যোগেন্দ্ৰনাৰায়ণ ভূঞা এগৰাকী অধ্যাপক, লেখক, সম্পাদক, অনুবাদক। তেখেত আছিল ঊনবিংশ শতিকাৰ অসমীয়া সাহিত্যৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি। তেখেতে বিশ্বকোষৰ চতুৰ্থ খণ্ড সম্পাদনা কৰাৰ লগতে অসম সাহিত্য সভা পত্ৰিকাৰো কেইবাটাও সংখ্যা সম্পাদনা কৰিছে। পুৰণা দুষ্প্ৰাপ্ৰ্য পুথি উদ্ধাৰৰ ক্ষেত্ৰতো তেখেতৰ অৱদান উল্লেখযোগ্য। [1]

জন্ম আৰু পৰিচয় সম্পাদনা কৰক

যোগেন্দ্ৰনাৰায়ণ ভূঞাৰ পিতৃৰ নাম গণেশ চন্দ্ৰ ভূঞা আৰু মাতৃৰ নাম বকুলি ভূঞা। তেখেতৰ জন্ম হয় ১৯৩৯ চনৰ ২৯ অক্টোবৰ তাৰিখে। জন্মস্থান হৈছে নগাঁও জিলাৰ শিঙীয়া পোতনি মৌজাৰ তেলীয়াগাঁও। তেখেতৰ বিবাহ সম্পন্ন হয় ১৯৬৫ চনৰ ৭ মাৰ্চ, কলিয়াবৰৰ মাধন খাউন্দৰ সৈতে।[1]

শিক্ষা সম্পাদনা কৰক

বৃত্তিআৰু সামাজিক কৰ্ম সম্পাদনা কৰক

তেখেতে বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ হাইস্কুলত (নগাঁও, ১৯৫৯-৬৫ চন) শিক্ষকতাৰে জীৱন আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত নগাঁও ছোৱালী কলেজ (অসমীয়া বিভাগ), ১৯৬৫-৯৬ চনলৈকে অধ্যাপক ৰূপে সোৱা আগবঢ়ায়। তেখেত কিছু বছৰৰ বাবে (১৯৯৬-৯৯ চন) অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হৈছিল। তেওঁ আছিল নগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদ। তেখেত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদকো আছিল। সেইদৰে ভূঞা সাহিত্য অকাডেমিৰ ভাষা উপদেষ্টা সমিতিৰ সদস্যও আছিল।[1]

সাহিত্যকৃতি সম্পাদনা কৰক

মৌলিক গ্ৰন্থ সম্পাদনা কৰক

  • মহাফেজখানাৰ খিড়িকীয়েদি (কমী-ৰূপক এণ্টাৰপ্ৰাইজ, নগাঁও, ১৯৮৬)
  • কিশোৰৰ শংকৰদেৱ (ৰূমী-ৰূপক এণ্টাপ্ৰাইজ, নগাঁও, ১৯৮৬)
  • দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা (বিজয় মজিন্দাৰ বৰুৱা, শিৱসাগৰ, ১৯৮৮)
  • ঊনবিংশ শতিকাৰ অসম-সংবাদ (অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ১৯৯০)
  • উৱলি যোৱা নথিৰ পৰা (গ্ৰন্থকাৰ, ১৯৯১)
  • সদাগৰ ভোলানাথ বৰুৱা (ডিফু সাহিত্য সভা, ১৯৯৩)
  • ঊনবিংশ শতিকাঃ সৃষ্টি আৰু চেতনা (লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৮)
  • গুণাভিৰাম বৰুৱা (মন'গ্ৰাফ, সাহিত্য অকাডেমি, নতুন দিল্লী ২০০১)
  • গুণাভিৰাম বৰুৱা (আবিলেক, গুৱাহাটী, ২০০১)
  • কৃপাবৰ বৰুৱালৈ চিঠি (মহেশ্বৰী-প্ৰিয় প্ৰকাশন, হাটবৰ, নগাঁও ২০০২)
  • বেজবৰুৱা-কবিতাৰ বাস্তৱিকতা (কথা, গুৱাহাটী, ২০০৫)
  • সাহিত্য চৰ্চা (অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৬)
  • নৈৰ্ব্যক্তিক (মহেশ্বৰী প্ৰিয় প্ৰকাশন, হাটবৰ, নগাঁও ২০০৭)
  • নিবন্ধ ঊনবিংশ (অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৭)

সম্পাদিত সম্পাদনা কৰক

বঁটা সম্পাদনা কৰক

  • শ্ৰমিকপ্ৰাণ সৰ্বেশ্বৰ বৰদলৈ অসম সাহিত্য সভা বঁটা, ২০০২
  • আনন্দৰাম বৰুৱা বঁটা, ২০০৬
  • কৃষ্ণ কান্ত সন্দিকৈ সোঁৱৰণী বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ)[4]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 আলপনা সৰকাৰ ডেকা আৰু অদিতি বৰুৱা (২০০৭). যোগেন্দ্ৰনাৰায়ণ ভূঞাঃ নীৰৱতাৰ শব্দ গ্ৰন্থ. প্ৰকাশক গুৱাহাটী: মহেশ্বৰী প্ৰিয় প্ৰকাশন. পৃষ্ঠা. আগকথা. 
  2. "Ratneswar Mahanta Rachanavali ( ৰত্নেশ্বৰ মহন্ত ৰচনাৱলী )". https://publicationboardassam.com/product/ratnewar-mahanta-rachanavali/। আহৰণ কৰা হৈছে: 25 December 2023. 
  3. "সৃষ্টি ত্ৰিবিধা, যোগেন্দ্ৰ নাৰায়ণ ভূঞা (সম্পাঃ)". http://www.muninbarkotoki.org/assamese/mbk/books.html। আহৰণ কৰা হৈছে: 25 December 2023. 
  4. "অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ বঁটা৷". অসম চৰকাৰ. https://culturalaffairs.assam.gov.in/as/information-services/বৃত্তি-আৰু-পুৰস্কাৰ-সমূহ। আহৰণ কৰা হৈছে: 25 December 2023. 

প্ৰসঙ্গ পুথি সম্পাদনা কৰক