মিত্ৰদেৱ মহন্ত

অসমৰ সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা

মিত্ৰদেৱ মহন্ত (ইংৰাজী: Mitradev Mahanta), সম্পূৰ্ণ নাম মিত্ৰদেৱ মহন্ত অধিকাৰী অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা। তেখেতে কেইবাখনো গ্ৰন্থ, শিশু সাহিত্য পুথি আৰু নাট ৰচনা কৰি থৈ গৈছে। ১৯৬১ চনত অভিনয়ৰ বাবে তেওঁ সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিল। তেওঁ দুবাৰকৈ অসম সাহিত্য সভাৰ উপ-সভাপতি আৰু চাৰি বছৰকাল অসম সাহিত্য সভাৰ সহঃ সম্পাদকৰ পদত অধিষ্ঠিত আছিল।

মিত্ৰদেৱ মহন্ত
জন্ম ১৮৯৪ চনৰ ১৩ জুন
সৰ্বাইবন্ধা, যোৰহাট, অসম
মৃত্যু ১৯৮৩ চনৰ ২৬ মাৰ্চত
লেটুগ্ৰাম সত্ৰ, যোৰহাট
পেচা সহিত্যিক, শিক্ষাবিদ, অভিনেতা, নাট্যকাৰ, সত্ৰাধিকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি চিৰ চেনেহী মোৰ ভাষা জননী
উল্লেখযোগ্য বঁটা সংগীত নাটক একাডেমী বঁটা (১৯৬১)
সন্তান মোক্ষদেৱ (প্ৰয়াত), আইধান, অনু, ৰেণু

চমু জীৱনী সম্পাদনা কৰক

জন্ম সম্পাদনা কৰক

মিত্ৰদেৱ মহন্তৰ জন্ম হৈছিল ১৮৯৪ চনৰ ১৩ জুন (২৩ জেঠ, ১৮১৬ শক, শনিবাৰ)ত যোৰহাটৰ সৰ্বাইবন্ধাত।[1] তেখেতৰ পিতৃৰ নাম আছিল নিৰঞ্জন দেৱগোস্বামী আৰু মাতৃৰ নাম আছিল বগীতৰা দেৱী[2]

শিক্ষাজীৱন সম্পাদনা কৰক

মিত্ৰদেৱ মহন্তই প্ৰাথমিক শিক্ষাৰ পাতনি মেলিছিল যোৰহাটৰ হেজাৰী প্ৰাথমিক বিদ্যালয়ত। প্ৰাথমিক শিক্ষা সাং কৰাৰ পাছত ১৯০৪ চনত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত নামভৰ্ত্তি কৰে। ১৯১২ চনত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত আই.এ শ্ৰেণীত নামভৰ্ত্তি কৰে। ১৯১৪ চনত সুখ্যাতিৰে আই .এ পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত সংস্কৃত বিষয়ত সন্মানৰ পাঠ্যক্ৰম (অনাৰ্ছ)সহ বি.এ শ্ৰেণীত নামভৰ্ত্তি কৰে। কিন্তু আৰ্থিক অনাটনৰ বাবে কটন কলেজৰ শিক্ষা আধাতে সমাপ্ত কৰি যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। এই বিদ্যালয়ত শিক্ষকতা কৰি থকা সময়তে ১৯২৫ চনত “ঢাকা বিশ্ববিদ্যালয়”ৰ পৰা এল.টি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হয়।[3]

কৰ্ম জীৱন সম্পাদনা কৰক

আৰ্থিক অনাটনৰ বাবে কটন কলেজত বি.এ পাঠ্যক্ৰম অসমাপ্ত কৰি ১৯১৫ চনৰ ৫ জানুৱাৰীত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত সহকাৰী শিক্ষকৰ পদবীত যোগদানেৰে কৰ্ম জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত ১৯৩৭ চনত যোৰহাট নৰ্মাল স্কুলৰ সহকাৰী অধীক্ষকৰ পদত যোগদান কৰে। পিছলৈ ১৯৪৭ চনত গোলাঘাট চৰকাৰী হাইস্কুলত প্ৰধান শিক্ষকৰ পদ শুৱনি কৰে। ১৯৪৯ চনৰ পৰা ১৯৫০ চনলৈ এবছৰ কাল গোলাঘাট গুৰু ট্ৰেইনিং স্কুলৰ অধীক্ষক পদত কাৰ্যনিৰ্বাহ কৰে আৰু সেই পদতেই ১৯৫০ চনত অৱসৰ গ্ৰহণ কৰে। ১৯৫০ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত ধৰ্মীয় পৰম্পৰা অনুসৰি “লেটুগ্ৰাম সত্ৰ”ৰ সত্ৰাধিকাৰৰ নিৰ্মালি গ্ৰহণ কৰি সত্ৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে।

বৈবাহিক জীৱন সম্পাদনা কৰক

মিত্ৰদেৱ মহন্তই ১৯২০ চনত শিৱসাগৰ জিলাৰ গোহাঁই গাঁৱৰ “চুপহা সত্ৰ”ৰ সত্ৰাধিকাৰ প্ৰয়াত দেৱদত্ত মহন্তৰ একমাত্ৰ কন্যা প্ৰয়াত লক্ষ্মীপ্ৰিয়া দেৱীৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে। তেখেতৰ এজন পু্ত্ৰ (মোক্ষদেৱ)আৰু তিনিগৰাকী কন্যা সন্তান (আইধান, অণু আৰু ৰেণু)আছিল।

মৃত্যু সম্পাদনা কৰক

১৯৮৩ চনৰ ২৬ মাৰ্চত (১১ চ’ত, শনিবাৰ) যোৰহাটৰ লেটুগ্ৰাম সত্ৰত মিত্ৰদেৱ মহন্তই ইহলীলা সম্বৰণ কৰে।

সাহিত্যিক অৱদান সম্পাদনা কৰক

গ্ৰন্থৰ নাম প্ৰকাশৰ চন প্ৰকাশক স্থিতি
লেকলৌ লানি ১৯১৫ বৰকটকী কোঃ, যোৰহাট প্ৰকাশিত
বিয়া বিপৰ্যয় ১৯২৪ আসাম কমাৰ্চিয়েল প্ৰেচ, ডিব্ৰুগড় প্ৰকাশিত
জ্ঞান লহৰী প্ৰথম সঃ ১৯২৪
দ্বিতীয় সঃ ১৯৮০
প্ৰকাশিত
চন্দ্ৰহাৰ ১৯২৫ এ বি মিশ্যন প্ৰেছ, যোৰহাট প্ৰকাশিত
ধ্ৰুৱ ১৯২৫, ১৯৩০ ৰত্নধৰ শৰ্মা, যোৰহাট প্ৰকাশিত
মৌ মহাভাৰত ১৯২৫ প্ৰকাশিত
মোহন ভোগ ১৯২৫ বৰকটকী কোঃ, যোৰহাট প্ৰকাশিত
নিবোকা ৰজা ১৯২৮ প্ৰকাশিত
অসমীয়া ধৰ্মাচাৰ্যৰ উপাধি ১৯৩০ হলিৰাম মহন্ত ঠাকুৰ, চকাবাউসী সত্ৰ প্ৰকাশিত
ব্ৰিটিছ সাম্ৰাজ্যৰ বুৰঞ্জী ১৯৩১ মেকমিলান এণ্ড কোঃ কলিকতা প্ৰকাশিত
প্ৰহ্লাদৰ ক-খ ১৯৩৫ প্ৰকাশিত
টেঙৰ-ভেঙৰ ১৯৩৫ প্ৰকাশিত
এটা চুৰট ১৯৩৫ প্ৰকাশিত
ব’হাগী বিহুৰ সুৱাগী নাম ১৯৩৬ মহন্ত ব্ৰাডাৰ্ছ, ডেৰগাঁও প্ৰকাশিত
বলিছলন ১৯৪৬ প্ৰকাশিত
ভোটৰ ৰগৰ ১৯৪৬ প্ৰকাশিত
ভাকুট-কুট[4] ১৯৪৮ প্ৰকাশিত
ল-নি পাঠ (২য় ভাগ) ১৯৪৯ আসাম বুক হাউচ প্ৰকাশিত
ল-নি পাঠ (১ম ভাগ) ১৯৫০ বৰকটকী কোঃ, যোৰহাট প্ৰকাশিত
বৈদেহী বিয়োগ ১৯৫০ বৰকটকী কোঃ, যোৰহাট প্ৰকাশিত
চৰণ ধূলি ১৯৫৫ প্ৰকাশিত
জুনজুনি ১৯৫৫ প্ৰকাশিত
প্ৰচ্ছন্ন পাণ্ডৱ ১৯৫৬ পুথিঘৰ প্ৰেছ, নগাওঁ প্ৰকাশিত
ৰাংঢালী ১৯৫৭ মুনীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, নলবাৰী প্ৰকাশিত
গীতি শতদল ১৯৫৯ লয়াৰ্চ বুক ষ্টল প্ৰকাশিত
অজামিলৰ মুক্তি ১৯৬০ প্ৰকাশিত
থাপনি গুণমালা ১৯৬০ প্ৰকাশিত
স্বৰ্গ নে মৰ্ত্য অপ্ৰকাশিত
গদাপৰ্ব অপ্ৰকাশিত
ঘোষ-যাত্ৰা অপ্ৰকাশিত
নৰনাৰায়ণ অপ্ৰকাশিত
ৰাম-বনবাস অপ্ৰকাশিত
যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ অপ্ৰকাশিত
মিঠা ক খ প্ৰকাশিত
মৌ ৰামায়ণ অসমাপ্ত, অপ্ৰকাশিত
মইনা পাৰিজাত অপ্ৰকাশিত
টেঙৰী আইতা[4] প্ৰকাশিত
ৰসে চৌ চৌ অপ্ৰকাশিত
চেনেহ জৰী প্ৰকাশিত
সৰ্বজনীন অশৌচ বিধি জনকল্যাণ সংঘ, যোৰহাট প্ৰকাশিত
নিৰ্মূল হক মদ কোলাহল

এইবোৰৰ উপৰিও মিত্ৰদেৱ মহন্তৰ আৰু যথেষ্ট সংখ্যক সাহিত্য ৰচনা আছে যিবোৰ সংৰক্ষণৰ অভাৱত প্ৰায় নিশ্চিন্ন হৈ পৰিল। সেইবোৰ যথাক্ৰমে চেঁচা জ্বৰ, টিপ চহী, মেলটৰী, বাটৰ সখা, কুৰুসন্ধ্যা, হাতী দাঁতে হাতী দাঁতে, এক দেৱ, সেন্দূৰী আলি, বৈকুণ্ঠ প্ৰয়াণ, ঘোচামৰ জৰী, মেখেলী পুৰাণ, অম্বা, ৰুক্মিণীহৰণ, কিস্কিন্ধ্যা কাণ্ড, বোম ফটকা, অচিন কাঠৰ থোৰা, ধোদৰ আলি, শ্ৰীমতী, ক্ষেত্ৰ কলংক বা অভিমন্যু বধ, ৰজা হৰিশ্চন্দ্ৰ, কবিতাৰ থুপি, সুৰা সংহাৰ, লংকা দাহ, এক দেউ এক সেউ, বৰ্ষচ্ক্ৰ ফলাফল, জিলিমিলি, কালীয়দমন আৰু চন্দিতা।

স্বীকৃতিসমূহ সম্পাদনা কৰক

  • ১৯৩২-১৯৩৫:অসম সাহিত্য সভাৰ সহঃ সম্পাদকৰ কাৰ্যভাৰ পালন। পৰৱৰ্তী সময়ত দুবাৰকৈ অসম সাহিত্য সভাৰ উপ-সভাপতি পদত অধিষ্ঠিত।
  • ১৯৫৫ চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সংগীত শাখাৰ সভাপতি।
  • ১৯৬১ চনত অভিনয়ৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰয়াত ড॰ ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা সংগীত নাটক একাডেমী বঁটা গ্ৰহণ।
  • ১৯৬৪ চনত অসম সাহিত্য সভাৰ ডিগবৈ অধিৱেশনৰ সভাপতিৰ পদত অধিষ্ঠিত[5]
  • ১৯৭০ ত “যোৰহাট প্ৰাথমিক শিক্ষা পৰিষদ”ৰ অধ্যক্ষ পদত নিযুক্ত।
  • ১৯৭২-৭৭ লৈ যোৰহাট সমিতিৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ।
  • ১৯৮২ চনত অসম সাহিত্য সভাৰ দ্বাৰা “সাহিত্যাচাৰ্য” সন্মানেৰে বিভূষিত।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. আমৰ অসম, তাং: ১৩-০৬-২০১২, প্ৰবন্ধ: মিত্ৰদেৱ মহন্ত : বহুধা ব্যক্তিত্ব প্ৰতিভৰ আকৰ, লেখক: অনুজ গোস্বামী
  2. অসমীয়া প্ৰতিদিন, তাং: ১৩-০৬-২০১২, পৃষ্ঠা নং: ৪, তাং: ১৩-০৬-২০১২, প্ৰবন্ধ: বহুধা-ব্যক্তিত্ব প্ৰতিভাৰ আকৰ, লেখক: ড॰ কৰবী ডেকা হাজৰিকা
  3. "ghy_13062012". Issuu.com. http://issuu.com/assamese/docs/ghy_13062012?mode=window&backgroundColor=%2322222। আহৰণ কৰা হৈছে: 2013-03-25. 
  4. 4.0 4.1 "Books of Assam.com". Archived from the original on 2012-05-25. https://web.archive.org/web/20120525115454/http://www.booksofassam.com/books_category.php?recordID=Satire। আহৰণ কৰা হৈছে: 2012-06-13. 
  5. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।

বাহ্যিক সংযোগ সম্পাদনা কৰক