শব্দ প্ৰদূষণ (ইংৰাজী: Noise pollution) হৈছে মানুহৰ বা জন্তুৰ জীৱনৰ কাৰ্যকলাপৰ ওপৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱৰ পেলোৱাকৈ হোৱা শব্দ তথা কোলাহলৰ প্ৰসাৰ। শব্দ হৈছে অণুৰ সংঘৰ্ষত সৃষ্টি হোৱা এক কম্পন বা তৰঙ্গ, যি কোনো মাধ্যমৰ দ্বাৰা আহি আমাৰ কাণত অনুভূত হয়। বায়ু, তৰল, কঠিন এই তিনিওটা মাধ্যমৰ মাজেৰে শব্দ তৰঙ্গ পাৰ হৈ যাব পাৰে। এই তৰঙ্গ এক জটিল প্ৰক্ৰিয়াৰ দ্বাৰা মস্তিষ্কই গ্ৰহণ কৰিলে আমি শব্দ শুনা বুলি কওঁ। মানুহৰ শ্ৰৱণ ইন্দ্ৰিয়ই ২০ ৰ পৰা ২০,০০০ হাৰ্টজৰ তৰঙ্গ শব্দ গ্ৰহণ কৰি অনুধাৱন কৰিব পাৰে। শব্দৰ প্ৰাৱল্য জোখা আন্তঃৰাষ্ট্ৰীয় একক হৈছে ‘ডেচিবল’। টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ সন্মানাৰ্থে এই একক প্ৰচলিত হৈ আহিছে। বেল এককৰ এক-দশমাংশই হ’ল ‘ডেচিবল’। অৰ্থাৎ নিঃশব্দ অৱস্থাত হোৱা সামান্যতম শব্দৰ অনুভূতিয়েই হ’ল এক ‘ডেচিবল’। মানুহৰ শৰীৰ আৰু শ্ৰৱণ ইন্দ্ৰিয়ত কোনো ক্ষতি নকৰা শব্দৰ সৰ্বোচ্চ প্ৰাৱল্য মান ৬৫ ডেচিবল। শুনিবলৈ আমনিদায়ক অবাঞ্চিত শব্দবোৰক কোলাহল বোলা হয়। এই কোলাহলে যেতিয়া জীৱৰ স্বাভাৱিক জীৱন যাত্ৰাত আমনি দিয়াৰ উপৰিও শাৰীৰিক আৰু মানসিক দিশত ব্যাপক ক্ষতি কৰে তেতিয়া তাক শব্দ প্ৰদূষণ বুলি কোৱা হয়।[1]

বিমানবন্দৰৰ ওচৰৰ ঘৰবোৰৰ নিচেই ওপৰৰেৰে উৰাজাহাজ পাৰ হৈ গৈছে যি উচ্চ প্ৰাৱল্য শব্দ সৃষ্টি কৰে
যানজঁট হৈছে শব্দ প্ৰদূষণৰ এক মুখ্য কাৰণ

প্ৰদূষণৰ কাৰকসম্পাদনা কৰক

  • জনবহুল অঞ্চল তথা মহানগৰ বিলাকত হোৱা কোলাহলে শব্দ প্ৰদূষণত যথেষ্ট অৰিহনা যোগায়। বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন অনুসৰি কোনো এখন মহানগৰৰ কোলাহলৰ মান দিনৰ ভাগত ৫০ ডেচিবল আৰু ৰাতিৰ ভাগত ৪৫ ডেচিবল। পৃথিৱীৰ ভিতৰত কোলাহলৰ ক্ষেত্ৰত তৃতীয় স্থান অধিকাৰ কৰা মুম্বাই মহানগৰৰ কোনো কোনো অঞ্চলৰ কোলাহলৰ মান প্ৰায় ১০৫ ডেচিবল পৰ্যন্ত হোৱা দেখা যায়। গুৱাহাটী মহানগৰীতো অঞ্চল বিশেষে কোলাহলৰ মান ৮৫-৯০ ডেচিবল হয়।
  • বিভিন্ন যান-বাহন চলাচল কৰা সময়ত হোৱা শব্দ আৰু এইবিলাকে বজোৱা হৰ্ণ আৰু চাইৰেণৰ শব্দই শব্দ প্ৰদূষণত ভাগ লয়। এইক্ষেত্ৰত উৰাজাহাজৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। উৰাজাহাজ এখন উৰিবৰ সময়ত বা অৱতৰণৰ সময়ত শব্দৰ মান ১৪০-১৫০ ডেচিবল পৰ্যন্ত হয়।
  • কল-কাৰখানা, উদ্যোগ সমূহৰ পৰা সৃষ্টি হোৱা যান্ত্ৰিক শব্দই শব্দ প্ৰদূষণত ভাগ লয়। তদুপৰি দলং, বাট-পথ, ঘৰ আদি নিৰ্মাণৰ সময়ত হোৱা শব্দয়ো শব্দ প্ৰদূষণ ঘটায়।
  • বিজ্ঞানৰ উন্নতিৰ লগে লগে নানা ধৰণৰ মনোৰঞ্জনৰ আহিলাৰ আবিৰ্ভাৱ হব ধৰিছে যেনে: ৰেডিঅ', টেলিভিছন, লাউডস্পিকাৰ, টেপৰেকৰ্ডাৰ ইত্যাদি। উচ্চ স্বৰত এইবোৰ ব্যৱহাৰ কৰিলেও শব্দ প্ৰদূষনৰ সৃষ্টি হয়।
  • কৃষি প্ৰধান প্ৰদেশসমূহ যেনে: পঞ্জাব, হাৰিয়ানা আদিত কৃষিৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰা যন্ত্ৰ বিলাকেও শব্দ প্ৰদূষণৰ সৃষ্টি কৰে।
  • বোমা বিস্ফোৰণৰ সময়ত হোৱা শব্দই প্ৰদূষণৰ সৃষ্টি কৰে। তদুপৰি দীপাৱলী, বিয়া-সবাহ, বিভিন্ন উৎসৱ আদিত নানা ধৰণৰ ফটকা আদি ফুটোৱা হয়। এইবোৰৰ পৰা হোৱা শব্দয়ো শব্দ প্ৰদূষণ সৃষ্টি হোৱাত অৰিহণা যোগায়।
  • নানা ধৰণৰ প্ৰাকৃতিক দুৰ্ঘটনা যেনে: ভূমিকম্প, বিজুলী-ঢেৰেকনি, আগ্নেয়গিৰি আদি ঘটাৰ সময়তো শব্দ প্ৰদূষণৰ সৃষ্টি হয়।[1]

শব্দ প্ৰদূষণৰ প্ৰভাৱসম্পাদনা কৰক

  • মানুহৰ শ্ৰৱণ ইন্দ্ৰিয়ই এক নিৰ্দিষ্ট মাত্ৰাৰ শব্দহে গ্ৰহণ কৰিব পাৰে। সেয়েহে শব্দ প্ৰদূষণে মানুহৰ কাণৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পেলায়। ইয়াৰ ফলত মানুহৰ নানা ধৰণৰ কাণৰ ৰোগ হয় আৰু কেতিয়াবা কাণৰ শ্ৰৱণ শক্তি সম্পূৰ্ণৰূপে লোপ পায়।
  • বিভিন্ন ধৰণৰ শাৰীৰিক ভাৰসাম্যহীনতা বৃদ্ধি কৰিব পাৰে।
  • অবিৰাম শব্দই মানুহৰ ৰক্তপ্ৰবাহ সংকুচিত কৰে, তেজত এড্ৰিনেলিন হৰ’মনৰ ক্ষৰণ বৃদ্ধি কৰি ৰক্তচাপ বৃদ্ধি কৰে।
  • মানুহৰ কাৰ্যক্ষমতা হ্ৰাস পায়, স্নায়ৱিক বিকলতা দেখা যায়, নিউৰছিছ অনিদ্ৰা ৰোগ হয়।
  • শব্দ প্ৰদূষণৰ ফলত মূৰ কামোৰণী, মানসিক উত্তেজনা আৰু নানা ধৰণৰ মানসিক ৰোগ হয়।
  • অবিচ্ছিন্ন শব্দৰ মাজত সোমাই থকা সকলৰ হৃৎস্পন্দন বঢ়াৰ উপৰি খিঙখিঙীয়া স্বাভাৱৰ হয়।
  • মানুহৰ পাচনযন্ত্ৰৰ বিভিন্ন অংশ ক্ষতিগ্ৰস্ত হয়।
  • শিশুৰ ক্ষেত্ৰত স্নায়ৱিক প্ৰতিক্ৰিয়া ঘটায়।
  • প্ৰব্ৰজনকাৰী চৰাইবিলাকৰ বাসস্থান পৰিৱৰ্ত্তন হয়।
  • জৈৱ বৈচিত্ৰ্যতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।[1]

শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায়সম্পাদনা কৰক

ব্যাপক হাৰত বৃদ্ধি হোৱা জনসংখ্যা আৰু তাৰ আনুপাতিক ভাৱে গঢ়ি উঠা উদ্যোগিক প্ৰতিষ্ঠান, যান-বাহনৰ ব্যৱস্থা আদিয়ে শব্দ প্ৰদূষণ ব্যাপক হাৰত বৃদ্ধি কৰিছে যদিও কিছুমান প্ৰতিকাৰৰ দ্বাৰা ইয়াৰ প্ৰাৱল্য কমাব পৰা যায়।

অভিযান্ত্ৰিক পদক্ষেপ (Engineering approach)
  • জনবসতিপূৰ্ণ অঞ্চলৰ ওচৰত কল-কাৰখানা, উদ্যোগ আদি স্থাপন কৰা অনুচিত। কল-কাৰখানাবোৰৰ যন্ত্ৰপাতি উন্নতধৰণৰ কৰি তাৰপৰা অধিক শব্দ ওলোৱা বন্ধ কৰিব লাগে। দৰকাৰ অনুসৰি মেচিনবোৰত শব্দ ৰোধক (Silencers) ব্যৱহাৰ কৰিব লাগে।
  • যান-বাহনবোৰে অযথা হৰ্ণ, চাইৰেন আদি বজাব নালাগে।
  • ৰেডিঅ', লাউডস্পিকাৰ আদি কম শব্দত বজাব লাগে। লগতে প্ৰতিবেশীৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
  • বৃক্ষৰোপণ কৰি শব্দ প্ৰদূষণ ৰোধ কৰিব পৰা যায়। পৰিবেশ বিজ্ঞানীৰ মতে গছ-গছনিৰ সেউজীয়া আৱৰণে ১০-২০ ডেচিবল পৰ্যন্ত শব্দধ্বনি শোষণ কৰিব পাৰে। সেয়েহে জনবসতিপূৰ্ণ অঞ্চল, ৰাষ্ট্ৰীয় ঘাইপথ, উদ্যোগ প্ৰতিষ্ঠান আদিৰ কাষত বৃক্ষৰোপণ কৰিব লাগে।
  • বিভিন্ন সামাজিক অনুষ্ঠানত হোৱা অপ্ৰয়োজনীয় কোলাহল, হাই-উৰুমি আদি বন্ধ কৰিব লাগে।[1]
আইনসঙ্গত পদক্ষেপ (Legislative approach)
  • শব্দ প্ৰদূষণৰ উৎসবিলাক চিনাক্তকৰণ কৰি উলিয়াব লাগে।
  • জনসাধাৰণৰ মাজত শব্দ প্ৰদূষণৰ ভয়াবহতাৰ বিষয়ে প্ৰচাৰ কৰিব লাগে।
  • দীপাৱলীৰ সময়ত ফুটোৱা ফটকা বা আন আতচবাজীৰ শব্দৰ প্ৰাৱল্যৰ মান ১২৫-১৪৫ ডেচিবল হোৱাটো বাঞ্ছনীয়।[1]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 দীপালী দাস (২য় সংস্কৰণ ২০১২). পৰিবেশ অধ্যয়ন. ISBN 81-85-916-100-4.