মিলেনিয়ামৰ সপোন (গ্ৰন্থ)
(মিলেনিয়ামৰ সপোনৰ পৰা পুনঃনিৰ্দেশিত)
মিলেনিয়ামৰ সপোন (ইংৰাজী: Millennimar Sapon) হৈছে অসমীয়া সাহিত্যিক আৰু গল্পকাৰ অৰূপা পটংগীয়া কলিতাৰ এখনি গল্পপুথি৷ ২০০২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত গ্ৰন্থখন ২০১৯ চনত কেঁচাবন্ধা ৰূপত দ্বিতীয়বাৰৰ বাবে প্ৰকাশিত হয়৷ গ্ৰন্থখনিত মুঠ বাৰটা গল্প সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখন তেখেতে পিতৃ শৈলেন্দ্ৰনাথ পটংগীয়ালৈ উচৰ্গা কৰিছে৷[1]
মিলেনিয়ামৰ সপোন | |
---|---|
কেঁচাবন্ধা প্ৰকাশৰ বেটুপাত | |
লেখক | অৰূপা পটংগীয়া কলিতা |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | গল্প |
প্ৰকাশক | লয়াৰ্ছ বুক ষ্টল (২০১৭ সংস্কৰণ) |
প্ৰকাশ | ২০০২ (প্ৰথম প্ৰকাশ) |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ২২৩ |
আই.এচ.বি.এন. | 978-81-7331-389-9 |
লেখকৰ চমু পৰিচয়
সম্পাদনা কৰকপ্ৰধান প্ৰবন্ধ: অৰূপা পটংগীয়া কলিতা
ইংৰাজী সাহিত্যত ডক্টৰেট ডিগ্ৰীধাৰী অৰূপা পটংগীয়া কলিতা এগৰাকী ঔপন্যাসিক, গল্পকাৰ আৰু বৰ্তমান টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা৷ এতিয়ালৈকে কেইবাখনো গল্প-সংকলন আৰু উপন্যাস ৰচনা কৰা সাহিত্যিকগৰাকীয়ে ২০১৪ চনত “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” শীৰ্ষক গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
সংকলনত থকা গল্পসমূহ
সম্পাদনা কৰক- ফুলেশ্বৰী কুঁৱৰীৰ মাতৃগৃহত এসাঁজ ভাত
- এইটি কাৰ দৌল
- কুকুহা
- মিনুৰ শৈশৱ
- শিঙৰি ঘৰ
- কমলা কুঁৱৰীৰ সাধু
- গ্ৰহণ
- ঘূৰণীয়া পৃথিৱীত মাষ্টৰ ৰাধাকান্ত
- চৰাইৰ বাবে এখন থাল অথবা এখন ফুল তোলা ৰুমাল
- ৰাসমেলালৈ পৰিয়ালটো
- অন্ধগলিৰ অন্ধকাৰত
- কাজিৰঙাত মিলেয়নিয়ামৰ সপোন[1]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 কলিতা, অৰূপা পটংগীয়া (২০১৯). মিলেনিয়ামৰ সপোন. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৭. ISBN ৯৭৮-৮১-৭৩৩১-৩৮৯-৯.