী দৰাই ৰাজ (ইংৰাজী: Mithali Dorai Raj,জন্ম: ৩ ডিচেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু বৰ্তমান ভাৰতীয় মহিলা ক্ৰিকেট দলৰ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ অধিনায়ক।[2] তেওঁ আন্তৰ্জাতিক ক্ৰিকেটত আটাইতকৈ বেছি ৰাণ বনোৱা মহিলা ক্ৰিকেট খেলুৱৈ আৰু এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত ৬০০০ ৰাণ অতিক্ৰম কৰা একমাত্ৰ মহিলা।[3][4] ইয়াৰ লগতে তেওঁ এদিনীয়া ক্ৰিকেটত একাদিক্ৰমে সাতবাৰ অৰ্ধশতক বনোৱা প্ৰথম মহিলা ক্ৰিকেটাৰ।[5] এদিনীয়া ক্ৰিকেটত সবাতোকৈ বেছি অৰ্ধশতক ৰাণ বনোৱাৰ ৰেকৰ্ড মিতালী ৰাজৰ আছে।[6] ২০১৮ চনৰ জুন মাহত মহিলাৰ টুৱেণ্টি২০ এছিয়া কাপ, ২০১৮ত তেওঁ টুৱেণ্টি২০ ক্ৰিকেটত ২০০০ ৰাণ অতিক্ৰম কৰা পুৰুষ আৰু মহিলা উভয় শাখাৰ প্ৰথম ভাৰতীয়ত পৰিণত হয় লগতে টুৱেণ্টি২০ত ২০০০ ৰাণ অতিক্ৰম কৰা বিশ্বৰ প্ৰথম মহিলা হৈ পৰে।[7][8][9]

মিতালী ৰাজ
{{{imagealt}}}
২০১২ চনত বেটিং কৰি থকা অৱস্থাত মিতালী ৰাজ
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম মিতালী দৰাই ৰাজ
জন্ম ৩ ডিচেম্বৰ, ১৯৮২ (৪১ বছৰ)[1]
যোধপুৰ, ভাৰত
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী ৰাইট আৰ্ম লেগ ব্ৰেক
ভূমিকা মহিলা দলৰ অধিনায়ক, বেটছ ৱমেন
আন্তঃৰাষ্ট্ৰীয় তথ্য
টেষ্ট অভিষেক (মুঠ খেল ৫৫) ১৪ জানুৱাৰী ২০০২ বনাম ইংলেণ্ড
অন্তিম টেষ্ট ১৬ নৱেম্বৰ ২০১৪ বনাম দক্ষিণ আফ্ৰিকা
ODI অভিষেক (cap ৬০) ২৬ জুন ১৯৯৯ বনাম আয়াৰলেণ্ড
শেষ ODI ১ ফেব্ৰুৱাৰী ২০১৯ v নিউজিলেণ্ড
ODI shirt no.
T20I debut (cap ) ৫ আগষ্ট ২০০৬ v ইংলেণ্ড
Last T20I ১০ ফেব্ৰুৱাৰী ২০১৯ বনাম নিউজিলেণ্ড
T20I shirt no.
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০০৬–বৰ্তমানলৈ ৰে'লৱে ক্ৰিকেট দল
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা মহিলা টেষ্ট ক্ৰিকেট মহিলা এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মহিলা টুৱেণ্টি২০ ক্ৰিকেট {{{column4}}}
মুঠ খেল ১০ ২০০ ৮৫ {{{matches4}}}
ৰাণ ৬৬৩ ৬,৬২২ ২,২৮৩ {{{runs4}}}
বেটিং গড় ৫১.৩৩ ৫১.৩৩ ৩৭.৪২ {{{bat avg4}}}
শতক/অৰ্ধশতক ১/৪ ৭/৫২ ০/১৭ {{{100s/50s4}}}
সৰ্বোচ্চ ৰাণ ২১৪ ১২৫* ৯৭* {{{top score4}}}
বল ৭২ ১৭১ {{{deliveries4}}}
উইকেট {{{wickets4}}}
বলিং গড় ১১.৩৭ {{{bowl avg4}}}
এক ইনিংছত ৫টা উইকেট {{{fivefor4}}}
এখন খেলত ১০টা উইকেট প্ৰযোজ্য নহয় প্ৰযোজ্য নহয় {{{tenfor4}}}
শ্ৰেষ্ঠ বলিং ৩/৪ {{{best bowling4}}}
কেচ্চ/ষ্টাম্পিং ১১/– ৫০/– ১৯/– {{{catches/stumpings4}}}
উৎস: ESPNcricinfo, ১০ ফেব্ৰুৱাৰী ২০১৯ {{{year}}}

মিতালী ৰাজ বিশ্বকাপ ক্ৰিকেটত দুবাৰ অধিনায়ক হিচাপে খেলা প্ৰথম গৰাকী ভাৰতীয়। তেওঁ ২০০৫ মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ আৰু ২০১৭ মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক আছিল।[10][11] ২০১৯ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে মিতালী ৰাজে নিউজিলেণ্ডত অনুষ্ঠিত ভাৰত বনাম নিউজিলেণ্ড চিৰিজত খেলি ২০০খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল খেলা প্ৰথম গৰাকী মহিলা হয়।[12]

২০২২ চনৰ ৮ জুন তাৰিখে মিতালী ৰাজে সকলো পৰ্যায়ৰ ক্ৰিকেট খেলৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ [13] [14] [15]

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৮২ চনৰ ৩ ডিচেম্বৰ তাৰিখে ৰাজস্থানৰ যোধপুৰত মিতালী ৰাজৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দৰাই ৰাজ আৰু তেওঁৰ মাতৃ লীলা ৰাজ। তেওঁৰ পিতৃ ভাৰতীয় বায়ু সেনাৰ এয়াৰমেন আছিল। তেওঁলোক তামিল সম্প্ৰদায়ৰৰ লোক। ১০ বছৰ বয়সৰ পৰায়ে তেওঁ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে। ১৭ বছৰ বয়সত তেওঁক ভাৰতীয় মহিলা ক্ৰিকেট দলত বাছনি কৰা হয়। বৰ্তমান তেওঁ তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত বাস কৰে।[16][17]

তেওঁ ছেকেন্দ্ৰাবাদৰ কেয়েছ হাইস্কুল ফৰ গাৰ্লছত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ কৌস্তুৰবা গান্ধী জুনিয়ৰ কলেজত শিক্ষা লাভ কৰে। স্কুলত পঢ়ি থকা সময়তে তেওঁ তেওঁৰ ককায়েকৰ লগত ক্ৰিকেট খেলিছিল। তেওঁ প্ৰায়ে স্কুলত লৰা সকলৰ লগত ক্ৰিকেট খেলিছিল। [উদ্ধৃতিৰ প্ৰয়োজন]

ৰেকৰ্ডসমূহ সম্পাদনা কৰক

 
২০১৭ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপত মিতালী ৰাজ

মিতালী বিশ্বকাপ মহিলা ক্ৰিকেটত সৰ্বোচ্চ ৰাণৰ বৰঙণি আগবঢ়োৱা ভাৰতীয় মহিলা। বিশ্বকাপ মহিলা ক্ৰিকেট ২০০৫ চনত তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে ১০৪ ত বলত ৯১ ৰাণ সংগ্ৰহ কৰি আউট নোহোৱাকৈ আছিল।[18] ২০১৩ চনৰ বিশ্বকাপ ক্ৰিকেটত তেওঁৰ এই খিতাপ হৰমনপ্ৰীত কৌৰলৈ যায়। তেওঁ ১০৯ বলত ১০৭ ৰাণ সংগ্ৰহ কৰিছিল[উদ্ধৃতিৰ প্ৰয়োজন] ২০১৭ মহিলাৰ বিশ্বকাপ ক্ৰিকেটত তেওঁ একাদিক্ৰমে সাতটা অৰ্ধশতক কৰে আৰু একাদিক্ৰমে আটাইতকৈ বেছি সংখ্যক অৰ্ধশতক ৰাণ সংগ্ৰহ কৰা খেলুৱৈত পৰিগণিত হয়।[19][20] বিশ্বকাপত ১০০০ ৰাণ সংগ্ৰহ কৰা তেওঁ একমাত্ৰ ভাৰতীয় তথা বিশ্বৰ পঞ্চম গৰাকী খেলুৱৈ।[21] মহিলাৰ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত কোনো দলৰ পৰা একাদিক্ৰমে ১০৯খন খেল খেলাৰ সুযোগ লাভ কৰা তেওঁ একমাত্ৰ খেলুৱৈ।[22]

বঁটা আৰু সন্মান সম্পাদনা কৰক

চন বঁটা নোট
২০০৩ অৰ্জুন বঁটা[23]
২০১৫ পদ্মশ্ৰী ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান[24]
২০১৭ য়ুথ স্পৰ্টছ আইকন অফ এক্সচেলেন্স এৱাৰ্ড ৰেডীয়েণ্ট ৱেলনেছ কনক্লেভ, চেন্নাই[25]
২০১৭ ভগ' স্পৰ্টছপাৰ্চন অফ দা ইয়াৰ ভগ'ৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠান[26]
২০১৭ বিবিচি ১০০ মহিলাৰ তালিকা ২০১৭[27]
২০২১ মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান[28]

তথ্য উৎস সম্পাদনা কৰক

  1. "Mithali Raj". http://www.espncricinfo.com/india/content/player/54273.html। আহৰণ কৰা হৈছে: 23 July 2017. 
  2. "Raj finds life lonely at the top". http://www.espncricinfo.com/icc-womens-world-cup-2017/content/story/1110832.html?object=1085967. 
  3. "Record-setting Raj top of the women's charts". ESPN Cricinfo. http://www.espncricinfo.com/icc-womens-world-cup-2017/content/story/1110610.html। আহৰণ কৰা হৈছে: 12 July 2017. 
  4. "Mithali Raj becomes leading run-scorer in women’s ODI cricket; surpasses England’s Charlotte Edwards". Indian Express. http://indianexpress.com/article/sports/cricket/mithali-raj-becomes-leading-run-scorer-in-womens-odi-cricket-surpasses-englands-charlotte-edwards-4747402/। আহৰণ কৰা হৈছে: 12 July 2017. 
  5. "Meshram-Raj and spin quartet to the fore in emphatic India win". International Cricket Council. https://www.icc-cricket.com/news/333723। আহৰণ কৰা হৈছে: 15 February 2017. 
  6. "Records | Women's One-Day Internationals | Batting records | Most fifties in career | ESPNcricinfo". Cricinfo. http://stats.espncricinfo.com/ci/content/records/284107.html। আহৰণ কৰা হৈছে: 13 April 2018. 
  7. "Mithali Raj edges Virat Kohli, becomes first India cricketer to score 2000 T20I runs". https://timesofindia.indiatimes.com/sports/cricket/news/mithali-raj-edges-virat-kohli-becomes-first-india-cricketer-to-score-2000-t20i-runs/articleshow/64494573.cms. 
  8. NDTVSports.com. "Women's Asia Cup: Mithali Raj Becomes First Woman To Reach 2000 T20I Runs – NDTV Sports". NDTVSports.com. https://sports.ndtv.com/cricket/mithali-raj-becomes-the-first-woman-cricketer-to-score-2000-t20i-runs-1863976। আহৰণ কৰা হৈছে: 10 June 2018. 
  9. "‘Consistent run machine’: Mithali Raj becomes FIRST Indian to score 2000 runs in T20Is; fans ECSTATIC". The Indian Express. 7 June 2018. http://indianexpress.com/article/trending/trending-in-india/consistent-run-machine-mithali-raj-becomes-first-indian-to-score-2000-runs-in-t20is-fans-ecstatic/lite/। আহৰণ কৰা হৈছে: 10 June 2018. 
  10. "India's chance to spur a revolution". http://www.espncricinfo.com/series/8584/preview/1085975/. 
  11. "Team of the ICC Women's World Cup 2017 announced". https://www.icc-cricket.com/media-releases/441890. 
  12. "Mithali Raj at 200: The best of a record-breaking career". International Cricket Council. https://www.icc-cricket.com/news/990816। আহৰণ কৰা হৈছে: 1 February 2019. 
  13. https://www.hindustantimes.com/cricket/mithali-raj-veteran-india-batter-and-former-captain-retires-from-international-cricket-101654678177051.html
  14. https://timesofindia.indiatimes.com/sports/cricket/news/mithali-rajs-decision-leaves-coach-murthy-with-mixed-feelings-msk-prasad-and-john-manoj-laud-her/articleshow/92088583.cms
  15. https://indianexpress.com/article/sports/cricket/mithali-raj-announces-retirement-from-all-forms-of-international-cricket-7958899/
  16. "Mithali Raj on pitch, but 1 1-year wait for 500 yards". http://timesofindia.indiatimes.com/city/hyderabad/mithali-raj-on-pitch-but-1-1-year-wait-for-500-yards/articleshow/59800990.cms. 
  17. "Indian women will play test cricket after eight years, captain Mithali Raj happy". Patrika Group (4 August 2014). Archived from the original on 8 August 2014. https://web.archive.org/web/20140808053426/http://www.patrika.com/news/indian-women-will-play-test-cricket-after-eight-years-captain-mithali-raj-happy/1021699। আহৰণ কৰা হৈছে: 4 August 2014. 
  18. filter=advanced; groupby=series; orderby=batted_score; template=results; trophy=68; type=batting; view=innings "Batting records – Women's One-Day Internationals – Cricinfo Statsguru – ESPN Cricinfo". http://stats.espncricinfo.com/ci/engine/stats/index.html?class=9; filter=advanced; groupby=series; orderby=batted_score; template=results; trophy=68; type=batting; view=innings। আহৰণ কৰা হৈছে: 15 February 2017. [সংযোগবিহীন উৎস]
  19. Express Web Desk (25 June 2017). "India vs England, ICC Women’s World Cup 2017: Mithali Raj creates world record with 7th consecutive fifty". http://indianexpress.com/article/sports/cricket/india-vs-england-icc-women-world-cup-mithali-raj-creates-unique-record-with-7th-consecutive-fifty-4720150/। আহৰণ কৰা হৈছে: 3 July 2017. 
  20. "Records | Women's One-Day Internationals | Batting records | Fifties in consecutive innings | ESPN Cricinfo". Cricinfo. http://stats.espncricinfo.com/ci/content/records/284101.html। আহৰণ কৰা হৈছে: 13 July 2017. 
  21. type=trophy "Records / Women's World Cup / Most runs". http://stats.espncricinfo.com/ci/engine/records/batting/most_runs_career.html?id=68; type=trophy. [সংযোগবিহীন উৎস]
  22. "Records | Women's One-Day Internationals | Individual records (captains, players, umpires) | Most consecutive matches for a team | ESPN Cricinfo". Cricinfo. http://stats.espncricinfo.com/ci/content/records/283479.html। আহৰণ কৰা হৈছে: 26 July 2017. 
  23. "List of Arjuna Awardees". Ministry of Youth Affairs and Sports, Government of India. Archived from the original on 25 December 2007. https://web.archive.org/web/20071225221945/http://yas.nic.in/yasroot/awards/arjuna.htm। আহৰণ কৰা হৈছে: 27 January 2015. 
  24. "Padma Awards 2015". Press Information Bureau. Archived from the original on 26 January 2015. https://www.webcitation.org/6VrWjEuo3?url=http://pib.nic.in/newsite/PrintRelease.aspx?relid=114952। আহৰণ কৰা হৈছে: 25 January 2015. 
  25. "Conclave highlights need for holistic health". www.deccanchronicle.com. 24 September 2017. http://www.deccanchronicle.com/nation/in-other-news/240917/conclave-highlights-need-for-holistic-health.html। আহৰণ কৰা হৈছে: 24 September 2017. 
  26. "Vogue celebrates 10th anniversary with 1st Vogue Women of the Year Awards". Everything Experiential. http://everythingexperiential.businessworld.in/article/Vogue-celebrates-10th-anniversary-with-1st-Vogue-Women-of-the-Year-Awards/26-09-2017-126984/। আহৰণ কৰা হৈছে: 27 September 2017. 
  27. "Mithali Raj features on BBC's 100 Women list - Times of India". The Times of India. http://timesofindia.indiatimes.com/sports/off-the-field/mithali-raj-features-on-bbcs-100-women-list/articleshow/60857009.cms। আহৰণ কৰা হৈছে: 27 September 2017. 
  28. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/10/28/dainik-asam/2999?infinitescroll=1