মৰাণ জনগোষ্ঠী
মৰাণ জনগোষ্ঠী অসমত বাস কৰা চীনা তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-কছাৰী ঠালৰ এটা নৃগোষ্ঠী৷[1] মৰাণ সকলে পূৰ্বে মৰাণ ভাষা কৈছিল যি ডিমাচা ভাষাৰ সৈতে মিলে, কিন্তু বৰ্তমান মৰাণসকলে অসমীয়া ভাষা ব্যৱহাৰ কৰে।[2]
মৰাণ বিহু |
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ |
---|
বিশেষকৈ উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ কেইখনমান জিলা |
ভাষাসমূহ |
মৰাণ ভাষা (ঐতিহসিকভাৱে),অসমীয়া ভাষা |
ধৰ্ম |
সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী |
দেউৰী জনগোষ্ঠী, চুতীয়া জনগোষ্ঠী, ডিমাছা জনগোষ্ঠী, বড়ো জনগোষ্ঠী |
বুৰঞ্জী
সম্পাদনা কৰকঅসমলৈ আগমন
সম্পাদনা কৰকমৰাণ সম্প্ৰদায় অসমৰ এটা পুৰণি জনজাতি। কিছু গৱেষকৰ মতে, তেওঁলোক ম্যানমাৰৰ হুকং উপত্যকাৰ মেংকং (মাইংখ'ঙ) পৰা প্ৰব্ৰজন কৰিছিল।[3] তিনিজন ককাই ভাই মৈৰণ, মইলাং আৰু মৰান আছিল। তাৰে মৰানে পাটকাই পৰ্বত পাৰ হৈ টিপুক নদীৰ পাৰত বাস কৰিছিল।[4] তেওঁৰ অনুসৰণকাৰী সকলক পাছলৈ মৰাণ বুলি জনা যায়l[5] ত্ৰয়োদশ শতিকাত তেওঁলোকে দিছাং আৰু দিহিং নদীৰ মাজৰ ভূখণ্ড দখল কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ দক্ষিণ-পূব কোণত বাস কৰিছিল।[6]ভাৰতৰ উত্তৰ–পূব অংশত মৰাণৰ ইতিহাস বহু পুৰণি। আহোম ৰাজ্যৰ গঠনৰ আগতে তেওঁলোকৰ নিজস্ব স্বতন্ত্ৰ মুখীয়াল আছিল। মৰাণ শব্দটোৰ উৎপত্তি এতিয়াও অস্পষ্ট হৈ আছে।
আহোম ৰাজ্যৰ সৈতে সম্পৰ্ক
সম্পাদনা কৰকআহোম ৰজা চুকাফাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ মৰাণৰ প্ৰধান বদৌছাৰ জীয়েক গোন্ধেশ্বৰী- কন্যাক বিয়া কৰাবলৈ প্ৰস্তাৱ দিলে।[7] প্ৰধান বদৌছাই তেওঁৰ প্ৰস্তাৱ মানি লৈছিল আৰু এইদৰে মৰাণসকল নতুনকৈ সৃষ্টি হোৱা আহোম ৰাজনীতিৰ অংশ হৈ পৰিছিল।[7]
খাদ্য
সম্পাদনা কৰকমৰাণ সকল মূলত আমিষভোজী।[8] মাংস তেওঁলোকৰ প্ৰধান খাদ্য আছিল।[9]
ধৰ্ম
সম্পাদনা কৰকমৰাণ সকলৰ ধৰ্মীয় ৰীতি-নীতি পূৰ্বে কেঁচাই খাটি গোসানীৰ পূজা অৰ্চনা কৰাৰ ধৰণৰ বুলি অনুমান কৰা হয়।[10] বৰ্তমান তেওঁলোকে বৈষ্ণৱ ধৰ্ম পালন কৰে যদিও কিছু ৰীতি-নীতি কেঁচাই খাটিক পূজা কৰা ধৰণৰ, যি বৈষ্ণৱ পন্থাৰ সৈতে অমিল।[11]
সংস্কৃতি
সম্পাদনা কৰকমৰাণসকলৰ ব'হাগ বিহু
সম্পাদনা কৰকমৰাণ সকলৰ কাৰণে ব’হাগ বিহু আদৰৰ বিশেষ প্ৰাধান্য থকা কৃষিমূলীয় লোক-উৎসৱ। প্ৰত্যেক জনগোষ্ঠীয়ে ব’হাগ বিহু নিজৰ নিজৰ গোষ্ঠীগত সুকীয়া সুকীয়া পৰম্পৰাগত বৈশিষ্ট্যৰে পালন কৰাৰ দৰেই মৰাণসকলেও কিছুমান স্বকীয় বৈশিষ্ট্যৰে অতীতৰে পৰা ব’হাগ বিহু পালন কৰি আহিছে। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোত অনবদ্য অৱদান আগবঢ়োৱা ভালেমান জনগোষ্ঠীৰ দৰেই মৰাণসকলেও ব’হাগৰ পহিলা তাৰিখত বিহু পালন নকৰে। বেদৰ বিহুৰ কেইদিনমানৰ পাছতহে মৰাণ সকলে বিহু পাতে। গুৰু ভকতে আলোচনা কৰি যেতিয়াই সুবিধা হয় তেতিয়াই বিহু পাতে। মংগলবাৰে উৰুকা, বুধবাৰে গৰু বিহু, বৃহস্পতিবাৰৰ পৰা মানুহ বিহু ৰূপত বিহু অতীতৰে পৰা পালন কৰি আহিছে।[12] মঙ্গলবাৰে উৰুকা বুলি ধৰি লৈ বিহু পতাৰ কাৰণবিলাক হ’ল-
- আদিতে মৰাণ সকলে অৰ্থাৎ ভীষ্মক ৰজাৰ দিনৰে পৰা শদিয়াৰ কেঁচাইখাটি গোসানীৰ শালত নতুন বছৰৰ পূজা পাতলৰ কাম মঙ্গল বাৰে আৰম্ভ কৰিছিল।
- মৰাণৰ দুজন গুৰু শ্ৰীশ্ৰীচতুৰ্ভুজ আৰু শ্ৰীশ্ৰীঅষ্টভুজ প্ৰভুক বিহুৰ দিনতে যথাক্ৰমে মঙ্গলবাৰে আৰু বুধবাৰে আহোম ৰজাই হত্যা কৰোৱায়। গুৰু দুজনাৰ স্মৰণাৰ্থে মঙ্গল আৰু বুধবাৰে গুৰু দুজনাৰ তিথি পতাৰ পাছতহে বেদৰ বিহুৰ পাছত বিহু পাতি আহিছে।
- কুৰঙ্গনয়নীৰ হতুৱাই ৰাঘৱ মৰাণক বিহুৰ দিনাই হত্যা কৰা হৈছিল। সেয়ে আহোম ৰজাই পতা বিহুৰ সৈতে মৰাণ সকলে বিহু নাপাতে আৰু হুঁচৰি নাগায়।
- দ্বাপৰ যুগত বলভদ্ৰই বৃন্দাবনত পঞ্চ মাহ মতে বহাগ বিহুৰ প্ৰথম দিনা ভোজ সেৱা কৰি বিহু আৰম্ভ কৰাৰ কথা পোৱা যায়। মৰাণ সকলো বলোভদ্ৰৰ গুণত বিমুগ্ধ হ'ব পাৰে।[13]
মৰাণসকলে উৰুকাৰ দিনা অৰ্থাৎ মংগলবাৰে মাটি নাখান্দে, সেয়ে মাটি খন্দা প্ৰয়োজনীয় সকলোখিনি কাম সোমবাৰে বা তাৰ আগতেই কৰি থৈ দিয়ে। উৰুকাৰ দিনা বুধবাৰে গৰুৰ গা ধুৱাবলৈ যাৱতীয় সকলোধৰণৰ সামগ্ৰী, যেনে - মাখিয়তী, দীঘলতী,তৰাগছ আদিৰ উপৰি বেঙেনা, থেকেৰা, হালধি আদি জা-যোগাৰ কৰি লয়। নিশাৰ ভাগলৈ 'চাট' সাজে। পিছদিনা পুৱাই এটা টোপধ্বনিৰে আগজাননী দিয়াৰ লগে লগে গৰুবোৰ দীঘলতী-মাখিয়তী আদিৰে কোবাই মাখি খেদি ন-পানী থকা পথাৰ অথবা জান-জুৰিলৈ লৈ যায়। গৰু গা ধুওৱাৰ আগে আগে আৰু এটা টোপধ্বনিৰে জাননী দিয়াৰ লগে লগে গৰুৰ গা ধুৱায়। চাটৰ পৰা গৰুৰ গালৈ লাও-বেঙেনা আদি উলিয়াই লাও খা, বেঙেনা খা বুলি কৈ দলিয়াই আৰু সৰ্বশেষত মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু বুলি কৈ গৰু গা ধুওৱা অনুষ্ঠানটো সামৰণি মাৰে।
দ্বিতীয় দিনা বৃহস্পতিবাৰে মানুহ বিহু। প্ৰথম মানুহ বিহু দিনাখন ঘৰৰ মানুহ বিশেষকৈ ঘৰখনৰ মুৰব্বীজন কলৈকো নাযায়। মৰাণ সকলে বিশ্বাস কৰে যে সেইদিনা ঘৰৰ মানুহ ঘৰত পাব লাগে। দ্বিতীয় দিনাই কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই সন্মান যাচে। শুক্ৰবাৰৰ দিনা জী-জোঁৱাইসকলে শাহু-শহুৰেকৰ ঘৰলৈ গৈ বছৰটোৰ বিহুৰ সেৱা সন্মান কৰে। সেয়ে এই দিনটোক 'আলহী যোৱা' বুলিও কয়। এই শুক্ৰ বাৰ ৰ পৰাই মৰানসকলৰ বিহু পকী উঠে। শনিবাৰে ভকতসকলে নামঘৰত কীৰ্তন কৰি ধৰ্মগুৰুলৈ মাননি আগবঢ়ায় আৰু দেওবাৰে নামলৈ মাননি আগবঢ়ায়।[12]
মৰাণ ডেকা-গাভৰুসকলে মুকলি পথাৰতহে বিহু পাতে। বিহু পাতিবলগীয়া ঠাইখনত ডেকা -গাভৰুসকলে শ্ৰমদান কৰি এটা "বিহু ঘৰ" সাজি লয়। এই ঘৰটোত দুটা ভাগ থাকে। এভাগত ডেকাসকলে আৰু আনভাগত গাভৰু সকলে বেলেগে বেলেগে ৰাতি বিহু মাৰে। বিহুত কিছু সময় হুঁচৰি গোৱাৰ দৰে চক্ৰাকাৰে ঘূৰি ঘূৰি ঘোষা গোৱা হয়। বিহুত অংশ্ৰগ্ৰহণ কৰা গাভৰুসকলে কাণত কেৰু, ডিঙিত মাদুলি, হাতত গামখাৰু আদি আ-অলংকাৰ, মুগা বা পাটৰ মেখেলা,'কলিয়া ৰিহা' পৰিধান কৰে। কলিয়া ৰিহা মৰাণ সকলৰ স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত সাজ। বিহু ঘৰত বিহু গাবলৈ যাওঁতে ডেকাসকলে চুৰিয়া আৰু গাত এঙা চোলা পিন্ধে। আবেলি হোৱাৰে পৰা এখন গাঁৱৰ ডেকাসকলে আন এখন গাঁৱৰ বিহু খোলালৈ গৈ নাচনীক নচুৱায়। নিজৰ গাঁৱৰ ডেকাই, নিজৰ গাঁৱৰ ছোৱালীক সাধাৰণতে ননচুৱায়। কাৰণ নিজৰ গাঁৱৰ মাজত তেজ-মঙহৰ সম্বন্ধ থকা ছোৱালী থাকিব পাৰে। আন গাৱঁৰ বিহুৱা ডেকা বিহু খোলালৈ আহিলে গাভৰুসকলে নিজৰ হাতৰ টকা ডেকাসকলক দি বিহুগীত গাবৰ বাবে আহ্বান জনাই নিজেও নাচে। এইদৰে গধূলিলৈকে নাচি-বাগি পাৰ কৰি কটায়।
বিহু সামৰণি মৰাৰ দিনটোক 'বিহু উৰুৱা'বুলি কয়। বিহু উৰুৱা দিনটো ডেকা গাভৰুসকলৰ বাবে আনন্দ মিশ্ৰিত বেজাৰৰ দিন। সেয়ে গায় -
- "হাঁচতি ঐ ধান খোৱা চৰাই অতি চেনেহৰে ব'হাগৰ বিহুতি হাততে মলঙি যায়।"
- "হাঁচতি ঐ সাপৰ কলপ বিহু থৈ আহোঁগৈ নামঘৰৰ তলত।[12]"
- মৰাণসকলে ৰঙালী বিহুত গোৱা গীতবোৰত বুৰঞ্জী, কিংবদন্তি লিপিবদ্ধ হৈ থকাৰ উপৰি সমাজৰ সাংস্কৃতিক জীৱন প্ৰতিফলিত হয়। বিহু গীতবোৰ এনেধৰণৰ -
(ক) "দীঘলী পাটীতে তোমাক বন্দী কৰোঁ ভৰে দুপৰীয়া, ৰাতি ...।" (খ) "উজাই নাৱৰীয়া বালিত ভাতে খালে গছকি পুতিলে তৌ....।" [12]
ধৰ্ম হুঁচৰি
সম্পাদনা কৰককোনো কোনো অঞ্চলৰ মৰাণসকলে ধৰ্ম হুঁচৰি পালন কৰে৷[14] এই হুঁচৰিত ছোৱালীয়ে অংশ গ্ৰহণ নকৰে।[14] ধৰ্ম হুঁচৰিত বিহুগীতৰ ঠাইত ধৰ্মীয় গীত গোৱা হয়। বয়সীয়াল আৰু ভক্তসকলেহে এই সাধাৰণ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে।[14] এই হুঁচৰিত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত পৰিৱেশন কৰা হয়। ধৰ্ম হুঁচৰি প্ৰতি বছৰে কৰা নহয়।[14]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ DeLancey, Scott (2012-01-01). "On the Origins of Bodo-Garo". North East Indian Linguistics. Foundation Books. পৃষ্ঠা. 3–20. doi:10.1017/upo9789382264521.003. ISBN 978-93-82264-52-1.
- ↑ Jacquesson, François; van Breugel, Seino (2017-11-03). "The linguistic reconstruction of the past: The case of the Boro-Garo languages". Linguistics of the Tibeto-Burman Area খণ্ড 40 (1): 108. doi:10.1075/ltba.40.1.04van. ISSN 0731-3500.
- ↑ (Deka 2015:363)
- ↑ (Deka 2015:363)
- ↑ (Deka 2015:363)
- ↑ Dutta, Sristidhar (1985), The Mataks and their Kingdom, Allahabad: Chugh Publications page 21
- ↑ 7.0 7.1 Dutta, Sristidhar (1985), The Mataks and their Kingdom, Allahabad: Chugh Publications page 24
- ↑ (Deka 2015:364)
- ↑ (Deka 2015:364)
- ↑ (Deka 2015:364)
- ↑ (Deka 2015:364)
- ↑ 12.0 12.1 12.2 12.3 লেখাৰু জিতু কুমাৰ. পৃষ্ঠা. ৩৭.
- ↑ "মৰাণ মটক মায়ামৰা"শ্ৰী কুমাৰ দহোটীয়া
- ↑ 14.0 14.1 14.2 14.3 Mridul Moran (2017). "The Bihu Festival of the Morans of Assam, India". International Journal of Humanities and Social Science Invention (IJHSSI) (www.ijhssi.org) খণ্ড 6 (12): 36-37. ISSN 2319-7722. https://www.ijhssi.org/papers/v6(12)/Version-3/G0612033637.pdf। আহৰণ কৰা হৈছে: 12 October 2024.
উৎস প্ৰসংগ
সম্পাদনা কৰক- Deka, Juri (2015-07-31). "The Moran Tribe of Tinsukia District of Assam: A Study of Their Ethno – History". The International Journal of Humanities & Social Studies. ISSN 2321-9203. https://www.internationaljournalcorner.com/index.php/theijhss/article/view/140227। আহৰণ কৰা হৈছে: 2024-09-16.