ললিতা বাবৰ (ইংৰাজী: Lalita Babar জন্ম: ২ জুন, ১৯৮৯) এগৰাকী ভাৰতীয় দীৰ্ঘ দূৰত্ব দৌৰবিদ। তেওঁ মহাৰাষ্ট্ৰৰ চতাৰা জিলাৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁ সাধাৰণতে ৩০০০ মিটাৰ ষ্টিপলচেজ বিভাগত প্ৰতিদ্বন্দ্বিতা কৰে আৰু বৰ্তমান ভাৰতৰ জাতীয় ৰেকৰ্ড ধাৰী তথা একে ইভেণ্টত এছিয়ান চেম্পিয়নশ্বিপ বিজয়ী।

ললিতা বাবৰ
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম ললিতা শিৱাজী বাবৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ২ জুন, ১৯৮৯ (৩৪ বছৰ)
চাতাৰা জিলা, মহাৰাষ্ট্ৰ, ভাৰত
ক্ৰীড়া
ক্ৰীড়া ট্ৰেক এণ্ড ফিল্ড
শিতান ৩০০০ মিটাৰ ষ্টিপলিচেজ
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
ব্যক্তিগত শ্ৰেষ্ঠ ৯:২৭:০৯ (ফেডাৰেচন কাপ ৰাষ্ট্ৰীয় এথলেটিকচ চেম্পিয়নশ্বিপ ২০১৬) NR

ফেডাৰেশ্বন অব ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী, এফ.আই.চি.চি.আই আৰু ভাৰতৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয় কৰ্তৃক ভাৰতীয় ক্ৰীড়া পুৰস্কাৰ ২০১৫ প্ৰদান কালত বাবৰক বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়াব্যক্তিত্ব ঘোষণা কৰা হয়। তেওঁ অংলিয়ান মেডেল হাণ্ট কোম্পানি কৰ্তৃক সমৰ্থিত।

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

ললিতা শিৱাজী বাবৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যেৰ চাতাৰা জিলাৰ এক কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে।[1] তেওঁৰ গাওঁখন খৰাংপিড়ীত অঞ্চলত অন্তৰ্গত।[2]

বাবৰে তেওঁৰ কৰ্মজীৱন দীৰ্ঘ দূৰত্বৰ দৌৰবিদ হিচাপে আৰম্ভ কৰে। পুনে চহৰত অনুষ্ঠিত ২০১৫ জাতীয় চেম্পিয়নশ্বিপত তেওঁ প্ৰথম স্বৰ্ণ পদক জিকে।[3]

তেওঁ বৰ্তমান দিল্লী ভিত্তিক ক্ৰীড়া ব্যৱস্থাপনাকাৰী কোম্পানী অংলিয়ান মেডেল হাণ্ট কোম্পানীৰ অৰ্থৰে কৰ্মজীৱন পৰিচালনা কৰে।[4]

কৰ্মজীৱন সম্পাদনা কৰক

২০১৫ এছিয়ান এথলেটিকচ চেম্পিয়নশ্বিপত বাবৰ স্বৰ্ণ পদক জিকে। তাত তেওঁৰ লিপিবদ্ধ সময় আছিল জাতীয় ৰেকৰ্ড ৯:৩৪:১৩। তাৰপিছত তেওঁ গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ যোগ্যতা অৰ্জন কৰে।[5]

তেওঁ বেইজিংত ২০১৫ ৱৰ্ল্ড এথলেটিকচ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে আৰু বাছনিপৰ্বত ৯:২৭:৮৬ সময় লৈ পুনৰ জাতীয় ৰেকৰ্ড ভংগ কৰে।[6] এইটো আছিল ষ্টিপলচেজ ইভেণ্টৰ ফাইনেলত প্ৰথম ভাৰতীয় নাৰীৰ প্ৰতিদ্বন্দ্বীতা। তাত তেওঁ অষ্টম স্থান লাভ কৰে।[1][7]

প্ৰতিযোগিতাত ৰেকৰ্ড সম্পাদনা কৰক

বৰ্ষ প্ৰতিযোগিতা খেলৰ স্থান স্থান ইভেণ্ট টোকা
  ভাৰতৰ প্ৰতিনিধিত্বকাৰী
এছিয়ান গেমচ ২০১৪ ইনছিয়ন, দক্ষিণ কোৰিয়া ২য় ৩০০০ মিটাৰ ষ্টিপলচেজ ৯:৩৫:৩৭
এশিয়ান চেম্পিয়নশ্বিপ ২০১৫ ৱোহান, চীন ১ম ৩০০০ মিটাৰ ষ্টিপলচেজ ৯:৩৪:১৩
ৱৰ্ল্ড চেম্পিয়নশ্বিপ বেইজিং, চীন ৮ম ৩০০০ মিটাৰ ষ্টিপলচেজ ৯:২৯:৬৪

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "5 Things About Lalita Babar – 1st Indian to Reach Steeplechase Finals, World Athletics Championships - The Better India" (en ভাষাত). The Better India. http://www.thebetterindia.com/32360/lalita-babar-in-world-athletics-championships/। আহৰণ কৰা হৈছে: 2015-11-02. 
  2. "Family Battling Drought, but Lalita on a High with Asian Athletics Gold". The New Indian Express. Archived from the original on 2016-06-01. https://web.archive.org/web/20160601193903/http://www.newindianexpress.com/sport/Family-Battling-Drought-but-Lalita-on-a-High-with-Asian-Athletics-Gold/2015/06/07/article2853728.ece। আহৰণ কৰা হৈছে: 2015-11-02. 
  3. "No Challenge is steep for Satara Girl Lalita Babar". Archived from the original on 2016-01-16. https://web.archive.org/web/20160116082616/http://indianathletics.in/wp-content/uploads/2015/08/Satara-girl-Lalita-Babar.pdf। আহৰণ কৰা হৈছে: 2016-08-22. 
  4. "Lalita Babar on course for Rio 2016 despite IAAF loss". Sportskeeda. 27 August 2015. http://www.sportskeeda.com/athletics/lalita-babar-on-course-rio-2016। আহৰণ কৰা হৈছে: 1 May 2016. 
  5. Rayan, Stan (6 June 2015). "Vikas Gowda and Lalita Babar strike gold". The Hindu. http://www.thehindu.com/sport/other-sports/vikas-gowda-and-lalita-babar-strike-gold/article7289584.ece। আহৰণ কৰা হৈছে: 7 June 2015. 
  6. Women's 3000 metres steeplechase heats results
  7. Women's 3000 metres steeplechase results

বহিঃসংযোগ সম্পাদনা কৰক