শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমৰ শিক্ষা প্ৰতিষ্ঠান

শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয় (চমুকৈ শালকাটা জঃপঃউঃমাঃ বিদ্যালয়)খন ধুবুৰী জিলাদক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত শালকাটা গাঁ‌ৱত অৱস্থিত। এই বিদ্যালয়খন ১৯৭৯ চনত আজগৰ আলী চাহাবৰ নেতৃত্বত স্থাপণ কৰা হৈছিল।[2]

শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়
বিদ্যালয়ৰ কাৰ্য্যালয়
অৱস্থান
শালকাটা, ধুবুৰী, অসম[1], ৭৮৩৩৩০, ভাৰত
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়
প্ৰতিষ্ঠাকাল ১৯৭৯
শ্ৰেণী অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী
বৰ্তমান অধ্যক্ষ অনিল চন্দ্ৰ সাহা
প্ৰথম অধ্যক্ষ হতেম আলী সেখ
দ্বিতীয় অধ্যক্ষ আব্দুৰ ৰেজ্জাক মোল্ল্যা
তৃতীয় অধ্যক্ষ নূৰ ইছলাম
লিঙ্গ পুৰুষ-মহিলা
ছাত্ৰৰ সংখ্যা আনুমানিক ৩৫০
মাধ্যম অসমীয়া
কেম্পাছ গাওঁ অঞ্চল
Houses অধ্যক্ষ কোঠা, শ্ৰেণীকোঠা,

ঠিকনা সম্পাদনা কৰক

 
শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছোৱালী জিৰণী কোঠা।

শালকাটা গাঁ‌ৱৰ পৰা ০ কিঃমিঃ দূৰৈত, বৰকলীয়া নস্কৰা গাঁ‌ৱৰ পৰা প্ৰায় ৪ কিঃমিঃ পশ্চিমত, ফুলবাৰী (মেঘালয়)ৰ পৰা প্ৰায় ১০ কিঃমিঃ উত্তৰ-পূৱ অঞ্চলত অৱস্থিত।[3]

ইতিহাস সম্পাদনা কৰক

 
খেল পথাৰ

ধুবুৰী জিলাৰ দক্ষিণ পাৰত অৱস্থিত শালকাটা অঞ্চলটো এসময়ত অতিকৈ পিছপৰা আৰু বন্যভূমি আছিল। পিছে ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াত প্ৰব্ৰজন হৈ আহি বসবাস কৰিবলৈ লোৱা প্ৰয়াত আজগৰ আলী (B.Sc) মহোদয়ৰ নেতৃত্বত আৰু শিক্ষানুৰাগী সহযোগী সকলৰ সহায়ত এইখন মাধ্যমিক শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। এই শিক্ষানুষ্ঠানখন গঢ়াত বিশেষভাৱে সহায় কৰিছিল নাছেৰ আলী সেখ (অধিবক্তা), আঃ গণি জোদ্দাৰ, ৰমজান আলী সৰকাৰ, হোছেন আলী দেওৱানী, আবুল হোছেন, আঃ কাশেম মণ্ডল, আব্দুল হক, হাজি মিনহাজ উদ্দিন আহমেদ, আঃ গণি দেওৱানী, ডাঃ বুজৰক আলী মণ্ডল, তামিজ উদ্দিন জোদ্দাৰ, আমজাদ হোসেন ভূঞা, আলহাজ আঃ আজিজ আনছাৰী আদি ব্যক্তিৰ প্ৰচেষ্টাত শালকাটা জনপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। যিখন বিদ্যালয় আজি তেখেত সকলৰ প্ৰেৰণাৰে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নত কৰা হৈছে।[4] ১৯৭৯ চনত স্থাপিত হোৱা উচ্চ মাধ্যমিক বিদ্যালয়খন অতি কম সময়ৰ ভিতৰত দোপতদোপে চৰকাৰৰ অনুমতি তথা স্বীকৃতি পাই ১৯৯১ চনত চৰকাৰীকৰণ হৈছে আৰু বৰ্তমান বিদ্যালয়খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হৈছে যদিও এতিয়ালৈকে চৰকাৰীকৰণ হোৱা নাই।[5][6] বিদ্যালয়খনৰ আৰম্ভণিৰ পৰাই উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰতিবছৰে ১০/১১ টাকৈ লেটাৰ মাৰ্ক, ষ্টাৰ মাৰ্ক পাই প্ৰায় এশ শতাংশ ছাত্ৰী-ছাত্ৰী উত্তীৰ্ণ হৈ আহিছে।

পাঠদান দিয়া বিষয়সমূহ সম্পাদনা কৰক

উচ্চ মাধ্যমিক সম্পাদনা কৰক

ইংৰাজী, অসমীয়া, হিন্দী, আৰবী, গণিত, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান, উচ্চ গণিত, ভূগোল, কাঠমিস্ত্ৰী-শিল্প ইত্যাদি।

উচ্চতৰ মাধ্যমিক সম্পাদনা কৰক

বিদ্যালয়খনত কেৱল কলাশাখাৰ বিষয়সমূহ পঢ়ুৱা হয়। বৰ্তমান বিজ্ঞান শাখাৰ কোনো পাঠ্য পঢ়ুৱা হৈ থকা নাই।

 
শ্ৰেণী কোঠাা।

অসমীয়া, ইংৰাজী, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, বুৰঞ্জী, আৰবী, শিক্ষা, দৰ্শন আৰু তৰ্কবিজ্ঞান

সুবিধা সমূহ সম্পাদনা কৰক

বিদ্যালয়খনত পাঠদানৰ বাবে ৮টা শ্ৰেণীকোঠা, এখন কম্পিউটাৰ কোঠা (য'ত ১৫টা কম্পিউটাৰ উপলব্ধ) এটা ছোৱালীৰ জিৰণীকোঠা, প্ৰধান শিক্ষকৰ কাৰ্যালয়, শিক্ষকসকলৰ জিৰণী কোঠা, ল'ৰা আৰু ছোৱালীৰ বাবে সুকীয়া শৌচালয়, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা আৰু এখন সুবিশাল খেলপথাৰ আছে।[7]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Salkata Janapriya H.s. School School- Barkalia Sershow School". liko.in. https://liko.in/schools-in-india/school-id-36340। আহৰণ কৰা হৈছে: 4 June 2020. 
  2. আখেৰ আলী (২০১২-১৩). বিদ্যালয়ৰ নেতৃত্বত আজগৰ আলী (শুভেচ্ছা বাণী. প্ৰকাশক শালকাটা: অসম চৰকাৰ বিত্তীয় অনুদানেৰে. পৃষ্ঠা. J. 
  3. "Address of Salkata Janapria Higher Secondary School". Google Map. https://www.google.com/maps/place/Salkata+j.p+High+School/@25.9213782,90.0524452,17z/data=!3m1!4b1!4m5!3m4!1s0x3758091514dc2d4d:0x2584ff49772841cb!8m2!3d25.9213734!4d90.0546339. 
  4. আব্দুৰ ৰেজ্জাক মোল্ল্যা (প্ৰধান শিক্ষকৰ কলমৰ পৰা) (2012-13). জ্ঞান জ্যোতি. প্ৰকাশক শালকাটা: অসম চৰকাৰৰ বিত্তীয় অনুদানৰ সহায়ত প্ৰকাশিত. পৃষ্ঠা. D-E. 
  5. "SALKATA JANAPRIYA H.S. SCHOO". VIDHYANT. https://vidhyant.com/schools/1650310/Salkata-Janapriya-H-S-School। আহৰণ কৰা হৈছে: 4 June 2020. 
  6. শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয় (2012-13). HSLC আৰু HSSLC ৰ ফলাফল. প্ৰকাশক Salkata: অসম চৰকাৰৰ বিত্তীয় অনুদানৰ সহায়ত প্ৰকাশিত. পৃষ্ঠা. 52. 
  7. "About SALKATA JANAPRIYA H.S. SCHOOL". schools.org.in. https://schools.org.in/dhubri/18020700431/salkata-janapriya-h-s-school.html। আহৰণ কৰা হৈছে: 4 June 2020.