লম্বোদৰ বৰা
লম্বোদৰ বৰা (ইংৰাজী: Lambodar Bora) (১৮৬০-১৮৯২) অসমীয়া সাহিত্যৰ জোনাকী যুগৰ এগৰাকী প্ৰসিদ্ধ লেখক আছিল। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম[1]। অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠাৰ আঁৰত এখেতৰ অৱদান অতিকৈ উল্লেখযোগ্য[2]।
লম্বোদৰ বৰা | |
---|---|
জন্ম | ১৮৬০ খালিপোকীয়া গাঁও, দৰং জিলা, অসম |
মৃত্যু | ১২ এপ্ৰিল, ১৮৯২ |
পেচা | আইনজ্ঞ, লিখক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
শিক্ষা | বি এ, বি এল |
সময় | অসমীয়া সাহিত্যৰ জোনাকী যুগ |
চমু জীৱনী
সম্পাদনা কৰকলম্বোদৰ বৰা জন্ম হয় ১৮৬০ চনত দৰং জিলাৰ গমিৰি মৌজাৰ খালিপোকীয়া গাঁৱত হৈছিল[2]৷ তেখেতৰ পিতৃৰ নাম বৃকোদৰ কাকতি৷ ১৮৭৭ চনত তেজপুৰৰ মজলীয়া বিদ্যালয়ৰ পৰা ছাত্ৰ বৃত্তি পৰীক্ষা উত্তীৰ্ণ হয় আৰু তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ পৰৱৰ্তী সময়ত তেখেতে কলিকতাৰ মেট্ৰোপলিটান ইনষ্টিটিউচনত নাম ভৰ্ত্তি কৰে৷ কলিকতাৰ পৰাই এফ.এ. আৰু ১৮৮৭ চনত স্নাতক উপাধি অৰ্জন কৰে৷ আনুষ্ঠানিক শিক্ষা সমাপ্ত হোৱাৰ পাছতে তেখেতে "কোহিমা হাইস্কুল"ৰ প্ৰধান শিক্ষক পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে৷ দুবছৰ তেওঁ সেই পদতে কাৰ্যনিৰ্বাহ কৰাৰ পাছত পুনৰ কলিকতালৈ গৈ আইনৰ শিক্ষা গ্ৰহণ কৰে আৰু বি.এল. ডিগ্ৰী লাভ কৰি তেজপুৰলৈ আহি আইনজ্ঞ ৰূপে অধিষ্ঠিত হয়[2]৷
সাহিত্যিক অৱদান
সম্পাদনা কৰকলম্বোদৰ বৰাই বিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰা সাহিত্য-চৰ্চা আৰম্ভ কৰিছিল৷ আসাম বিলাসিনী, "আসাম তৰা", আসাম নিউজ আদি কাকত আলোচনীত নিয়মিতভাৱে লিখামেলা কৰিছ্লি[2]৷ আসাম বন্ধুত প্ৰকাশিত ’সদানন্দৰ কলা ঘূমটি’, ’সদানন্দ নতুন অভিধান’ ’সদানন্দৰ সমাচাৰ’ আদি ব্যংগ সাহিত্য ৰচনা কৰিছিল৷ ’শকুন্তলা’ নাটকখন তেখেতে সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছিল[2]৷ ’ল’ৰাবোধ’ আৰু ’জ্ঞানোদয়’ বৰাৰ দুখন প্ৰকাশিত পাঠ্যপুথি[3]৷ ’ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জীৱন চৰিত’ আৰু ’সমাজ দৰ্পন’ নামৰ পুথি দুখন অসমাপ্ত অৱস্থাত থাকোতেই ১৮৯২ চনৰ ১২ এপ্ৰিলত হাইজা ৰোগত আক্ৰান্ত হৈ মৃত্যুৱৰণ কৰে[2]৷
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Satyendranath Sarma (1976). A History of Indian Literature: Modern Indo-Aryan literatures. Assamese literature. Otto Harrassowitz Verlag. পৃষ্ঠা. 95–. ISBN 978-3-447-01736-7. http://books.google.com/books?id=bMsGmbALl5sC&pg=PA95। আহৰণ কৰা হৈছে: 17 December 2012.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 নৱজ্যোতি দেৱ চৌধুৰী (ছেপ্টেম্বৰ, ২০০৯). ঐতিহাসিক তেজপুৰ. পৃষ্ঠা. ৫৬-৫৭. ISBN নাই.
- ↑ Sisir Kumar Das (1991). A History of Indian Literature: 1800-1910, Western impact : Indian response. Sahitya Akademi. পৃষ্ঠা. 519–. ISBN 978-81-7201-006-5. http://books.google.com/books?id=sHklK65TKQ0C&pg=PA519। আহৰণ কৰা হৈছে: 17 December 2012.