যমুনা টুডু

ভাৰতীয় পৰিৱেশ কৰ্মী

যমুনা টুডু (ইংৰাজী: Jamuna Tudu) এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী। তেওঁ আৰু আন পাঁচগৰাকী মহিলাই তেওঁ বাস কৰা গাঁৱৰ ওচৰত অবৈধভাৱে গছ কটা ৰোধ কৰিছিল আৰু ই পিছলৈ এই কাৰ্য এটা সংগঠনলৈ সম্প্ৰসাৰিত হৈছিল। ঝাৰখণ্ডত কাঠ মাফিয়া আৰু নক্সালৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁক লেডী টাৰ্জান বুলি কোৱা হয়।[5] তেখেতে “বন সুৰক্ষা সমিতি’’ৰ প্ৰতিষ্ঠাপক৷ এই সমিতিয়ে ঝাৰখণ্ডৰ তেওঁলোকৰ গাঁৱৰ ওচৰত অবৈধভাবে গছ কটা ৰোধ কৰে।[6][7]

যমুনা টুডু

২০১৭ চনত টুডু
জন্ম ডিচেম্বৰ ১৯ , ১৯৮০ (৪৩ বছৰ)[1]
ময়ুৰভঞ্জ, উৰিষ্যা [2]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম লেডী টাৰ্জান
সক্ৰিয় হৈ থকা সময় ১৯৯৮- বৰ্তমানলৈ [3]
জনা যায় পৰিবেশকৰ্মী
দাম্পত্যসঙ্গী মানসিং টুডু (বি. ১৯৯৮)[4]
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী

প্ৰাথমিক জীৱন সম্পাদনা কৰক

যমুনা টুডুৰ জন্ম হৈছিল ১৯৮০ চনৰ ১৯ ডিচেম্বৰত, ভাৰতৰ ময়ুৰভঞ্জত, ওড়িশাৰ ৰায়ৰাংপুৰত।[8] বন ধ্বংস কৰা কাঠ মাফিয়াগিৰিৰ বিৰুদ্ধে যুঁজিবলৈ যমুনা টুডুৱে তেওঁৰ বয়স ১৮ বছৰ হওঁতেই সিদ্ধান্ত লৈছিল আৰু অৰণ্য ৰক্ষাৰ বাবে যুঁজ দিবলৈ হাতত ধনু-কাঁড় লৈছিল আৰু বন মাফিয়াৰ গতিবিধি ট্ৰেক কৰি “বনকৰ্মী’’ক ৰিপৰ্ট দিবলৈ ঠিক কৰিছিল৷[9]

যমুনা টুডুৱে প্ৰকৃতিক বৰ ভাল পাইছিল৷ ১৯৯৮ চনৰ পৰাই তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল। তাৰ পিছত যমুনাৰ বিয়া হয় আৰু তেওঁ ঝাৰখণ্ডৰ চাকুলীয়া ব্লকৰ মুতুৰ্খাম গাঁৱৰ শাহুৱেকৰ ঘৰত উপস্থিত হৈছিল। সেই সময়ত বন মাফিয়াই নিৰ্বিচাৰে মুতুৰ্খাম গাঁৱৰ সমীপৰ হাবিত গছ কাটি টহিলং কৰিছিল। ঘৰৰ দুৱাৰৰ পৰা দেখা পোৱা হাবিখনৰ এই অৱস্থা দেখি যমুনাই গছবোৰ বচাই বন মাফিয়াক এখুন্দা দিবলৈ সিদ্ধান্ত ল’লে৷ তাৰ পিছৰ পৰা তেওঁৰ বন ৰক্ষাৰ এই প্ৰক্ৰিয়াটো চলি থাকিল। যমুনাক এই সকলোবোৰ কৰিবলৈ পৰিয়ালটোৱে বাধা দিছিল যদিও তেওঁ গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি হাবিখন বচাবলৈ অভিযানত নামিল। বহুবাৰ তেওঁলোক দুবৃত্তৰ দ্বাৰা মাৰাত্মক আক্ৰমণৰ বলি হৈছিল[10] কিন্তু যমুনাই কেতিয়াও হাৰ মনা নাছিল আৰু বনাঞ্চলখন বচাবলৈ লোৱা সিদ্ধান্তত তেওঁ অটল আছিল৷ [11][12] টুডুৱে তেওঁৰ গাঁৱৰ সমীপত অবৈধভাৱে গছ কটা ৰোধ কৰিবৰ বাবে আন পাঁচগৰাকী মহিলাৰ সৈতে “বন সুৰক্ষা সমিতি’’ গঠন কৰিছিল আৰু ইয়াৰ পিছত ইয়াৰ কাৰ্যসূচীৰ সম্প্ৰসাৰণ ঘটিছিল।[13][14][15] তেওঁ কৰা কামৰ বাবে ২০১৯ চনত ভাৰত চৰকাৰৰ “পদ্মশ্ৰী’’ সন্মান লাভ কৰে৷[16] ২০১৭ চনত তেওঁ “Women Transforming India’’ বঁটা লাভ কৰে৷ [17] ২০১৪ চনত লাভ কৰে “Godfrey Phillips National Bravery Awards’’ বঁটা৷ [18] ২০২০ চনত এইটো ঘোষণা কৰা হৈছিল যে তেওঁ আৰু আন এগৰাকী প্ৰকৃতিপ্ৰেমী চামি মুৰ্মু ঝাৰখণ্ডৰ বনাঞ্চল ৰক্ষাৰ বাবে একত্ৰিত হ’ব লাগিব। প্ৰেছত দুয়োকে লেডী টাৰ্জান বুলি কোৱা হৈছিল। চামি মুৰ্মুৰ সংগঠনত ৩ হাজাৰ সদস্য আছে আৰু তেওঁলোকে একেলগে কিছু সহযোগিতাৰে কাম কৰিলে অধিক সুফল পোৱাৰ আশা আছে।[19]

প্ৰধানমন্ত্ৰীৰ প্ৰশংসা সম্পাদনা কৰক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কি বাতত ৰাইজক সম্বোধন কৰি টুডুৰ কামৰ শলাগ লৈ কয় যে যমুনা টুডুৱে কাঠৰ মাফিয়া আৰু নক্সালবাদীক এশিকনি দিয়াৰ দুঃসাহসিক অভিযান কৰিছে। তেওঁ কেৱল ৫০ হেক্টৰ অৰণ্য বিধ্বস্ত হোৱাৰ পৰা ৰক্ষা কৰাই নহয়, ১০ হাজাৰ মহিলাক একত্ৰিত কৰি গছ-গছনি আৰু বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ প্ৰেৰণা যোগাইছিল। বৰ ভাল কথা যে আজি এই গাঁৱৰ ৰাইজে এটি সন্তানৰ জন্মৰ দিনা ১৮ টা আৰু ছোৱালীৰ বিয়াত ১০ টা গছ ৰোপণ কৰে।[20]

বঁটা সম্পাদনা কৰক

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. "महिला ब्रिगेड संग जंगल माफिया से लेती हैं लोहा, राष्ट्रपति से सम्मान पा चुकी हैं जमुना टुडू" (hi ভাষাত). Jansatta. 13 August 2019. https://www.jansatta.com/photos/picture-gallery/lady-tarzan-jamuna-tudu-takes-timber-mafia-know-unknown-facts-see-photos/1117888/. 
  2. "लकड़ी माफिया से निपट रही झारखंड की ये लेडी टार्जन". Firstpost Hindi. 12 November 2017. https://hindi.firstpost.com/india/odisha-born-jamuna-tudu-the-lady-tarzan-who-dares-timber-mafia-in-jharkhand-pr-66394.html. 
  3. "पेड़ों की रक्षा के लिए दांव पर लगाई अपनी जान, पद्मश्री जमुना टुडू को अब दुनिया कहती है लेडी टार्जन". News18 India. https://hindi.news18.com/news/jharkhand/east-singhbum-padmashree-jamuna-tudu-alone-fought-to-protect-trees-now-being-called-lady-tarzan-jhnj-2895799.html. 
  4. "पर्यावरण संरक्षण के संकल्प ने गांव की बहू को दिलाया वन रत्न सम्मान : यमुना" (hi ভাষাত). Dainik Bhaskar. 30 July 2017. https://www.bhaskar.com/news/JHA-MAT-latest-chakulia-news-021503-3087514-NOR.html. 
  5. "Lady Tarzan ready for bigger challenge". www.telegraphindia.com. https://www.telegraphindia.com/jharkhand/lady-tarzan-ready-for-bigger-challenge/cid/1742339. 
  6. "Meet Padma Shri Jamuna Tudu: ‘Lady Tarzan’ Of Jharkhand Forests". KalingaTV. 30 January 2019. https://kalingatv.com/features/meet-padma-shri-jamuna-tudu-lady-tarzan-of-jharkhand-forests/. 
  7. Mohan, Shriya. "She came, she saw, she saved" (en ভাষাত). @businessline. https://www.thehindubusinessline.com/blink/know/she-came-she-saw-she-saved/article9978036.ece#. 
  8. "Bollywood discovers Chakulia’s Lady Tarzan". www.telegraphindia.com. https://www.telegraphindia.com/jharkhand/bollywood-discovers-chakulias-lady-tarzan/cid/1695706. 
  9. "Independence Day: इन 5 आदिवासी महिला कार्यकर्ताओं ने उठाई बुलंद आवाज, 'आजादी' के सही अर्थ से कराया रूबरू". News18 India. https://hindi.news18.com/news/lifestyle/independence-day-2020-these-five-tribal-women-activists-raised-loud-voice-got-aware-of-the-true-meaning-of-freedom-pur-3203770.html. 
  10. "How a tribal woman took on a forest mafia and won". OnManorama. https://www.onmanorama.com/lifestyle/women/2017/11/05/tribal-woman-jamuna-tudu-fought-forest-mafia.html. 
  11. "Lady Tarzan Jamuna Tudu who takes on timber mafia". Indian Express. 12 November 2017. https://indianexpress.com/article/india/lady-tarzan-jamuna-tudu-who-takes-on-timber-mafia-4934084/। আহৰণ কৰা হৈছে: 26 January 2019. 
  12. "जंगल बचेगा तो पृथ्वी सुरक्षित रहेगा : यमुना टुडू" (hi ভাষাত). livehindustan.com. https://www.livehindustan.com/jharkhand/ghatsila/story-jungle-will-survive-if-earth-will-be-safe-yamuna-tudu-2520514.html. 
  13. "Padma Awards". Padma Awards ,Government of India. https://padmaawards.gov.in/PDFS/2019AwardeesList.pdf। আহৰণ কৰা হৈছে: 25 January 2019. 
  14. "Jamuna Tudu and her team protect the jungle around her village from the forest mafia". Srijani Ganguly. India Today. 22 November 2017. https://www.indiatoday.in/lifestyle/people/story/jamuna-tudu-van-suraksha-samiti-team-protect-jungle-deforestation-mathurgham-jharkhand-lifest-1091769-2017-11-22। আহৰণ কৰা হৈছে: 30 January 2019. 
  15. "Women Transforming India Awards 2017: Meet the 12 incredible winners who transformed India". Financial Express. 29 August 2017. https://www.financialexpress.com/india-news/women-transforming-india-awards-2017-meet-the-12-incredible-winners-who-transformed-india/831531/। আহৰণ কৰা হৈছে: 30 January 2019. 
  16. "झारखंड की चार हस्तियों को पद्मश्री पुरस्कार" (hi ভাষাত). Dainik Jagran. https://www.jagran.com/jharkhand/ranchi-four-people-of-jharkhand-padma-shri-award-18892707.html. 
  17. "Women Transforming India - Jamuna Tudu". https://niti.gov.in/sites/default/files/2018-12/Women-Transforming-India-2017-Awardees.pdf। আহৰণ কৰা হৈছে: 16 August 2020. 
  18. "This Tribal Lady & Her Band Saved 50 Hectares of Forests for 20 Years!". The Better India. 6 November 2017. https://www.thebetterindia.com/120193/this-tribal-lady-and-her-band-of-women-saved-50-hectares-of-forests-for-20-years/. 
  19. "Green warriors to join forces" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/jharkhand/green-warriors-to-join-forces/cid/1753819। আহৰণ কৰা হৈছে: 2020-04-10. 
  20. "मन की बात कार्यक्रम में झारखंड की जमुना टू डू के द्वारा किए गए कार्यों की सराहना". Archived from the original on 8 May 2019. https://web.archive.org/web/20190508083042/http://newstodayjharkhand.com/%E0%A4%AE%E0%A4%A8-%E0%A4%95%E0%A5%80-%E0%A4%AC%E0%A4%BE%E0%A4%A4-%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%AE-%E0%A4%AE%E0%A5%87%E0%A4%82-%E0%A4%9D%E0%A4%BE/. 
  21. "झारखंड की चार हस्तियों को पद्मश्री पुरस्कार" (hi ভাষাত). Dainik Jagran. https://www.jagran.com/jharkhand/ranchi-four-people-of-jharkhand-padma-shri-award-18892707.html.