লাচিত বৰফুকন (চলচ্চিত্ৰ)
লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) ১৯৬১ চনত মুক্তিলাভ কৰা এখন বুৰঞ্জীমূলক অসমীয়া চলচ্চিত্ৰ। পৰিচালনাত আছিল লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকন। সমবায় ভিত্তিত গঠিত 'প্ৰাগজ্যোতি কলা মন্দিৰ'ৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। নাম ভূমিকাত অভিনয় কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে। মুঠ ১,২৫,০০০ টকা ব্যয়ৰে ছবিখন নিৰ্মাণ কৰা হৈছিল।[1] ছবিখন গুৱাহাটীৰ ৰূপায়ণ ছবিঘৰত মুক্তি দিয়া হৈছিল।[2]
লাচিত বৰফুকন Lachit Borphukan | |
---|---|
লাচিত বৰফুকনৰ এটা দৃশ্য | |
পৰিচালক | প্ৰবীণ ফুকন আৰু লক্ষ্যধৰ চৌধুৰী |
ৰচনা | প্ৰবীণ ফুকন |
চিত্ৰনাট্য | প্ৰবীণ ফুকন আৰু লক্ষ্যধৰ চৌধুৰী |
প্ৰযোজক | প্ৰাগজ্যোতি কলা মন্দিৰ, গুৱাহাটী |
অভিনয়ত | সৰ্বেশ্বৰ চক্ৰৱৰ্তী, ফণী শৰ্মা সুৰেন্দ্ৰনাথ দাস |
চিত্ৰগ্ৰহণকাৰী | নলীন দুৱৰা |
সম্পাদনা | সুবোধ ৰয়, গংগা নস্কৰ |
সংগীত পৰিচালক | ব্ৰজেন বৰুৱা আৰু ক্ষীৰদাকান্ত বিষয়া |
প্ৰযোজনা কোম্পানীসমূহ |
টেক্নিচিয়ান ষ্টুডিঅ', কলিকতা |
পৰিবেশক | লীলা বৰুৱা |
মুক্তি |
চেপ্তেম্বৰ ১৯৬১ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
সৰ্বমুঠ আয় | ১,২৫,০০০ টকা |
নিৰ্মাণৰ কথা
সম্পাদনা কৰকলতাশিল খেলপথাৰত অনুষ্ঠিত বিহু সন্মিলনীত প্ৰতি বছৰে একোখনকৈ নাট মঞ্চস্থ কৰা হৈছিল। কেইবাবাৰো উপস্থাপন কৰা হৈছিল মণিৰাম দেৱান নাটকখন। যশস্বী অভিনেতা সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে সেইবাৰো 'মণিৰাম দেৱান' নাটকখন মঞ্চস্থ কৰিবলৈ মানা কৰি এখন নতুন নাটক লিখি মঞ্চস্থ কৰিবলৈ কয়। সেই মতেই সেইবাৰ প্ৰবীণ ফুকনৰ ৰছিত 'লাচিত বৰফুকন' নামৰ নাটকখন মঞ্চস্থ কৰিবলৈ থিৰাং কৰা হয়। নাটকখন উপভোগ কৰি 'দেৱেন্দ্ৰনাথ শৰ্মা'ই সেইখন চলচ্চিত্ৰ ৰূপ দিবলৈ অনুপ্ৰেৰণা দিয়ে।[1]
তেতিয়াৰ অসম বিধান সভাৰ সদস্য মহেন্দ্ৰ মোহন চৌধুৰীৰ সভাপতিত্বত চলচ্চিত্ৰখন নিৰ্মাণৰ বাবে গঠন কৰা হয় 'প্ৰাগজ্যোতি কলা মন্দিৰ'। সমবায় ভিত্তিত গঠিত এই অনুষ্ঠানটোৱে ৰাইজৰপৰা বৰঙনি তুলি 'লাচিত বৰফুকন' চলচ্চিত্ৰখন নিৰ্মাণ কৰে। ছবিখনৰ বেছিভাগ অংশই কলিকতাৰ টেক্নিচিয়ান ষ্টুডিঅ'ত ছেট সাজি নিৰ্মাণ কৰা হৈছিল। বহিৰ্দৃশ্যগ্ৰহণ কৰা হৈছিল কামাখ্যা, বশিষ্ঠাশ্ৰম, ব্ৰহ্মপুত্ৰ আৰু কলংপাৰত। নৌযুদ্ধৰ দৃশ্যগ্ৰহণ কৰা হৈছিল কলংপাৰত।[1]
চলচ্চিত্ৰ নিৰ্মাণ কাৰ্য্য চলি থকাৰ মাজতেই ষাঠী চনৰ ভাষা আন্দোলন আৰম্ভ হয়। বাংলা ভাষী আৰু অসমীয়া ভাষীৰ মাজত গঢ়ি উঠা বিদ্বেষৰ বাবে এই আন্দোলনৰ সময়ত বহুতো নিৰপৰাধ মানুহৰ মৃত্যু ঘটিছিল। পশ্চিমবংগ অসমীয়া মানুহৰ বাবে নিৰাপদ নোহোৱা হ'ল। এনে গণ্ডগোলৰ মাজতে 'লাচিত বৰফুকন'ৰ নিৰ্মাণৰ কাম চলি আছিল। পশ্চিমবংগ চৰকাৰে অসমীয়া কলা-কুশলীৰ বাবে পুলিচ পহৰাৰ ব্যৱস্থা কৰে। কিন্তু চলচ্চিত্ৰৰ কাম আধাতে বন্ধ কৰি সকলো কলা-কুশলী গুৱাহাটীলৈ উভতি আহে। নিৰপত্তাৰ কথা ভাবি ছবিখনত অভিনয় কৰা সূৰ্য্য বৰাৰ বাহিৰে বাকীখিনি মানুহ উৰাজাহাজেৰে অসমলৈ আহে। সূৰ্য্য বৰাই ৰেলেৰে উভতি আহি থাকোঁতে শিলিগুৰিত কোনোবা দুস্কৃতিকাৰীয়ে তেখেতক হত্যা কৰে। ন মাহ ধৰি ছবিখনৰ নিৰ্মাণৰ কাম বন্ধ হৈ থাকে। তাৰপাছত আকৌ কলিকতালৈ গৈ ছবিখনৰ নিৰ্মাণৰ কাম শেষ কৰা হয়। সূৰ্য্য বৰাৰ কেইটামান দৃশ্যৰ কাম বাকী আছিল। সেইখিনি কলিকতাৰ ষ্টুডিঅ'ৰ 'এক্সট্ৰা'ৰদ্বাৰা কেমেৰালৈ পিঠি দিয়াই দৃশ্য-গ্ৰহণ কৰা হয়।[1]
ছবিৰ কাহিনী
সম্পাদনা কৰকস্বৰ্গদেউ জয়ধ্বজ সিংহই মোগলৰ সৈতে কৰা অপমানজনক সন্ধি পৰৱৰ্তী স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মানি নোলোৱাৰ বাবে মোগলৰ সৈতে আহোমৰ যি ৰণ হৈছিল, তাৰপৰাই ছবিৰ কাহিনীভাগ আৰম্ভ হৈছে।[2] 'লাচিত বৰফুকন' অসম বুৰঞ্জীৰ এগৰাকী মহান বীৰ। তেখেতে মোগল সেনাৰ লগত যুঁজি গুৱাহাটী মোগলৰ অধীনলৈ যোৱাৰপৰা প্ৰতিহত কৰিছিল। লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সেনা আৰু ৰাম সিংহৰ নেতৃত্বত মোগল সেনাৰ মাজত লগা 'শৰাইঘাটৰ ৰণ' এই ৰণৰ অন্তিমখন যুদ্ধ আছিল। দেশপ্ৰমিক লাচিতৰ বীৰত্বৰ কাহিনীৰেই ছবিখন নিৰ্মাণ কৰা হয়। জয়ধ্বজ সিংহ স্বৰ্গদেৱে মোগলৰ লগত কৰা অপমানজনক সন্ধি পাছৰজনা ৰজা চক্ৰধ্বজ সিংহই মানি নোলোৱাত মোগলৰ লগত যি সংঘৰ্ষ ঘটিছিল তাৰ পৰাই ছবিখনৰ কাহিনী আৰম্ভ হৈছে। দিল্লীৰ বাদছাহ ঔৰংজেৱৰ অসম ৰজাৰ প্ৰতি অপমানজনক পত্ৰ প্ৰেৰণ, যুদ্ধৰ বাবে অসমৰ ৰাজধানীত প্ৰস্তুতি, লাচিতৰ বৰ সেনাপতিবৰণ, প্ৰথম যুদ্ধত অসমীয়াৰ কৃতকাৰ্যতা, ৰজা ৰামসিংহৰ নেতৃত্বত পুনৰ অসম আক্ৰমণ, শৰাইঘাটৰ যুদ্ধত মোগলৰ পৰাজয় আদি বুৰঞ্জীমূলক ঘটনাসমূহ লাচিত বৰফুকনৰ মৃত্যুলকৈ এই ছবিখনত কেউটা কাহিনীয়েই সামৰি লোৱা হৈছে।[1]
অভিনেতা/অভিনেত্ৰী
সম্পাদনা কৰক
|
|
|
কলা-কুশলী
সম্পাদনা কৰক- প্ৰযোজনা আৰু পৰিবেশনা: গুৱাহাটীৰ 'প্ৰাগজ্যোতি কলা মন্দিৰ'
- পৰিচালনা: প্ৰবীণ ফুকন আৰু লক্ষ্যধৰ চৌধুৰী
- চিত্ৰনাট্য আৰু সংলাপ: প্ৰবীণ ফুকন আৰু লক্ষ্যধৰ চৌধুৰী
- কাৰিকৰী নিৰ্দেশনা: নিপ বৰুৱা
- চিত্ৰগ্ৰহণ: নলীন দুৱৰা
- সংগীত: ব্ৰজেন বৰুৱা আৰু ক্ষীৰদাকান্ত বিষয়া
- নৃত্য পৰিচালনা: চাৰু বৰদলৈ
- কলা নিৰ্দেশনা: যুগল দাস
- ৰূপসজ্জা: দেবী হালদাৰ
- শব্দ গ্ৰহণ: বাণী দত্ত, ইন্দু অধিকাৰী
- সম্পদনা: সবোধ ৰয়, গংগা নস্কৰ[1]
সংগীত
সম্পাদনা কৰকচলচ্চিত্ৰ খনৰ সংগীত পৰিচালনা আছিল ব্ৰজেন বৰুৱা আৰু ক্ষীৰদাকান্ত বিষয়াৰ। ছবিখনৰ মুঠ পাঁচটা গান আছিল। কণ্ঠদান কৰিছিল, লক্ষহীৰা দাস, দীপালী বৰঠাকুৰ, নিৰ্মলা মিশ্ৰ, শংকৰ দাস, ৰেণু বৰঠাকুৰ, ৰমেন বৰুৱা আৰু কুমাৰী কৃষ্ণা। গীতিকাৰ সকল আছিল আনন্দিৰাম দাস, ক্ষীৰদাকান্ত বিষয়া, লক্ষহীৰা দাস আৰু নিৰ্মলপ্ৰভা বৰদলৈ। ছবিখনৰ গানৰ ৰেকৰ্ড উলিওৱা হৈছিল আৰু গান কেইটা শ্ৰোতৰ মাজত জনপ্ৰিয় হৈছিল।[1]
এই ছবিৰে ক্ষীৰদাকান্ত বিষয়াৰ দ্বাৰা ৰছিত যৌৱনে আমনি কৰে শীৰ্ষক গানটোৰ শিৰোনামৰে ১৯৯৮ নিৰ্মিত হয় অশোক কুমাৰ বিষয়াৰ 'যৌৱনে আমনি কৰে' নামৰ বোলছবিখন। গানতো নতুন ছবিখনৰ বাবে আকৌ ৰেকৰ্ডিং কৰি ব্যৱহাৰ কৰা হৈছিল।[3]
- ওপজা সোণৰ মাটি অ' / মৰো মই তোকে সাৱটি -- (কথা: আনন্দিৰাম দাস, কণ্ঠ: লক্ষহীৰা দাস, নিৰ্মলা মিশ্ৰ, দীপালী বৰঠাকুৰ, কুমাৰী কৃষ্ণা আৰু ৰেণু বৰঠাকুৰ)
- এই মাটিতে মৰোঁ যদি -- (কথা: লক্ষহীৰা দাস, কণ্ঠ: ৰমেন বৰুৱা, শংকৰ দাস, দীপালী বৰঠাকুৰ আৰু লক্ষহীৰা দাস)
- আবেগৰ বোকোচা বব মই নোৱাৰো / যৌৱনে আমনি কৰে -- (কথা আৰু সুৰ: ক্ষীৰদাকান্ত বিষয়া, কণ্ঠ: দীপালী বৰঠাকুৰ)
- কালৰ বুকুত নুমাল যদি জীৱনৰ চাকি -- (কথা: নিৰ্মলপ্ৰভা বৰদলৈ)
- জোনে হঁহা আকাশত মেঘৰ ধেমালি -- (কথা: ক্ষীৰদাকান্ত বিষয়া)
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 দাস, অৰুণলোচন (২০০১). এবাৰ উভতি চাওঁ. শিশুসাৰথি প্ৰকাশন, গুৱাহাটী.
- ↑ 2.0 2.1 মঞ্চলেখা, পৃষ্ঠা ৩২৩, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭.
- ↑ দৰবাৰ অনুষ্ঠানৰ বাবে প্ৰণয় বৰদলৈৰ সৈতে অশোক বিষয়া আৰু বৰষা বিষয়াৰ সাক্ষাৎকাৰ. Interview. https://www.youtube.com/watch?v=WxS3f9mZA-0.