লৰ্ড বেডেন পাৱেল
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
এই প্ৰবন্ধটোৰ পৰিচিতি খণ্ডটো ইয়াৰ তথ্যসমূহৰ সৈতে সংগতি ৰাখি অলপ বিস্তাৰ কৰাৰ প্ৰয়োজন আছে। ৱিকিপিডিয়াৰ পৰিচিতি অংশ লিখাৰ নিয়ম অনুসৰি, এই অংশটোক এটা বিস্তৃত পৰিচিতি প্ৰদানেৰে প্ৰবন্ধটো সুন্দৰ কৰি তোলক। (আলোচনা) |
ইউৰোপ আৰু আমেৰিকাৰ বহুতো দেশৰ আৰ্হিত এচিয়াৰো কেতবোৰ দেশত আজি স্কুলীয়া শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত 'স্কাউট আৰু গাইড'ৰ (Scouts & Guides) প্ৰশিক্ষণ দিয়া হয়। ভাৰতৰো প্ৰায়বোৰ বিদ্যালয়তে ’স্কাউটিং’ শিক্ষাৰ এক অভিন্ন অংগ হৈ পৰিছে। পঢ়া-শুনা, খেলা-ধূলা আদিৰ লগতে সকলো ধৰণৰ পৰিস্থিতি বা অৱস্থাৰ সৈতে নিজকে খাপ খুৱাই লোৱাৰ শিক্ষা দিয়ে স্কাউটিঙে। এই ’স্কাউট’ শিক্ষা পদ্ধতিৰে প্ৰবৰ্তক হ’ল লৰ্ড-বেডেন পাৱেল।
লৰ্ড বেডেন পাৱেল, প্ৰথম লৰ্ড বেডেন পাৱেল | |
---|---|
![]() Founder of Scouting | |
গুপ্তনাম | B-P |
জন্ম | ২২ ফেব্ৰুৱাৰী, ১৮৫৭ Paddington, London, England |
মৃত্যু | ৮ জানুৱাৰী, ১৯৪১ Nyeri, Kenya |
চাকৰি/শাখা | British Army |
চাকৰিৰ কাৰ্যকাল | 1876–1910 |
পদমৰ্যদা | Lieutenant-General |
নেতৃত্বসমূহ |
|
যুদ্ধ-বিগ্ৰহ |
জন্ম আৰু শৈশৱসম্পাদনা কৰক
লৰ্ড বেডেন পাৱেলৰ ১৮৫৭ চনৰ ২২ ফ্ৰেবুৱাৰীত লণ্ডনৰ ’ষ্টেনহপ ষ্ট্ৰীট’ত (Stanhope Street) জন্ম হয়। অধ্যাপক টমাছ বেডেন পাৱেল আৰু তেওঁৰ তৃতীয়া পত্নী হেনেৰিটা স্মীথৰ পঞ্চম আৰু কনিষ্ঠতম পুত্ৰ সন্তান হিছাপে জন্ম লোৱা বেডেন পাৱেলৰ সম্পূৰ্ণ নাম ৰখা হয় ৰবাৰ্ট ষ্টিফেনচন্ স্মীথ বেডেন পাৱেল।
ৰবাৰ্ট বেডেন পাৱেলৰ জন্মৰ মাত্ৰ তিনি বছৰৰ ভিতৰতে দেউতাক টমাছ বেডেন পাৱেলৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত দহোটি সন্তানেৰে সৈতে সংসাৰৰ সমস্ত দয়িত্ব ল’ব লগা হয় মাক হেনেৰিটাই। অৱশ্যে সন্তান কেইটাৰ পৰস্পৰৰ মাজত থকা মিলা-প্ৰীতি আৰু মৰম স্নেহৰ ভাবে অনেক সাংসাৰিক কষ্টৰ মাজতো ভৰাই ৰাখিছিল হেনেৰিটাৰ মন।
ৰবাৰ্টৰ দেউতাক টমাছ বেডেন পাৱেল আছিল এজন প্ৰকৃতিপ্ৰেমী। তেওঁ জীয়াই থকা কালত নিজ পুত্ৰ-কন্যাসকলক লগত লৈ মাজে মাজে লোকালয়ৰ পৰা নিলগৰ বনাঞ্চললৈ ফুৰিবলৈ যোৱাটো অধ্যাপক গৰাকীৰ বৰ প্ৰিয় কাম আছিল। বনৰ বিভিন্ন গছ-বিৰিখৰ বিষয়ে তেওঁ ল’ৰা-ছোৱালী কেইটাক বুজাই দিছিল। সিহঁতক কৈছিল বনৰ পশু-পক্ষীৰ স্বভাৱৰ বিষয়ে। সেইবিলাক ঠাইৰ পৰা তেওঁ নিজে নানান ধৰণৰ গছপুলি, পখিলা আৰু চৰাইৰ কণী সংগ্ৰহ কৰি আনিছিল। তেওঁৰ মৃত্যুৰ পিছত ল’ৰা-ছোৱালী কেইটাৰ শিক্ষাদানৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰি মাক হেনেৰিটাই অধ্যাপক বেডেন পাৱেলৰ প্ৰকৃতি চৰ্চা অব্যাহত ৰাখিলে। কেবল সেয়ে নহয় তেওঁ ল’ৰা-ছোৱালীহঁতক দিয়া শিক্ষা যে সিহঁতে সঁচা অৰ্থত গ্ৰহণ কৰিছে তাৰ প্ৰতি সজাগ হৈ মাজে মাজে সিহঁতৰ পৰীক্ষাও লয়।
ৰবাৰ্ট আৰু তেওঁৰ ভাতৃ-ভগ্নীসকলৰ এই অভ্যাস চলি থাকিল। তেওঁলোকৰ প্ৰত্যেকেই নিজাববীয়াকৈ একোখন সৰু সৰু বাগিচা খুলি তাত বিভিন্ন প্ৰকাৰৰ গছপুলি ৰোৱাৰ লগতে দুই-এটা পশু-পক্ষীও পালন কৰিবলৈ ধৰিলে। ইতিমধ্যে ৰাবৰ্টৰ ডাঙৰ ককায়েক ওৱাৰিংটন নৌ-বাহিনীৰ প্ৰশিক্ষণ শেষ কৰি ঘৰলৈ উভতিছিল। এইবাৰ মাকৰ ঠাইত ওৱাৰিংটনে ভায়েক-ভনীয়েকহঁতক লৈ অভিযানলৈ যোৱা আৰম্ভ কৰিলে। এই অভিযানবোৰত তেওঁ ভায়েকহঁতক পানীত সাঁতোৰা, গছত উঠা আৰু পাহাৰ বগোৱা কৌশল আদিৰ শিক্ষা দিয়াৰ লগতে বন জঙ্ঘলৰ মাজত প্ৰয়োজন সাপেক্ষে গছৰ ডাল-পাত আৰু খেৰ আদিৰে কিভাবে একোটা জুপুৰি তৈয়াৰ কৰি ল’ব পাৰি, বা অতি কম আহাৰেৰে জীৱন-যাপন কৰিব পাৰি তাৰো শিক্ষা দিয়ে।
শিক্ষা-জীৱনসম্পাদনা কৰক
ৰবাৰ্টৰ ছাত্ৰজীৱন ঘৰৰ ওচৰৰে এখন প্ৰাইভেট স্কুলত আৰম্ভ হয়। ইয়াৰ পৰা ১১ বছৰ বয়সত তেওঁ ’Tunbridge wells’ৰ ৰ’জ হীল স্কুললৈ যায়। ইয়াত দুবছৰ পঢ়াৰ পিছত ৰবাৰ্টে দুটা ’স্কলাৰশ্বিপ’ লাভ কৰি চৰকাৰী স্কুললৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে আৰু ইয়াৰ পৰা লণ্ডনৰ চাৰ্টাৰ হাউচ স্কুলত প্ৰবেশৰ অনুমতি পায়। এই স্কুলত তেওঁ ইংৰাজী ভাষা আৰু চিত্ৰকলাৰ বিষয়ত বিশেষ পাৰদৰ্শিতা দেখুউৱাৰ লগতে খেলা-ধূলা আৰু নাট মঞ্চ আদিতো নিজ প্ৰতিভাৰ পৰিচয় দিয়ে। বন্ধৰ দিনত তেওঁ লগৰীয়াসকলক লৈ ওলাই যায় নিত্য নতুন অভিযানত। এইক্ষেত্ৰত তেওঁ পূৰ্বতে লাভ কৰা অভিজ্ঞতাসমূহ কামত খটুওৱাৰ লগতে নিজেও নতুন নতুন কৌশল উদ্ভাৱন কৰি তাৰ প্ৰয়োগতো কৃতকাৰ্যতা লাভ কৰে। এই কৌশলসমূহৰ ভিতৰত বিশেষ উল্লেখযোগ্য কেতবোৰ হ’ল-হাবি জঙ্ঘলৰ মাজত বাট চিনি উলিওৱা, ধোঁৱাহীন জুই জ্বলোৱাৰ কৌশল, দুৰ্গম পথত জান জুৰি আদি পাৰ হোৱাৰ বাবে গছৰ ডাল আৰু ৰছীৰ সহায়ত সহজতে দলং নিৰ্মাণ কৰাৰ প্ৰণালী, খাদ্যৰ অভাৱত গছৰ ফলমূল আৰু সৰু সুৰা বনৰীয়া পশু যেনে শহা আদি চিকাৰৰ সহজ উপায় ইত্যাদি।
কৰ্মজীৱনসম্পাদনা কৰক
চাৰ্টাৰ হাউচ স্কুলৰ পৰা পাছ কৰি ওলোৱাৰ পিছত ৰবাৰ্ট বেডেন পাৱেলে ইংৰাজ সৈন্যবাহিনীত যোগ দিয়ে আৰু তাৰ প্ৰথম বছৰতেই এজন কনিষ্ঠ বিষয়া হিছাপে সেই সময়ত ভাৰতত থকা হাছাৰ ৰেজিমেণ্টত কাৰ্যভাৰ গ্ৰহণ কৰিবৰ বাবে ভাৰতলৈ আহে। ভাৰতৰ লক্ষ্ণৌত কামত যোগদান কৰিয়েই ৰাবৰ্টে দেখিলে যে তেওঁৰ সমপৰ্যায়ৰ বিষয়াসকলে বছৰে ১২০ পাউণ্ডৰ যি বেতন পায় তাৰে তেওঁলোকৰ নুকুলায়গৈ। সেয়ে তেওঁলোকে ইংল্যণ্ডত থকা নিজ নিজ ঘৰৰ পৰা উপৰুৱাকৈ টকা আনিবলগীয়া হয়। কিন্তু এই অৱস্থাত ঘৰৰ পৰা পইচা অনাটো ৰবাৰ্টৰ বাবে প্ৰায় অসম্ভৱ কথা আছিল। কাৰণ মাকৰ সামান্য উপাৰ্জনেৰে ঘৰখন কোনো ৰকমেহে চলে। সেয়ে এই সমস্যাৰ সমাধানৰ বাবে ৰবাৰ্টে চিগাৰেট আৰু মদ খাবলৈ এৰি দিয়ে। টক-পইচাৰ নাটনি পূৰাবৰ বাবে ৰবাৰ্টে চিন্তা-ভাবনা কৰি ’ডেইলী গাফিক’ কাকতৰ লগত যোগাযোগ কৰি এই কাকতৰ বাবে লিখিবলৈ ধৰিলে। ইয়াৰ পৰা তেওঁ মাহে প্ৰায় ৬ গীনি মানকৈ উপৰুৱা উপাৰ্জন কৰিবলৈ সক্ষম হয়।
সৈন্য বহিনীৰ এজন বিষয়া হিছাপে তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল। খেলা-ধূলাও কৰিছিল সুন্দৰভাৱে। কিছুদিনৰ ভিতৰতে তেওঁ ৰেজিমেণ্টৰ সকলো সৈনিক আৰু তেওঁৰ জ্যেষ্ঠ বিষয়াসকলৰো প্ৰিয়-পাত্ৰ হৈ পৰিছিল। কিন্তু দুবছৰমানৰ অতিমাত্ৰা পৰিশ্ৰমৰ ফলত তেওঁ অসুস্থ হৈ পৰে আৰু নিজ দেশলৈ উভতি যাবলগীয়া হয়।
ছুটী লৈ কিছুদিন ইংল্যণ্ডত কটোৱাৰ পিছত সম্পূৰ্ণ সুস্থ হৈ তেওঁ পুনৰ ভাৰতলৈ ঘূৰি আহে আৰু নিজ ৰেজিমেণ্টত যোগ দিয়ে। ইয়াৰ পিছত ১৯০৭ চনলৈকে সৈন্য বাহিনীৰ বিভিন্ন পদত দক্ষিণ আফ্ৰিকা, ইংল্যণ্ড আৰু ভাৰতত যোগ্যতাৰে নিজ কাৰ্যকাল অতিবাহিত কৰি ৰবাৰ্ট বেডেন পাৱেলে কেভেলৰী বিভাগৰ ইন্সপেক্টৰ জেনেৰেল হিছাপে সৈন্যবাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰে। কিন্তু ইয়াৰ আগতে ১৮৯৮ চনত তেওঁ দক্ষিণ আফ্ৰিকাৰ ৰণক্ষেত্ৰত কিছুমান নতুন সমৰ কৌশল প্ৰদৰ্শন কৰি যুদ্ধত জয়ী হোৱাৰ লগতে বিশ্বজোৰা খ্যাতি অৰ্জন কৰে। সেইখিনি সময়তে তেওঁ স্কাউটিঙৰ ওপৰত ”Aids to scouting’’ নামে এখনি সৰু পুস্তিকা লিখি প্ৰকাশ কৰে[1]।
স্কাউটিং আন্দোলনসম্পাদনা কৰক
৫০ বছৰ বয়সত সৈন্য বাহিনীৰ পৰা অৱসৰ লোৱাৰ পিছত ৰবাৰ্টে নিজে যুগুত কৰা ’Aids to scouting’ নামৰ সেই পুস্তিকাৰ আধাৰতে তেওঁ আৰম্ভ কৰে ’স্কাউটিং আন্দোলন’। কিশোৰ-কিশোৰী, যুৱক-যুৱতী সকলৰ শাৰীৰিক আৰু মানসিক উন্নতি সাধনৰ দিশৰ এক গুৰুত্বপুৰ্ণ ভূমিকাত বেডেন পাৱেলৰ ”স্কাউটিং প্ৰশিক্ষণে” বিশ্বৰ বিভিন্ন দেশৰ শিক্ষানুষ্ঠান সমূহত জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰে। স্কাউটিঙৰ জনপ্ৰিয়তালৈ চাই ৰবাৰ্ট বেডেন পাৱেলে পিছত ”Scouting for Boys’’ নামেৰে আন এখন নিৰ্দেশিকা পুথি ৰচনা কৰে।
ৰবাৰ্ট বেডেন পাৱেলৰ দ্বাৰা লিখিত ’স্কাউট’ শিক্ষা প্ৰণালীৰ দুয়োখন পুথি মূলত: তেওঁৰ শৈশৱ আৰু কৈশোৰৰ অৰণ্য অভিযান সমূহৰ অভিজ্ঞতা আৰু পিতৃ-মাতৃৰ পৰা লাভ কৰা শিক্ষাৰ ওপৰতে আধাৰিত। পৰৱৰ্তী কালত ইয়াৰ কেৱল এটা সংশোধিত ৰূপহে দিয়া হৈছিল।
প্ৰথম বিশ্ব যুদ্ধৰ ওৰ পৰাৰে পৰা ’স্কাউটিং’ আন্দোলনে সমগ্ৰ বিশ্বতে যি ব্যাপকতা লাভ কৰে আৰু যিভাৱে জনপ্ৰিয়তা লাভ কৰে সি দুই এক ৰাজতান্ত্ৰিক দেশৰ চিন্তাৰ কাৰণ হৈ পৰে আৰু সেইবোৰ দেশত ইয়াক নিষিদ্ধ ঘোষণা কৰা হয়।
সন্মান আৰু মৃত্যুসম্পাদনা কৰক
১৯২১ চনত ৰবাৰ্ট বেডেন পাৱেলক, তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে লৰ্ড উপাধিৰে সন্মানিত কৰা হয়। যুৱ শক্তিক পথ প্ৰদানৰ অৰ্থে চলোৱা তেওঁৰ এই সাৰ্থক আন্দোলনত তেওঁৰ নিজ ভূমিকা পালনৰ অন্তত লৰ্ড বেডেন পাৱেলে জীৱনৰ শেষ বয়স অতিবাহিত কৰে কেনিয়াৰ এক পাহাৰীয়া অঞ্চলত। ইয়াতেই ১৯৪১ চনৰ ৮ জানুৱাৰী তাৰিখে ৮৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা- কনকসেন ডেকা; পৃষ্ঠা নং-৩৪০।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত স্কাউটিঙ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Robert Baden-Powell-ৰ সাহিত্যকৰ্ম আৰু ৰচনাৱলী - গুটেনবাৰ্গ প্ৰকল্প
- What would Baden-Powell do?