সুৰভিন চাওলা
সুৰভিন চাওলা (ইংৰাজী: Surveen Chawla, জন্ম ১ আগষ্ট ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু মডেল[2] সুৰভিনে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল কহি ট' হোগা আৰু কাজ্জল নামৰ জনপ্ৰিয় আৰু সফল টেলিভিছন অনুষ্ঠানৰ জৰিয়তে৷ হেইট ষ্টৰি (২০১৪), আগলি (২০১৩), পাৰ্চড (২০১৫), ২৪ (ভাৰতীয় টিভি চিৰিজ,২০১৬) আদিত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে সুৰভিন চাওলা ভাৰতীয় দৰ্শক সমাজৰ ওচৰত পৰিচিত৷ ২০১৮ চনত সুৰভিনে হিন্দী ভাষাৰ ৱেব চিৰিজ হক চেত অভিনয় কৰিছিল৷ সুৰভিনে অভিনয় কৰা শেহতীয়া ৱেব চিৰিজ ডিকাপলড-এ দৰ্শক সমাজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ তেখেতৰ বিপৰীতে অভিনয় কৰিছিল মাধৱনে৷
সুৰভিন চাওলা Surveen Chawla | |
---|---|
২০১৬ চনত চাওলা | |
জন্ম | ১ আগষ্ট, ১৯৮৪ (৪০ বছৰ)[1] চণ্ডীগড়, ভাৰত |
শিক্ষা | চণ্ডীগড় কলেজ ফৰ ৱমেন, চণ্ডীগড় |
পেচা | অভিনেত্ৰী, মডেল |
সক্ৰিয় হৈ থকা সময় | ২০০৩ – বৰ্তমান |
দূৰদৰ্শনত অভিষেক
সম্পাদনা কৰককহি টো হোগি নামৰ ভাৰতীয় ধাৰাবাহিকখনৰ জৰিয়তে টেলিভিছনৰ জগতত পদাৰ্পণ কৰে৷ ২০০৮ চনত নাচৰ এটি ৰিয়েলিটি শ্ব' এক খিলাড়ি এক হাছিনাত তেওঁক দেখিবলৈ পোৱা যায়৷ ইয়াত সুৰভিনে ভাৰতীয় ক্ৰিকেটাৰ এছ. শ্ৰীশান্তৰ লগত একেলগে কাম কৰে৷ [3] ইয়াৰ আগতে সুৰভিনে ২০০৪ চনত কছৌটি জিন্দেগী কেত অভিনয় কৰিছিল৷ ২০০৬ চনৰ পৰা ২০০৭ চনলৈকে কাজ্জল নামৰ ধাৰাবাহিকখনত কেন্দ্ৰীয় চৰিত্ৰত তেওঁ অভিনয় কৰে৷ কমেডি চাৰ্কাচ কে চুপাৰষ্টাৰচ নামৰ অনুষ্ঠানটো তেওঁ সূত্ৰধাৰ হিচাপে কাম কৰে৷[4][5] ইয়াৰ পিছত তেওঁ কানাড়া ভাষাৰ ছবি পৰমেশ পাণৱালাৰ জৰিয়তে ছবিৰ জগতত অভিষেক কৰে৷ ২০১১ চনত পাঞ্জাবী ভাষাৰ ছবি ধৰতীত অভিনয় কৰে৷ ইয়াৰ পিছত সুৰভিনে তৌৰ মিত্ৰন দি, শাদী লাভ ষ্টৰী, সিং ভাৰ্ছেছ কৌৰ আৰু ডিস্কো সিংৰ দৰে কেইবাখনো পাঞ্জাবী ছবিত চৰিত্ৰ ৰূপায়ন কৰে৷ ২০১৩ চনত মুক্তি লাভ কৰা ছাজিদ খানৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ কথাছবি হিম্মতৱালাত ধোকা ধোকা নামৰ আইটেম গীতটিত সুৰভিনক দেখা যায়৷ এইটো আছিল তেওঁৰ প্ৰথমটো আইটেম গীত৷ [6] ২০১৩ চনত সুৰভিনক দেখা যায় তামিল ভাষাৰ কথাছবি মনদ্ৰু পেৰ মন্দদ্ৰু কড়াল, পুথিয়া থিৰুপাংগাত অভিনয় কৰে৷ ইয়াৰ পিছত অনুৰাগ কাশ্যপৰ থ্ৰিলাৰ ছবি আগলিত সুৰভিনে অভিনয় কৰে৷
২০১৪-বৰ্তমান
সম্পাদনা কৰক২০১৪ চনৰ অক্টোবৰ মাহত সুৰভিন চাওলাক জেজি বিৰ সৈতে মিটৰন ডে বুট নামৰ পাঞ্জাবী গীত এটিত দেখিবলৈ পোৱা যায়৷[7] ২০১৪ চনতেই বিশাল পাণ্ড্যাৰ প্ৰতিশোধমূলক থ্ৰিলাৰ হেইট ষ্ট'ৰি ২ মূল চৰিত্ৰ এটাত অভিনয় কৰে৷ পোনপ্ৰথমবাৰৰ বাবে এখনি নাৰীকেন্দ্ৰিক ছবিত অভিনয় কৰা এইখন ছবি বাণিজ্যিকভাৱে সফল হোৱাৰ উপৰি সমালোচকৰ দৃষ্টিতো যোগাত্মক হিচাপে ধৰা দিয়ে৷ [8] তেওঁৰ শেহতীয়া তামিল ভাষাৰ ছবি হৈছে জয় হিন্দ ২৷[9][10] ২০১৫ চনত লীনা যাদৱৰ পৰিচালনাত মুক্তিলাভ কৰা পাৰ্চদ নামৰ বহুসমাদৃত ছবিখনত সুৰভিনে গুৰুত্বপূৰ্ণ চৰিত্ৰ এটাত অভিনয় কৰে৷ ২০১৬ চনত ঝলক দিখলা যাৰ নৱম সংস্কৰণত সুৰভিনে অংশগ্ৰহণ কৰে৷ অৱশ্যে পাছলৈ তেওঁ প্ৰতিযোগিতাৰ পৰা ভোটা আউট হৈ বাহিৰ হয়৷[11]
২০১৮-১৯ চনৰ সময়ছোৱাত সুৰভিনে নেটফ্লিক্সৰ জনপ্ৰিয় ছিৰিজ ছেক্ৰেড গেমছত জ'জ' মাছকাৰেনহাছ নামৰ চৰিত্ৰটি ৰূপায়ন কৰে৷ [12] ২০২১ চনত সুৰভিন চাওলাই নেটফ্লিক্সৰ কমেডি-ড্ৰামা ছিৰিজ ডিকাপলডৰ আৰ. মাধৱনৰ সৈতে কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰে৷ আঠটা খণ্ডৰ চিৰিজটোত তেওঁ শ্ৰুতি শৰ্মা আয়াৰ নামৰ চৰিত্ৰটি ৰূপায়ন কৰে৷ চিৰিজটোৰ নিৰ্মাতা আছিল মনু জোছেফ৷ [13]
ব্যক্তিগত জীৱন
সম্পাদনা কৰক২০১৫ চনত ইটালীত সুৰভিনে অক্ষয় থাক্কৰৰ লগত বৈবাহিক বান্ধোনত বান্ধ খায়৷ অৱশ্যে বিবাহৰ খবৰ তেওঁ দুবছৰৰ পাছতহে (২৭ ডিচেম্বৰ ২০১৭) টুইটাৰযোগে ৰাজহুৱাকৈ সদৰী কৰে৷ [14]
বঁটা আৰু মনোনয়ন
সম্পাদনা কৰকবৰ্ষ | ছবি | বঁটা | শিতান | ফলাফল | টোকা | উৎস |
---|---|---|---|---|---|---|
২০১১ | ধৰতী (২০১১) | পিটিচি পাঞ্জাবী ছবি বঁটা | শ্ৰেষ্ঠ নৱাগতা | বিজয়ী | [15] | |
২০১৫ | ডিস্কো সিং | শ্ৰেষ্ঠ অভিনেত্ৰী | বিজয়ী | |||
২০১৬ | পাৰ্ছড | গ্ৰেণ্ড জুৰী বঁটাৰ বাবে ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, লছ এঞ্জেলছ | শ্ৰেষ্ঠ অভিনেত্ৰী | বিজয়ী | ৰাধিকা আপ্টে, টনিষ্ঠা চেটাৰ্জী আৰু লেহাৰ খানৰ লগত | [16] |
২০১৭ | ষ্টাৰ স্ক্ৰীণ বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | মনোনীত | [17] |
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত সুৰভিন চাওলা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- সুৰভিন চাওলা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Surveen Chawla's Andaman-Nicobar beach pictures will give you vacation goals - Times of India ►". https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/surveen-chawlas-andaman-nicobar-beach-pictures-will-give-you-vacation-goals/articleshow/65335903.cms.
- ↑ "Surveen Chawla's Andaman-Nicobar beach pictures will give you vacation goals - Times of India ►". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/surveen-chawlas-andaman-nicobar-beach-pictures-will-give-you-vacation-goals/articleshow/65335903.cms.
- ↑ "Colors launches 'Ek Khiladi Ek Hasina'". Business Standard. 21 September 2008. http://www.business-standard.com/article/beyond-business/colors-launches-ek-khiladi-ek-hasina-108092100009_1.html.
- ↑ "I always look out for beauty and benefit in a role: Surveen Chawla - Times of India". http://timesofindia.indiatimes.com/entertainment/punjabi/movies/news-interviews/I-always-look-out-for-beauty-and-benefit-in-a-role-Surveen-Chawla/articleshow/33598993.cms.
- ↑ "Comfortable in my skin, not showing it off: Surveen Chawla". Archived from the original on 19 October 2014. https://web.archive.org/web/20141019121810/http://www.hindustantimes.com/entertainment/bollywood/comfortable-in-my-skin-not-showing-it-off-surveen-chawla/article1-1227008.aspx। আহৰণ কৰা হৈছে: 31 March 2022.
- ↑ "Meet Ajay Devgn's five item girls in Himmatwala - NDTV Movies". NDTVMovies.com. https://movies.ndtv.com/bollywood/meet-ajay-devgns-five-item-girls-in-himmatwala-610983.
- ↑ "Mitran De Boot is a Jazzy B, Dr Zeus and Kaur B hit ft. Surveen Chawla". desiblits.com. http://www.desiblitz.com/content/mitran-de-boot-jazzy-b-dr-zeus-and-kaur-b-smash। আহৰণ কৰা হৈছে: 13 October 2014.
- ↑ "Jay and Suvreen's scuba diving experience - Times of India". http://timesofindia.indiatimes.com/entertainment/hindi/tv/news-interviews/Jay-and-Suvreens-scuba-diving-experience/articleshow/19693103.cms.
- ↑ Hungama, Bollywood (17 November 2014). "Surveen Chawla to do item number in Welcome Back? - Bollywood Hungama". http://www.bollywoodhungama.com/news/2703148/Surveen-Chawla-to-do-item-number-in-Welcome-Back.
- ↑ "Jimmy Shergill & Surveen Chawla in latest 'Hero Naam Yaad Rakhi' - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/punjabi/movies/news/Jimmy-Shergill-Surveen-Chawla-in-latest-Hero-Naam-Yaad-Rakhi/articleshow/45849699.cms.
- ↑ "Jhalak Dikhhla Jaa 9: Arjun Bijlani & Surveen Chawla both eliminated! Nora Fatehi enters Top 5 finalists!". India.com. http://www.india.com/showbiz/jhalak-dikhhla-jaa-9-arjun-bijlani-surveen-chawla-both-eliminated-nora-fatehi-enters-top-5-finalists-1528973/। আহৰণ কৰা হৈছে: 2 October 2016.
- ↑ https://www.imdb.com/title/tt6077448/?ref_=nm_flmg_act_2
- ↑ https://www.imdb.com/name/nm4015689/
- ↑ "Actor Surveen Chawla opens up about her Italian wedding which had Punjabi Bollywood songs too". 27 December 2017. https://indianexpress.com/article/entertainment/television/surveen-chawla-married-see-photos-5000591/.
- ↑ "PTC Punjabi Film Awards". Cine Punjab.com. Archived from the original on 2013-08-28. https://web.archive.org/web/20130828133403/http://www.cinepunjab.com/2013/02/ptc-punjabi-film-awards.html। আহৰণ কৰা হৈছে: 2013-08-30.
- ↑ "2016 Indian Film Festival Of Los Angeles Announces Award Winners". http://www.indianfilmfestival.org/2016-indian-film-festival-of-losangeles-announces-award-winners-april-11-2016/। আহৰণ কৰা হৈছে: 2016-04-11.[সংযোগবিহীন উৎস]
- ↑ "Dear Sonam Kapoor, you deserved to win your first award for Neerja at Star Screen". 5 December 2016. http://indianexpress.com/article/entertainment/opinion-entertainment/dear-sonam-kapoor-you-deserved-to-win-your-first-award-for-neerja-at-star-screen-4411478/.