শিশু আৰু কম বয়সীয়াসকলৰ লোককথা বা লোক-সংস্কৃতিক শিশু লোককথা (ইংৰাজী: Childlore) বুলি কোৱা হয়। এনে লোককথাৰ ভিতৰত শিশুৰ গীত-মাত, যেনে বিদ্যালয়ৰ খেলপথাৰত খেলা খেল-ধেমালি আৰু শিশু গীত আদিক অন্তৰ্ভুক্ত কৰা হৈছে। এই ক্ষেত্ৰখনৰ আটাইতকৈ পৰিচিত গৱেষক আছিল ইয়না আৰু পিটাৰ অপি (Iona and Peter Opie)।[1]

নিউ য়ৰ্কৰ পথত খেলি থকা কেইটামান ছিৰিয়ৰ শিশু

অৱলোকন সম্পাদনা কৰক

শৈশৱৰ বিষয়বস্তুৰ ভিতৰত প্ৰায় ৬ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ পৰম্পৰা যেনে খেল, সাঁথৰ, ছন্দবদ্ধ কবিতা, কৌতুক, ধেমালি, অন্ধবিশ্বাস, যাদুৰ কৌশল, বুদ্ধিমত্তা, গীতৰ কথা, ছলনা, উপনাম, ডাকৰ বচন, পেৰ’ডি, মৌখিক আইন, ঋতুভিত্তিক ৰীতি-নীতি, নিৰ্যাতন আদি অন্তৰ্ভুক্ত কৰা হয়।[2] ইয়াৰ লগতে ব্যক্তিগত কাৰ্য্যকলাপ যেনে একক খেল, দিবাস্বপ্ন, কল্পনা, কাল্পনিক বন্ধু আৰু নায়ক, সংগ্ৰহ, স্ক্ৰেপবুক, আৰ্হি জগত, কমিক পঢ়া, গণমাধ্যমৰ প্ৰতি আগ্ৰহ, নাটকীয় উপস্থাপন, গল্প, শিল্প আদিও অন্তৰ্ভুক্ত কৰা হয়।[2]

লোককথাৰ এটা শাখা হিচাপে শিশুৰ লোককথাই সেইবোৰ কাৰ্য্যকলাপৰ অধ্যয়ন কৰে যিবোৰ কাৰ্য্যকলাপ শিশুৱে নিজে শিকে আৰু আন শিশুলৈ প্ৰেৰণ কৰে। প্ৰাপ্তবয়স্কই শিকোৱা কাহিনী আৰু খেলবোৰ শিশুৱে আহৰণ নিজকে খাপ খুৱাই নিজৰ কৰি লোৱাৰ বাহিৰে শিশুৰ লোককথা বুলি গণ্য কৰা নহয়। মাধ্যমিক বিদ্যালয়ত ভৰ্তি হোৱাৰ পিছত যৌৱন আৰু কৈশোৰ অৱস্থাত উপনীত হোৱাৰ লগে লগে সাধাৰণতে শিশুৱে শৈশৱত পালন কৰা পৰম্পৰাবোৰ পালন কৰিবলৈ বন্ধ কৰি দিয়ে।[3] সেয়ে পশ্চিমীয়া সংস্কৃতিত বেছিভাগ লোককথাবিদেই প্ৰাথমিক বিদ্যালয় বা কিণ্ডাৰগাৰ্টেনত সমনীয়াৰ লগত যোগদান কৰাৰ সময়ত শিশুৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইয়না আৰু পিটাৰ অপিযে দেখুৱাইছিল যে শিশুৰ সংস্কৃতি যথেষ্ট স্বকীয় আৰু এয়া তেওঁলোকৰ চাৰিওফালে থকা প্ৰাপ্তবয়স্ক জগতখনে প্ৰায়ে লক্ষ্য নকৰে।[3]

প্ৰাপ্তবয়স্কৰ লোককথাত যিদৰে দ্ৰুত পৰিৱৰ্তন সংঘটিত হয় তাৰ বিপৰীতে শিশুৰ লোককথাবোৰ পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাই অপৰিবৰ্তিত হৈ থাকে বা শিশুৰ লোককথাবোৰ অধিক ৰক্ষণশীল।[4]

প্ৰাক-প্ৰাথমিক পদ্য সম্পাদনা কৰক

প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ পদ্যবোৰ হৈছে সৰু ল'ৰা-ছোৱালীক কোৱা বা গোৱা পৰম্পৰাগত কবিতা বা গীত। প্ৰাক-প্ৰাথমিক পদ্যৰ ইংৰাজী “নাৰ্ছাৰী ৰাইম” (Nursery rhymes) শব্দটো ব্ৰিটেইনত ১৮ শতিকাৰ শেষৰ ফালে আৰু ১৯ শতিকাৰ আৰম্ভণিৰ পৰাই আৰম্ভ হৈছিল য'ত আজি জনাজাত প্ৰাচীন প্ৰাক-প্ৰাথমিক পদ্যৰ বেছিভাগেই ইংৰাজী ভাষাত লিপিবদ্ধ কৰা হৈছিল যদিও শেষত আন দেশলৈও বিয়পি পৰে।[5] শিশুৰ প্ৰাক-প্ৰাথমিক পদ্যৰ পৰম্পৰাক বহুলাংশে লিখিত আৰু মৌখিক উভয় ধৰণৰ মৌখিক জ্ঞান বুলি গণ্য কৰা হয়, য'ত শৈলী আৰু সুৰৰ ভিন্নতা থকা পুনৰাবৃত্তিমূলক আৰ্হিৰ পৰম্পৰাগত উচ্চাৰণ থাকে।[6]

খেল-ধেমালি সম্পাদনা কৰক

শিশুৰ জীৱনত খেল-ধেমালিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। খেল-ধেমালিয়ে দৈহিক অংগ-প্ৰত্যংগৰ বিকাশ আৰু সঞ্চালন ক্ষমতা আহৰণত সহায় কৰে। শিশুৰ সামাজিক-আৱেগিক বিকাশৰ ক্ষেত্ৰতো খেল-ধেমালিয়ে যথেষ্ট প্ৰভাৱ পেলাই।[7]

অসমত প্ৰচলিত শিশুৰ উপযোগী কিছুমান পৰম্পৰাগত খেল-ধেমালি হৈছে - হৈ গুদু, কুকুৰা যুঁজ, ৰজা ৰাণী খেল, চেংগুটি, খলিগুটি আদি।

সাধুকথা সম্পাদনা কৰক

সাধুকথা হৈছে লোক-সাহিত্যৰ এটা উল্লেখযোগ্য বিভাগ। সাধুকথাবোৰ সাধাৰণতে এক অনিৰ্দিষ্ট ৰূপৰ এক শিশুৰ লোককথা। এইবোৰত সাধুকথাবোৰৰ জৰিয়তে শিশুৰ নৈতিকতাৰ বিকাশ হয় বুলি ধাৰণা কৰা হয়।

অসমৰ সাধুকথা সম্পাদনা কৰক

অসমীয়া সাধুকথা পুৰণি অসমীয়া লোক সাহিত্যৰ এক অমূল্য সম্পদ। সাধুকথাৰ ইংৰাজী প্ৰতিশব্দ হ’ল Tales, Legends, Myths, Fables আদি৷[8]

সাঁথৰ সম্পাদনা কৰক

সাঁথৰ হৈছে মানুহৰ মুখেমুখে প্ৰচলিত হৈ থকা এক প্ৰকাৰৰ লোক-সাহিত্য। সাঁথৰবোৰ সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয়। সাঁথৰৰ গুপ্ত অৰ্থ ভেদ কৰিব নোৱাৰিলে সাঁথৰৰ পৰা আনন্দ লাভ কৰাটো টান হৈ পৰে৷ সাঁথৰৰ উত্তৰ দিবলৈ চিন্তন আৰু মননৰ আৱশ্যক৷[9]

কৌতুক সম্পাদনা কৰক

কৌতুক হৈছে এক প্ৰকাৰৰ হাস্যৰসৰ প্ৰদৰ্শন। কৌতুকসমূহত কোনো নিৰ্দিষ্ট আৰু সুনিৰ্দিষ্ট আখ্যান শব্দ গাঁথনিৰ জৰিয়তে ব্যৱহাৰ কৰি মানুহক হাঁহিবলৈ উপস্থাপন কৰা হয়।[10] কৌতুক কোৱাৰ পৰম্পৰাই ভৱিষ্যতে শিশুৰ মাজত ধেমেলীয়া সম্পৰ্ক গঢ় লোৱাত অৰিহণা যোগায়।

কাল্পনিক বন্ধু সম্পাদনা কৰক

কাল্পনিক বন্ধু হৈছে এক মানসিক আৰু সামাজিক পৰিঘটনা য'ত বন্ধুত্ব বা অন্যান্য আন্তঃব্যক্তিগত সম্পৰ্ক শাৰীৰিক বাস্তৱতকৈ কল্পনাত সংঘটিত হয়।

যদিও শিশুৰ বাবে তেওঁলোকে সৃষ্টি কৰা কাল্পনিক বন্ধুসকলক বাস্তৱ যেন অনুভৱ কৰে, তথাপিও শিশুসকলে সাধাৰণতে বুজি পায় যে তেওঁলোকৰ কাল্পনিক বন্ধুসকল বাস্তৱ নহয়।[11]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Bishop, Julia C. (2014-09-02). "The lives and legacies of Iona and Peter Opie" (en ভাষাত). International Journal of Play খণ্ড 3 (3): 205–223. doi:10.1080/21594937.2014.993208. ISSN 2159-4937. http://www.tandfonline.com/doi/abs/10.1080/21594937.2014.993208. 
  2. 2.0 2.1 Sutton-Smith 1970:1–8.
  3. 3.0 3.1 Grider 1980:159–160
  4. Fine, Gary Alan (1980). "Children and Their Culture: Exploring Newell's Paradox". Western Folklore খণ্ড 39 (3): 170–183. doi:10.2307/1499799. ISSN 0043-373X. https://www.jstor.org/stable/1499799. 
  5. Galway, Elizabeth (2013-06-25). "Nursery Rhymes". Oxford Bibliographies Online Datasets. doi:10.1093/obo/9780199791231-0124. http://dx.doi.org/10.1093/obo/9780199791231-0124. 
  6. McLeod, Norma; Dorson, Richard M. (January 1975). "Folklore and Folklife: An Introduction". Ethnomusicology খণ্ড 19 (1): 145. doi:10.2307/849754. ISSN 0014-1836. http://dx.doi.org/10.2307/849754. 
  7. মৃণালী দেৱী (১৫ নবেম্বৰ ২০২১). "শিশুৰ মানসিক-বৌদ্ধিক বিকাশে মানৱ সম্পদ গঢ়ি তোলে". নিয়মীয়া বাৰ্তা. https://niyomiyabarta.com/city/birth-day-celebrations-kalish-nath-sarma/. 
  8. ববিতা শৰ্মা (১ আগষ্ট ২০১৯). "সাধুকথা : এটি আলোচনা". ফটাঢোল. https://fotadhol.com/?p=10927. 
  9. শৰ্মা, শশী (১৯৯৩). অসমৰ লোকসাহিত্য. ষ্টুডেণ্টছ ষ্টোৰচ্. পৃষ্ঠা. ৩২১. ISBN 81-85905-23-1. 
  10. "Definition of JOKE" (en ভাষাত). www.merriam-webster.com. 2023-06-11. https://www.merriam-webster.com/dictionary/joke। আহৰণ কৰা হৈছে: 2023-06-15. 
  11. Taylor, M. (1999) Imaginary Companions and the Children Who Create Them. New York: Oxford University Press.