মৈথিলীচৰণ গুপ্ত
মৈথিলীচৰণ গুপ্ত (৩ আগষ্ট, ১৮৮৬ – ১২ ডিচেম্বৰ, ১৯৬৪) আছিল প্ৰসিদ্ধ আধুনিক হিন্দী কবি সকলৰ ভিতৰত অন্যতম।[1] খড়িবোলী কাব্যৰ বাটকটীয়াসকলৰ ভিতৰত মৈথিলীচৰণ গুপ্তৰ নাম উল্লেখযোগ্য। যি সময়ছোৱাত প্ৰায়ভাগ হিন্দী কবিয়ে ব্ৰজ উপভাষাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল, সেই সময়ছোৱাত মৈথিলীচৰণ গুপ্তই খড়িবোলী উপভাষাক নিজৰ ৰচনাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল।[2] হিন্দী কবিতাৰ ইতিহাসত মৈথিলীচৰণ গুপ্তৰ যোগদান সকলোতকৈ উচ্চ। পৱিত্ৰতা, নৈতিকতা আৰু পৰম্পৰাগত মানৱীয় সম্বন্ধ ৰক্ষা তেওঁৰ ৰচনাৰ প্ৰথম গুণ যি ‘পঞ্চৱতী’ৰ পৰা ‘জয়দ্ৰথ বধ’, ‘যশোধৰা’ আৰু ‘সাকেত’লৈ প্ৰতিষ্ঠিত তথা প্ৰতিফলিত হৈছে। ‘সাকেত’ হ’ল তেওঁৰ সৰ্বোত্তম সৃষ্টি। ৰাষ্ট্ৰকবি মৈথিলীচৰণ গুপ্তৰ জন্মজয়ন্তী প্ৰত্যেক বছৰৰ ৩ আগষ্টত গোটেই ৰাজ্যত ‘কবি দিৱস’ হিচাপে পালন কৰা হয়। ১৯৫৪ চনত ভাৰত চৰকাৰে মৈথিলী চৰণ গুপ্তক পদ্মভূষণেৰে সন্মানিত কৰে।[3]
মৈথিলীচৰণ গুপ্ত | |
---|---|
জন্ম | লালা মদন মোহন জু ৩ আগষ্ট, ১৮৮৬ চিৰগাঁও, ঝাঞ্চী, উত্তৰ প্ৰদেশ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১২ ডিচেম্বৰ, ১৯৬৪ (৭৮ বছৰ) |
পেচা | কবি, ৰাজনীতিবিদ, নাট্যকাৰ, অনুবাদক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | প্ৰাথমিক: চিৰগাঁও, মাধ্যমিক: মেকড'নাল হাইস্কুল, ঝাঞ্চী |
উল্লেখনীয় কৰ্মৰাজি | পঞ্চৱতী, সিদ্ধৰাজ, সাকেত, যশোধৰা ইত্যাদি |
উল্লেখযোগ্য বঁটা | পদ্মভূষণ (১৯৫৪) |
জীৱন পৰিচয়
সম্পাদনা কৰক১৮৮৬ চনৰ ৩ আগষ্টত উত্তৰ প্ৰদেশৰ ঝাঞ্চীৰ অন্তৰ্গত চিৰগাঁও নামে ঠাইত গাহৈ সম্প্ৰদায়ৰ কনকনে বংশৰ এটি পৰিয়ালত মৈথিলীচৰণ গুপ্তৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল সেঠ ৰামচৰণ গুপ্ত আৰু মাতৃৰ নাম আছিল কাশীবাঈ। তেওঁৰ পিতৃ-মাতৃ বৈষ্ণৱ আছিল। তেওঁলোকে ‘কনকলতাদ্ধ’ নামেৰে কবিতা ৰচনা কৰিছিল। মৈথিলীচৰণ গুপ্তই শিশু অৱস্থাত বিদ্যালয়লৈ যাবলৈ ইচ্ছা কৰা নাছিল, সেয়েহে তেওঁৰ পিতৃয়ে ঘৰতে তেওঁৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰি দিছিল। শিশু অৱস্থাতেই মৈথিলীচৰণ গুপ্তই সংস্কৃত, ইংৰাজী আৰু বঙালী ভাষা অধ্যয়ন কৰিছিল। মহাবীৰ প্ৰসাদ দ্বিবেদী আছিল মৈথিলীচৰণ গুপ্তৰ পৰামৰ্শদাতা। ১৮৯৫ চনত মৈথিলীচৰণ গুপ্তই বিয়া কৰায়।[4] তেওঁ দেৱান শত্ৰুঘ্ন সিংৰ, যাক বুন্দেলখণ্ড কেশৰী বা বুন্দেলখণ্ড গান্ধী বুলি জনা যায়, শিক্ষক আছিল।
সাহিত্যিক কৰ্ম
সম্পাদনা কৰক১২ বছৰ বয়সতেই মৈথিলীচৰণ গুপ্তই ব্ৰজ ভাষাত কবিতা লিখিবলৈ আৰম্ভ কৰে। পোনপ্ৰথমে তেওঁৰ কবিতাসমূহ খড়িবোলী ভাষাত মাহেকীয়া আলোচনী ‘সৰস্বতী’ত প্ৰকাশিত হৈছিল। ১৯১০ চনত তেওঁৰ প্ৰথম কাব্য সংকলন ‘ৰংগ মে ভংগ’ আৰু পাছলৈ ‘জয়দ্ৰথ বধ’ প্ৰকাশিত হৈছিল। মৈথিলীচৰণ গুপ্তই বঙালী কাব্যপুথি ‘মেঘনাথ বধ’, ‘ব্ৰজাংগনা’ৰ অনুবাদো কৰিছিল। ইয়াৰ উপৰিও তেখেতে সংস্কৃতৰ প্ৰসিদ্ধ গ্ৰন্থ ‘স্বপ্ৰ বাসবদত্তা’ৰ অনুবাদ কৰিছিল। ১৯১৪ চনত তেখেতে ৰাষ্ট্ৰীয় ভাৱনাৰে ওতপ্ৰোত ‘ভাৰত-ভাৰতী’ নামৰ কাব্যপুথি প্ৰকাশ কৰিছিল। ‘ভাৰত-ভাৰতী’ৰ বাবে মৈথিলীচৰণ গুপ্তৰ জনপ্ৰিয়তা সৰ্বত্ৰে বিয়পি পৰিছিল। ১৯১৬-১৭ চনত তেখেতে মহাকাব্য ‘সাকেত’ৰ লেখন কাৰ্য আৰম্ভ কৰিছিল। মৈথিলীচৰণ গুপ্তই নিজেই ছপাশাল স্থাপন কৰি নিজৰ কিতাপ ছপাইছিল। ‘সাকেত’ তথা অন্য গ্ৰন্থ ‘পঞ্চৱতী’ আদি ১৯৩১ চনত সম্পূৰ্ণ কৰিছিল। এই কালছোৱাতেই জাতিৰ পিতা মহাত্মা গান্ধীয়ে মৈথিলীচৰণ গুপ্তক ‘ভাৰত-ভাৰতী’ কাব্যপুথিখনৰ বাবে ‘ৰাষ্ট্ৰকবি’ আখ্যা দিছিল।[5] ১৯৩২ চনত তেখেতে ‘যশোধৰা’ ৰচনা কৰিছিল।
চৰকাৰী কাৰ্যালয়
সম্পাদনা কৰক১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পাছত মৈথিলীচৰণ গুপ্ত ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত হয়। ১৯৬৪ চনলৈ অৰ্থাৎ তেওঁৰ মৃত্যুৰ সময়লৈ তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে আছিল।
মুখ্য ৰচনাৰাজি
সম্পাদনা কৰকমহাকাব্য
সম্পাদনা কৰক- সাকেত
খণ্ডকাব্য
সম্পাদনা কৰক- জয়দ্ৰথ বধ
- ভাৰত-ভাৰতী
- পঞ্চৱতী
- যশোধৰা
- দ্বাপৰ
- সিদ্ধৰাজ
- নহুষ
- অঞ্জলি ঔৰ অৰ্ঘ্য
- অজিত
- অৰ্জন ঔৰ বিসৰ্জন
- কাবা ঔৰ কৰ্বালা
- কিষাণ
- কুণাল গীত
- গুৰু টেগ বহাদুৰ
- গুৰুকুল
- জয় ভাৰত
- ঝংকাৰ
- পৃথ্বীপুত্ৰ
- মেঘনাদ বধ
নাটক
সম্পাদনা কৰক- ৰংগ মে ভংগ
- ৰাজা প্ৰজা
- বন বৈভৱ
- বিকট ভট
- বিৰহিণী
- ব্ৰজংগনা
- বৈতালিক
- শক্তি
- সৈৰন্ধ্ৰী
- স্বদেশ সংগীত
- হিডিম্বা
- হিন্দু
অনূদিত
সম্পাদনা কৰক- মেঘনাথ বধ
- বীৰাংগনা
- স্বপ্ৰ বাসবদত্তা
- ৰত্নাৱলী
- ৰুবায়ত (ওমৰ খৈয়াম)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "আৰ্কাইভ কপি". Archived from the original on 2011-08-11. https://web.archive.org/web/20110811031702/http://articles.timesofindia.indiatimes.com/2009-08-04/nagpur/28157631_1_premchand-hindi-literature-anthropologists। আহৰণ কৰা হৈছে: 2016-10-19.
- ↑ Rupert Snell; Ian Raeside (1998). Classics of Modern South Asian Literature. Otto Harrassowitz Verlag. পৃষ্ঠা. 240–. ISBN 978-3-447-04058-7. http://books.google.com/books?id=X9KbhnDC6FAC&pg=PA240। আহৰণ কৰা হৈছে: 26 June 2012.
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on October 15, 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: July 21, 2015.
- ↑ Rishi jaimini Kaushik Barua,, "Ikhattara Varshon ki Abhinandaniya Gatha", in Raashhtarkavi Maithiliisharana Gupt Abhinandan Granth, Ed. Agravaal Vaasudevasharana, 1959, Raashhtarkavi Maithiliisharana Gupt Abhinandan Committee Calcutta, p. 150.
- ↑ राष्ट्रकवि व उनकी भारत भारती, जागरण, Oct 15, 2012
বাহ্যিক সংযোগ
সম্পাদনা কৰক- राष्ट्रीयता के सचेत प्रहरी - मैथिलीशरण गुप्त (প্ৰেছনোট)
- মৈথিলীচৰণ গুপ্ত Archived 2009-04-23 at the Wayback Machine (কবিতাকোষত)
- होगी दीप्त फिर प्राची दिशा (হিন্দী সময়)
- मूल्यों के प्रति आस्था के अग्रदूत राष्ट्रकवि मैथिलीशरण गुप्त[সংযোগবিহীন উৎস] (পঞ্চজন্য)