শঙ্কৰ দয়াল শৰ্মা (ইংৰাজী: Shankar Dayal Sharma; এই শব্দটোৰ বিষয়ে pronunciation ; ১৯ আগষ্ট ১৯১৮- ২৬ ডিচেম্বৰ ১৯৯৯) ভাৰতৰ নৱম ৰাষ্ট্ৰপতি আছিল। তেখেতৰ কাৰ্যকাল আছিল ১৯৯২-১৯৯৭। ইয়াৰ পূৰ্বে তেখেত ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমণৰ কাৰ্যকালত ভাৰতৰ অষ্টম উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। কেবিনেট মন্ত্ৰীও (১৯৫৬- ১৯৬৭) আছিল। ১৯৭২ৰ পৰা ১৯৭৪লৈ তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আৰু ১৯৭৪ৰ পৰা ১৯৭৭লৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল।[1]

শঙ্কৰ দয়াল শৰ্মা
নৱম ভাৰতৰ ৰাষ্ট্ৰপতি
কাৰ্যকাল
২৫ জুলাই ১৯৯২ – ২৫ জুলাই ১৯৯৭
প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও
অটল বিহাৰী বাজপায়ী
এইচ ডি দেৱেগৌড়া
ইন্দৰ কুমাৰ গুজৰাল
উপ ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণন
পূৰ্বসূৰী আৰ ভেংকটাৰমণ
উত্তৰসূৰী কে আৰ নাৰায়ণন
অষ্টম ভাৰতৰ উপৰাষ্ট্ৰপতি
কাৰ্যকাল
৩ চেপ্তেম্বৰ ১৯৮৭ – ২৫ জুলাই ১৯৯২
ৰাষ্ট্ৰপতি আৰ ভেঙ্কটৰমন
প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী
বিশ্বনাথ প্ৰতাপ সিং
পূৰ্বসূৰী আৰ ভেঙ্কটৰমন
উত্তৰসূৰী কে আৰ নাৰায়ণন
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল
কাৰ্যকাল
৩ এপ্ৰিল ১৯৮৬ – ২ চেপ্তেম্বৰ ১৯৮৭
মুখ্যমন্ত্ৰী শঙ্কৰৰাও চাৱন
পূৰ্বসূৰী কোনা প্ৰভাকৰ ৰাও
উত্তৰসূৰী কাচু ব্ৰহ্মানন্দ ৰেড্ডী
পঞ্জাবৰ ৰাজ্যপাল
চণ্ডীগড়ৰ প্ৰশাসক
কাৰ্যকাল
২৬ নৱেম্বৰ ১৯৮৫ – ২ এপ্ৰিল ১৯৮৬
মুখ্যমন্ত্ৰী সুৰজিৎ সিং বাৰ্নালা
পূৰ্বসূৰী হকিচে চেমা
উত্তৰসূৰী সিদ্ধাৰ্থ শঙ্কৰ ৰয়
অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল
কাৰ্যকাল
২৯ আগষ্ট ১৯৮৪ – ২৬ নৱেম্বৰ ১৯৮৫
মুখ্যমন্ত্ৰী নাদেন্দলা ভাস্কৰ ৰাও
এন টি ৰামাৰাও
পূৰ্বসূৰী ঠাকুৰ ৰামলাল
উত্তৰসূৰী কুবেদিন মুনিশঙ্কৰ যোশী
ব্যক্তিগত তথ্য
জন্ম ১৯ আগষ্ট ১৯১৮
ভূপাল, ভূপাল প্ৰদেশ, ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ মধ্যপ্ৰদেশ, ভাৰত)
মৃত্যু ২৬ ডিচেম্বৰ ১৯৯৯
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী বিমলা শৰ্মা
সন্তান ২জন পুত্ৰ, ১জনী জীয়ৰী
শিক্ষানুষ্ঠান লক্ষ্ণৌ বিশ্ববিদ্যালয়
কেম্ব্ৰিজ বিশ্ববিদ্যালয়
লিঙ্কনচ্ ইন
হাভাৰ্ড বিশ্ববিদ্যালয়
জীৱিকা ওকালতি, ৰাজনীতি
স্বাক্ষৰ

শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

ড॰ শৰ্মাই উচ্চশিক্ষা চেইণ্ট জনচ্ কলেজ, এলাহাবাদ বিশ্ববিদ্যালয়, লক্ষ্ণৌ বিশ্ববিদ্যালয়, ফিটজ ৱিলিয়াম কলেজ, কেমব্ৰিজ বিশ্ববিদ্যালয় আৰু লিংকনচ্ ইন এণ্ড হাভাৰ্ড ল কলেজত গ্ৰহণ কৰিছিল। তেখেতে ইংৰাজী, হিন্দী আৰু সংস্কৃত ভাষাত প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ উপাধি লৈছিল। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে এল.এল.এমতো প্ৰথম স্থান পাই উত্তীৰ্ণ হৈছিল। তেখেতে কেমব্ৰিজৰ পৰা আইন বিষয়ত পি.এইচ.ডি. লাভ কৰিছিল। সমাজ সেৱাৰ বাবে তেখেতে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা চক্ৰৱৰ্তী সোণৰ পদক পাইছিল।[2]

তেখেতে লক্ষ্ণৌ আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল। কেমব্ৰিজত তেখেত টেগ'ৰ চোচাইটি এণ্ড কেমব্ৰিজ মজলিচৰ কোষাধ্যক্ষ আছিল। পিছলৈ তেখেত হাভাৰ্ড ল স্কুলৰ ফেল' হৈছিল।[3][4][5][4]

ৰাজনৈতিক দীক্ষা

সম্পাদনা কৰক

১৯৪০ত তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছত অংশ গ্ৰহণ কৰিছিল। জীৱনৰ বাকীচোৱা সময় তেখেতে এই দলটোৰ প্ৰতি অনুগত হৈ থাকিল। দেশে স্বাধীনতা লাভ কৰাৰ পিছত ভোপালৰ নৱাবে ভূপাল প্ৰদেশ ভাৰতৰ লগত চামিল নহৈ এখন সুকীয়া ৰাজকীয় প্ৰদেশ হিচাপে থকাৰ মন কৰিলে, যাৰ বাবে প্ৰদেশখনৰ প্ৰজা নৱাবৰ প্ৰতি বিদ্ৰোহী হৈ উঠিল। ১৯৪৮ৰ ডিচেম্বৰত শঙ্কৰ দয়াল শৰ্মাই এই বিদ্ৰোহৰ নেতৃত্ব দিলে; যাৰবাবে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল। জনসভা অনুষ্ঠিত কৰাত থকা নিষেধাজ্ঞা ভঙ্গ কৰা বাবে ২৩ জানুৱাৰী ১৯৪৯ত তেখেতক ৮ মাহৰ কাৰাদণ্ড বিহা হ'ল। পিছত ৰাইজৰ হেঁচাত সেও মানি নৱাবে তেখেতক কাৰাগাৰৰ পৰা মুকলি কৰি দিলে আৰু ভোপাল প্ৰদেশক ভাৰত গণৰাজ্যত চামিল কৰাৰ চুক্তিত চহী কৰিলে।[6] ১৯৫২ চনত তেখেত ভূপাল প্ৰদেশৰ মুখ্যমন্ত্ৰী। তেখেতেই আছিল সেই সময়ৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী। ৰাজ্য পুনৰ্গঠন নোহোৱালৈ তেখেত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থাকিল। ১৯৫৬ত ভোপালকে ধৰি আৰু কেইখনমান ৰাজ্য লগলাগি মধ্যপ্ৰদেশ গঠন কৰা হয়।[7]

সক্ৰিয় ৰাজনৈতিক জীৱন

সম্পাদনা কৰক

১৯৬০ৰ দশকত ইন্দিৰা গান্ধীয়ে কংগ্ৰেছৰ নেতৃত্ব দিয়াটোক সমৰ্থন কৰিছিল। ১৯৭২ত তেখেত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি হৈছিল আৰু এ.আই.চি.চি.ৰ কলকাতা অধিবেশনত সভাপতিত্ব কৰিছিল। ১৯৫৬ৰ পৰা ১৯৬৭লৈ তেখেত মধ্যপ্ৰদেশ চৰকাৰৰ শিক্ষা,আইন, ৰাজহুৱা সেৱা, উদ্যোগ আৰু বাণিজ্য,ৰাষ্ট্ৰীয় সম্পদ আৰু পৃথক ৰাজহ দপ্তৰৰ কেবিনেট মন্ত্ৰী, ১৯৭৪-১৯৭৭ লৈ কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ মন্ত্ৰী হৈছিল।[2]

তেখেতে ৩ চেপ্তেম্বৰ ১৯৮৭ৰ পৰা ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱালৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ হৈ আছিল। তাৰ আগত তেখেতে তিনিখন ৰাজ্য, অন্ধ্ৰপ্ৰদেশ, পঞ্জাব আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপালো আছিল।[2]

ৰাষ্ট্ৰপতি নিৰ্বাচন

সম্পাদনা কৰক

শঙ্কৰ দয়াল শৰ্মা ১৯৯২ত ৰাষ্ট্ৰপতি হোৱালৈকে উপ-ৰাষ্ট্ৰপতি হৈ আছিল। প্ৰতিদ্বন্দ্ব্বী জৰ্জ গিলবাৰ্ট স্বেলৰ বিৰুদ্ধে ৬৬% ভোট পাই তেখেত নিৰ্বাচিত হৈছিল। পাঁচবছৰীয়া কাৰ্যকালত তেখেতে তিনিজনকৈ প্ৰধানমন্ত্ৰীক শপতগ্ৰহণ কৰোঁৱাইছিল।

জীৱনৰ শেষ পাঁচবছৰ শঙ্কৰ দয়াল শৰ্মাৰ শৰীৰ ৰোগ-ব্যাধিয়ে আগুৰি ধৰিছিল। ১৯৯৯ৰ ২৬ ডিচেম্বৰৰ দিনা গুৰুতৰ হাৰ্ট এটেক হোৱা বাবে তেখেতক দিল্লীৰ এখন হাস্পাতালত ভৰ্তি কৰা হৈছিল আৰু তাতেই তেখেতৰ মৃত্যু হৈছিল। কৰ্মভূমিত তেখেতৰ শৱ সৎকাৰ কৰা হৈছিল। মৃত্যুৰ সময়ত তেখেতে প্ৰথম পত্নীৰ ফালৰ পৰা এজন পুত্ৰ সতীশ দয়াল শৰ্মা আৰু দ্বিতীয় পত্নী বিমলা শৰ্মাৰ ফালৰ পৰা আন এজন পুত্ৰ আশুতোষ দয়াল শৰ্মাক এৰি থৈ যায়। তেখেতৰ জীয়াৰী গীতাঞ্জলীক স্বামী কংগ্ৰেছ সাংসদ ললিত মাকেনৰ সৈতে ১৩ জুলাই, ১৯৮৫ত নতুনদিল্লীৰ কীৰ্তি নগৰৰ মাকেনৰ বাসভৱনত খালীস্তানী উগ্ৰপন্থী হৰিন্দৰ সিং, সুখদেৱ সিং আৰু ৰঞ্জিতসিং ওৰফে কুক্কিয়ে গুলিয়াই হত্যা কৰে।[1]

  1. 1.0 1.1 "Remembering Shankar Dayal Sharma, the President of India who believed in shaming offenders with acts of kindness". https://www.indiatoday.in/education-today/gk-current-affairs/story/shankar-dayal-sharma-anniversary-1417433-2018-12-26। আহৰণ কৰা হৈছে: 25-10-2019. 
  2. 2.0 2.1 2.2 "Shankar Dayal Sharma". http://www.gloriousindia.com/biographies/shankar_dayal_sharma.html। আহৰণ কৰা হৈছে: 26-10-2019. "Shankar Dayal Sharma". http://www.gloriousindia.com/biographies/shankar_dayal_sharma.html। আহৰণ কৰা হৈছে: 26-10-2019. 
  3. "Allahabad University Alumni Association (NCR Ghaziabad-Noida Chapter): "Proud Past Alumni (Alma mater)" List", Allahabad University Alumni Association, archived from the original on 30 March 2012, https://web.archive.org/web/20120330150855/http://allduniv.academia.edu/DrVivekKumarPandey/Books/520689/Allahabad_University_Alumni_Association_NCR_Ghaziabad-Noida_Chapter_Proud_Past_Alumni_Almamator_List, আহৰণ কৰা হৈছে: 15 February 2012 
  4. 4.0 4.1 "Our Proud Past". auaa.in. 7 July 2012. Archived from the original on 7 July 2012. https://archive.today/20120707073335/http://auaa.in/?page_id=31। আহৰণ কৰা হৈছে: 2 April 2018. 
  5. "Allahbad University Alumni Association : Our Proud Past". 15 January 2008. Archived from the original on 11 October 2008. https://web.archive.org/web/20081011000917/http://www.auaa.in/proudpast.html। আহৰণ কৰা হৈছে: 2 April 2018. 
  6. S. R. Bakshi and O. P. Ralhan (2007). Madhya Pradesh Through the Ages. Sarup & Sons. পৃষ্ঠা. 360. ISBN 978-81-7625-806-7. 
  7. "मध्यप्रदेश का इतिहास "अतुल्य भारत का हृदय"". http://www.mp.gov.in/web/guest/home-history। আহৰণ কৰা হৈছে: 25-10-2019. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক