শিলপুখুৰী হৈছে অসমৰ কামৰূপ জিলাৰ গুৱাহাটীৰ এটি ব্যস্ত আৰু ঘন বসতিপূৰ্ণ অঞ্চল।[1] ১৮৯৯ খ্ৰীষ্টাব্দত শিলপুখুৰী অঞ্চলটো গুৱাহাটী পৌৰসভাৰ অন্তৰ্ভুক্ত হয়। শিলপুখুৰীৰ পুৰণি নাম আছিল কুকুৰমুতা। গুৱাহাটীৰ এটি পুৰণি পুখুৰী 'শিলপুখুৰী'ৰ কাষে-পাজৰে এটি জনবসতি গঢ় লৈ উঠিছিল। এই অঞ্চলটোৱেই পিছলৈ শিলপুখুৰী নামে জনাজাত হয়।

শিলপুখুৰী
—  অঞ্চল  —
Guwahati War Cemetery.jpgশিলপুখুৰী অঞ্চলত থকা গুৱাহাটী যুদ্ধ সমাধিস্থান
শিলপুখুৰী is located in Assam
শিলপুখুৰী
অসমৰ মানচিত্ৰত শিলপুখুৰীৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°11′20″N 92°45′54″E / 26.1888°N 92.7651°E / 26.1888; 92.7651স্থানাংক: 26°11′20″N 92°45′54″E / 26.1888°N 92.7651°E / 26.1888; 92.7651
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কামৰূপ (মহানগৰ)
সময় অঞ্চল ভা মা স (গ্ৰী.মা.স.+5:30)
পিন ৭৮১০০৩

কুকুৰমুতা সম্পাদনা কৰক

মূৰ-ডাঙৰ কাঠফুলাৰে, যাক সেই ঠাইৰ পুৰণি বিহাৰী বাসিন্দাসকলে 'কুক্কুৰমুট্টা' বুলিছিল - সমগ্ৰ অঞ্চলটো ভৰি আছিল। সেয়ে 'কুক্কুৰমুট্টা'ৰ অপভ্ৰংশ 'কুকুৰমুতা' নামেৰে অঞ্চলটোৱে পৰিচিতি লাভ কৰিছিল। এই কুকুৰমুতা অঞ্চলটো পূবে শিলপুখুৰী আৰু পশ্চিমে দীঘলীপুখুৰী পৰ্যন্ত বিয়পি আছিল।[1]

শিলপুখুৰী সম্পাদনা কৰক

শিলপুখুৰীৰ প্ৰাচীন নাম হ'ল ন-কোণীয়া পুখুৰী। ইংৰাজৰ ৰাজত্বকাললৈকে এই পুখুৰীৰ নাম ন-কোণীয়া পুখুৰী আছিল। পিছত পুখুৰীৰ পাৰত থকা এচটা পুৰণি লিপিখচিত শিলৰপৰাই এই পুখুৰীৰ নাম শিলপুখুৰী হয় বুলি ধৰা হয়। এই শিলালিপিৰ মতে, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ১৭৫৩ খ্ৰীষ্টাব্দত তৰুণ দুৱৰা বৰফুকনে এই পুখুৰীটো খন্দাইছিল। পুৰণি শিলপুখুৰীৰ নটা কোণত নটা পাটনাদ আছিল। এই নটা পাদনাদৰ পানীৰে নৱগ্ৰহৰ নজন গ্ৰহ দেৱতাক ধুওৱা হৈছিল বুলি জনপ্ৰবাদ আছে।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 কুমুদেশ্বৰ হাজৰিকা (ডিচেম্বৰ, ২০০২). ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী. অসম পাব্লিচিং কোম্পানী. পৃষ্ঠা. ১৮৩, ১৬৫, ১৮. ISBN ৯৭৮-৮১-৮৬৩৮৪-৯১-X.