লাইফ ইন এ পাপেট (ইংৰাজী: Life in a Puppet) হৈছে অসমীয়া ভাষাত নিৰ্মিত আৰু ৰাজেন দাসৰ দ্বাৰা পৰিচালিত এখন সামাজিক ড্ৰামাভিত্তিক চলচ্চিত্ৰ৷ ২০২১ চনৰ ২২ অক্টোবৰত অসমৰ দহটা চিত্ৰগৃহত ছবিখনে মুক্তিলাভ কৰে৷ ছবিখনৰ মূল উদ্দেশ্য হৈছে পুতলা নাচক বিশ্বজনীন কৰা আৰু ইয়াৰ লগত জড়িত শিল্পীসকলৰ সংগ্ৰামক চলচ্চিত্ৰৰ জৰিয়তে উপস্থাপন কৰা ৷ উল্লেখ্য যে, ক'ভিড-১৯ মহামাৰীৰ দ্বাৰা প্ৰভাৱিত হোৱা অসমৰ ছবিগৃহত প্ৰায় ১৮ মাহৰ পিছত মুক্তিলাভ কৰা এইখন হৈছে প্ৰথমখন অসমীয়া চলচ্চিত্ৰ৷ ২০২১ চনৰ ২২ অক্টোবৰ পৰ্যন্ত ছবিখন বিশ্বজুৰি ২০খন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে ৷ ইয়াৰ লগতে প্ৰায় ৩০টা ভিন্ন শিতানত বঁটা লাভ কৰিবলৈও সক্ষম হৈছে ৷ [2]

লাইফ ইন এ পাপেট
Life in a Puppet
ছবিখনৰ এখন প'ষ্টাৰ
ছবিখনৰ এখন প'ষ্টাৰ
পৰিচালক ৰাজেন দাস, (সহকাৰী পৰিচালক-মীনাক্ষি দাস)
ৰচনা ৰাজেন দাস
প্ৰযোজক ৰাজেন দাস
অভিনয়ত
  • আশা বৰদলৈ
  • দ্বীপান্বিতা দাস
সংগীত পৰিচালক তৰালি শৰ্মা
মুক্তি
২২ অক্টোবৰ, ২০২১[1]
দেশ ভাৰত
ভাষা অসমীয়া ভাষা

ছবিৰ কাহিনী সম্পাদনা কৰক

অসমৰ জনসমাজৰ পৰিচিত পুতলা নাচে আধুনিক সময়ৰ উত্তৰণৰ লগে লগে অৱহেলিত আৰু অনাদৃত হ'বলৈ ধৰে ৷ অথচ পুতলা নাচ প্ৰাচীন লোককলা ৰূপে পৰিচিত ৷ পুতলা নাচৰ লগত জড়িত হৈ থকা অসম, ভাৰতৰ এমুঠিমান শিল্পীয়ে এতিয়াও এই কলাবিধক জীয়াই ৰখাৰ প্ৰয়াস কৰি আহিছে ৷ সেইসকল শিল্পীৰ পৰিশ্ৰম, শিল্পবোধ আৰু সংগ্ৰামী সত্তাক পৰ্দাত তুলি ধৰাটোৱেই হৈছে 'লাইফ ইন এ পাপেট' ছবিখনৰ কাহিনীৰ মূল উদ্দেশ্য ৷ [2]

কলা-কুশলী সম্পাদনা কৰক

ক্ৰমিক নং নাম দায়িত্ব
ৰাজেন দাস পৰিচালনা, কাহিনীকাৰ, প্ৰযোজনা
মীনাক্ষি দাস সহকাৰী পৰিচালক
তৰালি শৰ্মা সংগীত পৰিচালক
আশা বৰদলৈ অভিনেত্ৰী
দীপান্বিতা দাস অভিনেত্ৰী

স্বীকৃতি সম্পাদনা কৰক

'লাইফ ইন এ পাপেট'-এ দেশ-বিদেশৰ বিশখন চলচ্চিত্ৰ মহোৎসৱত অংশ লৈ প্ৰায় ৩০টা শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ভিতৰত ফ্ৰান্স, ইটালী, চিলি, গ্ৰেট ব্ৰিটেইন, চেক্ ৰিপাব্লিক, শ্লোভাকিয়া, ছুইডেন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত আদি প্ৰধান। উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ সংস্থা ইউনেস্ক'নতুন দিল্লী কাৰ্যালয়ে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো ছবিখনে মনোনয়ন লাভ কৰে। [3]

মুক্তি সম্পাদনা কৰক

২০২০ চনৰ ডিচেম্বৰ মাহত ছবিখনে কেন্দ্ৰীয় ফিল্ম চেন্সৰ ব'ৰ্ডৰ পৰা প্ৰমাণপত্ৰ লাভ কৰে। ২০২১ চনৰ ২২ অক্টোবৰত ছবিখনক অসমৰ দহটা চিত্ৰগৃহত মুক্তি দিয়া হয়। [2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "https://www.guwahatiplus.com/assam/first-assamese-film-to-hit-the-screens-after-a-gap-of-18-months". GPlus. https://www.guwahatiplus.com/assam/first-assamese-film-to-hit-the-screens-after-a-gap-of-18-months। আহৰণ কৰা হৈছে: 22 October 2021. 
  2. 2.0 2.1 2.2 "আজি মুক্তি পাব 'লাইফ ইন এ পাপেট'". দৈনিক অসম. দৈনিক অসম (গুৱাহাটী): পৃষ্ঠা ২. ২২-১০-২০২১. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/10/22/dainik-asam/2970/epaper-page-2?infinitescroll=1। আহৰণ কৰা হৈছে: 22 October 2021. 
  3. https://niyomiyabarta.com/city/life-in-a-puppet/