লীনা যাদৱ (ইংৰাজী: Leena Yadav), জন্ম- ৬ জানুৱাৰী ১৯৭১) হৈছে এগৰাকী ভাৰতীয় ছবি পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য লেখক আৰু সম্পাদক৷ লীনা যাদৱে টেলিভিছন উদ্যোগত নিজৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু পৰৱৰ্তী সময়ত পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ে৷ তেখেতৰ প্ৰথমখন আন্তৰ্জাতিক ছবি আছিল পাৰ্চড্৷ ২০১৫ চনত ছবিখনৰ টৰণ্টো আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈছিল৷[1][2]

লীনা যাদৱ
Leena Yadav
জন্ম ৬ জানুৱাৰী, ১৯৭১ (৫৩ বছৰ)
মধ্যপ্ৰদেশ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, সম্পাদক আৰু চিত্ৰনাট্যকাৰ
সক্ৰিয় হৈ থকা সময় ২০১৫-বৰ্তমানলৈকে
দাম্পত্যসঙ্গী অসীম বাজাজ
আত্মীয়-স্বজন ৰাম গোপাল বাজাজ (শহুৰ)

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

লীনা যাদৱে ভাৰতীয় স্থলসেনাৰ এগৰাকী জেনেৰেলৰ ঘৰত জন্মলাভ কৰিছিল৷ তেখেতৰ জন্মস্থান আছিল মধ্যপ্ৰদেশ৷ নতুন দিল্লীস্থ লেডি শ্ৰী ৰাম কলেজ ফ'ৰ ৱমেনৰ পৰা তেখেতে অৰ্থনীতি বিষয়ত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে৷ মুম্বাইত থকা ছ;ফিয়া কলেজৰ পৰা তেখেতে লাভ কৰে গণ সংযোগৰ শিক্ষা৷[2][3][4]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

খেমচান্দ প্ৰকাশৰ নাতি আৰু ৰাম গোপাল বাজাজৰ পুত্ৰ অসীম বাজাজৰ লগত লীনা যাদৱৰ যুগ্ম জীৱন আৰম্ভ হয়৷ অসীম বাজাজ এগৰাকী ভাৰতীয় চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ প্ৰযোজক৷ হাজাৰো খোৱাইছ' এইচি, শব্দ, ইউ মি অউৰ হাম আৰু চামেলী আদি ছবিত কেমেৰাৰ জৰিয়তে উপস্থাপন কৰা কাব্যসুলভ প্ৰতীকৰ বাবে অসীম বাজাজ জনাজাত৷ দিছ উইক ডেট ইয়েৰ নামৰ টেলিভিছন শ্ব'টো পৰিচালনা কৰি থকাৰ সময়ত লীনা যাদৱে অসীমক লগ পাইছিল৷ সেইখন আছিল লীনা যাদৱৰ প্ৰথমটো টেলিভিছন শ্ব'৷[3]

কৰ্মজীৱন সম্পাদনা কৰক

চলচ্চিত্ৰৰ সম্পাদনাৰ কামটোৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ লীনা যাদৱে চলচ্চিত্ৰ সম্পাদনা শিকিবলৈ আৰম্ভ কৰে৷ সেইসময়ত তেখেতে গণমাধ্যমৰ বিষয়তো ডিপ্লমা কৰি আছিল৷ লীনা যাদৱে কাৰোৰে অধীনত সহকাৰী হিচাপে কাম কৰা নাছিল৷ সম্পাদনাৰ কৌশলৰ পৰাই পাছলৈ তেখেতে ছবি পৰিচালনা আৰু চিত্ৰনাট্য লিখিবলৈ শিকে৷ বিজ্ঞাপনৰ ছবিত তেখেতে সম্পাদক হিচাপে কাম কৰে, কিছুমান কৰ্পোৰেটৰ লগত কাম কৰে আৰু টেলিভিছনৰ বাবে কেতবোৰ কাম কৰে৷ তেখেতে ডিছ উইক ডেট ইয়েৰ নামৰ টিভি শ্ব'টো পৰিচালনা কৰিছিল৷ শ্ব'টো ষ্টাৰ মুভিছত সম্প্ৰচাৰিত হৈছিল৷ সফলতা লাভ কৰাৰ পাছত তেখেতে নিখিল কাপুৰৰ লগত নিজৰ প্ৰযোজনা গোষ্ঠী আৰম্ভ কৰে আৰু কিছুমান সফল শ্ব' পৰিচালনা আৰু প্ৰযোজনা কৰে৷ [1][2][3][5]

টিভিৰ পৰিচালক হিচাপে, লীনা যাদৱে কল্পনাশ্ৰয়ী আৰু অ-কাহিনীমূলক দুয়োটা প্ৰকাৰৰ কামতেই হাত দিয়ে আৰু এইধৰণৰ কৰ্মত তেখেত মোটামুটি ১২ বছৰ জড়িত হৈ থাকে৷ দুখনমান জনপ্ৰিয় আৰু সফল অনুষ্ঠান হৈছে-Say Na Something to Anupam Uncle, Sanjeevani ইত্যাদি[1]

মূলসুঁতিৰ চলচ্চিত্ৰ পৰিচালক হিচাপে লীনা যাদৱে পোনপ্ৰথমে শব্দ নামৰ ছবিখন পৰিচালনা কৰে৷ ছবিখনে মুক্তি লাভ কৰে ২০০৫ চনত৷ ইয়াৰ পাঁচটা বছৰৰ বিৰতিৰ মূৰত তেখেতে টিন পট্টি নামৰ ছবিখন নিৰ্মাণ কৰে৷ [6] পাৰ্ছড নামৰ ছবিখনত টন্নিষ্ঠা চেটাৰ্জী, ৰাধিকা আপ্টে,সুৰভিন চাওলা আৰু আদিল হুছেইনে কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে৷ [7][8]লীনা যাদৱে পৰিচালনা আৰু প্ৰযোজন কৰা শেহতীয়া ছবিখন হৈছে ৰাজমা চাৱল৷ ছবিখনৰ এটা চৰিত্ৰত বৰ্ষীয়ান অভিনেতা ঋষি কাপুৰেও অভিনয় কৰিছিল৷ [9]

পৰিচালক হিচাপে সম্পাদনা কৰক

চলচ্চিত্ৰ

বৰ্ষ চলচ্চিত্ৰ পৰিচালক লেখক প্ৰযোজক সম্পাদক টোকা
২০০০ ডেদ এণ্ড হয় হয় হয় হয় টেলিভিছনৰ চিনেমা, গীতিকাৰ হিচাপেও জড়িত[4]
২০০৫ শব্দ হয় হয় নহয় হয়
২০০৯ থেংক ইউ ফৰ নাও নহয় নহয় নহয় হয় Short film
২০১০ টিন পট্টি হয় হয় নহয় নহয়
২০১৫ পাৰ্চড্ হয় হয় হয় নহয়
২০১৮ ৰাজমা চাৱল হয় হয় হয় নহয়
টেলিভিছনৰ শ্ব'
  • ডিছ উইক ডেট ইয়েৰ –ষ্টাৰ মুভিজ
  • ছেই না চামথিং টু অনুপম আংকল
  • সঞ্জীৱনী
  • গুঞ্জ – ছনি টিভি
  • কহী না কহী কৌই হ্যেয় মাধুৰী দিক্ষীতৰ লগত কৰা এটা অনুষ্ঠান
  • টেম্পটেছন আইলেণ্ড.
  • ডেড এণ্ড.
  • খৌফ[1][2][5]
তথ্যচিত্ৰ
  • হাউছ অৱ ছিক্ৰেটছ (২০২১)[10]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "Playing Teen Patti with Leena Yadav". starboxoffice.com. http://www.starboxoffice.com/sbogallery.aspx?aid=2105&bid=2011%2fMay%2freviews_20110527_19। আহৰণ কৰা হৈছে: 17 March 2012. "Editing intrigued, so I learnt it. I have never assisted anybody, so I have learnt everything about direction and writing from editing. While I was editing, I got the offer to direct something for television, post which I directed fiction and non-fiction shows on TV for 12 years" 
  2. 2.0 2.1 2.2 2.3 "Indiantelevision.com's Interview with TV director Leena Yadav". indiantelevision.com. 20 August 2002. http://www.indiantelevision.com/interviews/y2k2/director/leena_y.htm। আহৰণ কৰা হৈছে: 18 April 2012. "The lady who started her career in television as an editor and graduated to direction with the Star Movies' show This Week That Year has come a long way. After the Nikhil Kapoor anchored show, Yadav floated her own production house with Kapoor and produced one-off stories for Star Bestsellers, which she also directed." 
  3. 3.0 3.1 3.2 "Meet the woman behind Shabd". rediff.com. 1 February 2005. http://www.rediff.com/movies/2005/feb/01leena.htm। আহৰণ কৰা হৈছে: 19 April 2012. "Born in Madhya Pradesh [ Images ], Leena was brought up 'all over India [ Images ],' thanks to her armyman father – I met my husband through work. My first directorial venture was This Week That Year, which was also Aseem's first show. After that, we got married." 
  4. 4.0 4.1 "Leena Yadav – Director, editor, and writer". imdb.com. https://www.imdb.com/name/nm1636742/। আহৰণ কৰা হৈছে: 17 April 2012. "Born: January 6, 1971 in India" 
  5. 5.0 5.1 "Leena Yadav – Film director". scmsophia.com. 13 January 2012. Archived from the original on 2 February 2013. https://archive.today/20130202162918/http://www.scmsophia.com/visiting_faculty.htm। আহৰণ কৰা হৈছে: 16 April 2012. "Leena Yadav conducts workshops on cinema. She is an experienced television and film professional, and has worked on ad films, corporate videos and television shows. She has directed television shows such as This Week That Year, Sanjeevani, Kahi na Kahi Koi Hai, Goonj and Khauf." 
  6. "No film without Big B says Leena Yadav". The Times of India. 23 January 2010. Archived from the original on 7 July 2012. https://archive.today/20120707183039/http://articles.timesofindia.indiatimes.com/2010-01-23/news-interviews/28129624_1_leena-yadav-shabd-amitabh-bachchan। আহৰণ কৰা হৈছে: 19 April 2012. "Leena Yadav's directorial debut Shabd had an unconventional storyline and an even more unexpected cast – Sanjay Dutt, Aishwarya Rai Bachchan and Zayed Khan. With her second directorial venture, she's made even more interesting permutations and combinations in her casting." 
  7. "Oscar Winner Russell Carpenter to Lens U.S.-India Co-Production 'Parched' (Exclusive)". Hollywood Reporter. 11 February 2014. http://www.hollywoodreporter.com/news/oscar-winning-cinematographer-russell-carpenter-679196। আহৰণ কৰা হৈছে: 23 July 2015. 
  8. "Getting threats over Parched, says director Leena Yadav" (en ভাষাত). The Indian Express. 2016-09-27. https://indianexpress.com/article/entertainment/bollywood/getting-threats-over-parched-says-director-leena-yadav-3052239/। আহৰণ কৰা হৈছে: 2021-04-12. 
  9. https://www.imdb.com/title/tt6747420/
  10. "Netflix India Unveils 4 Documentary Films and TV Series" (en ভাষাত). NDTV Gadgets 360. https://gadgets.ndtv.com/entertainment/news/netflix-searching-for-sheela-burari-deaths-indian-predator-crime-stories-india-detectives-documentaries-2382219। আহৰণ কৰা হৈছে: 2021-04-12.