লাংগা ৱনি (ইংৰাজী: langa voni) হৈছে দক্ষিণ ভাৰতৰ ছোৱালীয়ে পুষ্পিতা হোৱা আৰু বিবাহ হোৱাৰ মাজৰ সময় খিনিত পৰিধান কৰা এবিধ পৰম্পৰাগত সাজপাৰ।[1][2] ইয়াক তামিল ভাষাত “পাৱড়ৈ দাৱনি” আৰু কানাড়া ভাষাত “লাংগা দাৱনী” বুলিও কোৱা হয়। ইয়াক দুটুকুৰা শাৰী বা আধা শাৰী বুলিও কোৱা হয়।[3] কম বয়সীয়া ছোৱালীয়ে বিশেষ অনুষ্ঠানত এই সাজ পিন্ধিব পাৰে।

লাংগা ৱনি পৰিহিতা এগৰাকী মহিলা

লাংগা ৱনিত সাধাৰণতে কঁকালত পৰিধান কৰা গোৰোহালৈকে দীঘল এক প্ৰকাৰৰ স্কাৰ্ট “লাংগা” বা “পাৱড়ৈ” আৰু মূৰ আৰু বুকু ঢাকিবলৈ ব্যৱহৃত ২ৰ পৰা ২.৫ মিটাৰ (৬ ফুট ৭ ইঞ্চিৰ পৰা ৮ ফুট ২ ইঞ্চি) দীঘল এবিধ পৰম্পৰাগত বস্ত্ৰ “ৱনি”, “অনি” বা “দাৱনি” নামৰ দুবিধ বস্ত্ৰ থাকে। ছোলিৰ ওপৰত ৱনিখন হেলনীয়াকৈ পৰিধান কৰা হয়। সাধাৰণতে এই বস্ত্ৰ কপাহ বা ৰেচমেৰে বোৱা হয়। লাংগা ৱনিৰ আন এটা ৰূপ হ’ল উত্তৰ ভাৰতৰ ঘাগ্ৰা চোলি (দুয়োটাৰ মাজৰ পাৰ্থক্য হ’ল ৱনি বা দুপাট্টাখন পৰিধান কৰাৰ ধৰণ)। সমগ্ৰ উপমহাদেশৰ ভাৰতীয়সকলে মূলতঃ বিশেষ অনুষ্ঠানৰ বাবে পিন্ধা আধুনিক যুগৰ “লেহেংগা-শৈলীৰ শাৰী” লাংগা ৱনিৰ পৰা অনুকৰণতেই তৈয়াৰ কৰা এবিধ আধুনিক বস্ত্ৰ।

আধা শাড়ীয়ে শৈশৱত পাৱড়ৈ (স্কাৰ্ট) পৰিধান কৰা ছেৱালীবোৰক প্ৰাপ্তবয়স্ক মহিলাই পিন্ধা অধিক জটিল বস্ত্ৰ শাৰী পিন্ধাৰ অভ্যাস কৰাত সহায় কৰে। সাধাৰণতে লাংগা আৰু ৱণিৰ ৰং উজ্জ্বল আৰু ইটোৱে সিটোৰ বিপৰীত। প্ৰথম দৃষ্টিত আধা শাৰীৰ সাজ-পোছাকযোৰ দক্ষিণৰ শৈলীৰ শাৰীৰ দৰেই দেখা যাব পাৰে কাৰণ পৰিধান কৰাৰ শৈলী প্ৰায় একে: সন্মুখৰ ফালে স্কাৰ্টত এটা মূৰ গুজি লোৱা হয়, তাৰ পিছত কঁকালত মেৰিয়াই কান্ধৰ ওপৰেৰে আনি বিপৰীত দিশত ওলোমাই পিন্ধা হয়। কিন্তু ৱনি চুটি, আৰু পিন্ধোতাই শাৰী পিন্ধোতে কৰাৰ দৰে কাপোৰখন হাতেৰে ভাঁজ কৰিব নালাগে। ইয়াৰ উপৰিও পিন্ধোতাই ভৰি দুখন মুক্তভাৱে লৰচৰ কৰিব পৰাকৈ ৱনি কিছু আহল বহল।

আধুনিক যুগ

সম্পাদনা কৰক

আধুনিক যুগত পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱ আৰু শালৱাৰ কামিজ বা পশ্চিমীয়া কাপোৰৰ তুলনাত পৰম্পৰাগত সাজ-পোছাকক অসুবিধাজনক বুলি গণ্য কৰাৰ বাবে দৈনন্দিন ব্যৱহাৰত লাংগা ৱনি পৰিধানৰ হাৰ কমি আহিছে। অৱশ্যে লাংগা ৱনিয়ে আধুনিক যুগৰ “লাংগা শৈলীৰ শাৰী"ক অনুপ্ৰাণিত কৰি পুনৰ নতুন ৰূপত উভতি অহা দেখিবলৈ পোৱা গৈছে।

শেহতীয়া বছৰবোৰত অৱশ্যে সংবাদ মাধ্যম আৰু ফেশ্বনৰ প্ৰতি যুৱক আৰু যুৱতীসকলৰ মনোযোগ বৃদ্ধি পোৱাৰ বাবে মাজে মাজে যুৱতীসকলে লাংগা ৱনি পৰিধান কৰিবলৈ লৈছে আৰু লাংগা ৱনিয়ে জনপ্ৰিয়তা লাভ কৰিছে। এসময়ৰ অতি সাধাৰণ লাংগা ৱনি, এতিয়া অতিৰিক্ত এম্ব্ৰয়ডাৰী, আইনা বা অন্যান্ন শিল্প কৰ্মেৰে সজ্জিত, আৰু ক’লা আৰু ধূসৰ ৰঙৰ দৰে ৰঙৰ সৈতে দেখা পোৱা গৈছে যিবোৰ এসময়ত অশুভ বুলি গণ্য কৰা হৈছিল। সাধাৰণ ৰেচম বা কপাহৰ উপৰিও চিফন, জৰ্জেট, ক্ৰেপ আৰু নাইলনকে ধৰি কাপোৰৰ বৈচিত্ৰ্যও অধিক ব্যৱহাৰ কৰা হৈছে। সম্পূৰ্ণ শাৰী কেতিয়াবা এনেদৰে বোৱা হয় যাতে কাপোৰখন পিন্ধিলে বস্ত্ৰৰ পৰিৱৰ্তিত ৰং বা আৰ্হিয়ে লেংগা ৱনিৰ ওপৰত দৃশ্যগত প্ৰভাৱ পেলাই।

পুষ্পিতা উৎসৱ

সম্পাদনা কৰক

দক্ষিণ ভাৰতত এজনী ছোৱালী যেতিয়া যৌৱনকালত উপনীত হয়, তেতিয়া পুষ্পিতা উৎসৱ উদযাপন কৰা হয়। কণ্যা গৰাকীয়ে অনুষ্ঠানৰ প্ৰথম অংশত মাতৃৰ ফালৰ ককা-আইতাকে দিয়া লাংগা ৱনি পিন্ধে আৰু তাৰ পিছত অনুষ্ঠানৰ দ্বিতীয়াৰ্ধত প্ৰথমবাৰলৈ পিতৃৰ ফালৰ ককা-আইতাকে দিয়া শাৰী দিয়ে। এই অনুষ্ঠানে ছোৱালীজনীৰ নাৰীত্ব প্ৰাপ্তিক দৰ্শায়।

কিছুমান সম্প্ৰদায়ৰ মাতৃৰ ফালৰ পৰা ককা-আইতাকৰ পৰা লংগা ৱনি উপহাৰ দিয়াৰ পৰম্পৰা আৰম্ভ হয় ছোৱালীজনীৰ প্ৰথম নামকৰণ (নামকাৰণ) আৰু প্ৰথম অন্ন খোৱা (অন্নপ্ৰাশন) অনুষ্ঠানত। পুষ্পিতা অনুষ্ঠানত শাৰী উপহাৰ দিয়া হয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক