শিৱনাথ বৰ্মন

অসমীয়া শিক্ষাবিদ

শিৱনাথ বৰ্মন (ইংৰাজী: Sivanath Barman) একাধাৰে এগৰাকী অসমীয়া অধ্যাপক, লিখক, সম্পাদক, অভিধান প্ৰণেতা আৰু অনুবাদক।[1] তেখেত ‘জনসাধাৰণ’ বাতৰি কাকতৰ মুখ্য সম্পাদকৰূপেও সেৱা আগবঢ়াইছিল। [2] ২০২২ বৰ্ষত তেখেতৰ জীৱনযোৰা সাহিত্যিক অৱদানৰ বাবে ‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা’ প্ৰদান কৰা হয়। [3]২০২২ চনত, তেখেতক অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা প্ৰদান কৰা হৈছিল।[4]

শিৱনাথ বৰ্মন
জন্ম ১৯৪২
যোৰহাট জিলা
মৃত্যু ১৫ ডিচেম্বৰ, ২০২২
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান কটন মহাবিদ্যালয়
পেচা সাহিত্যিক, শিক্ষক, সম্পাদক, গৱেষক
ধৰ্ম হিন্দু ধৰ্ম

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

শিৱনাথ বৰ্মনৰ জন্ম কাল— চৰকাৰী ভাৱে ১৯৪২ চন আৰু সোঁৱৰণী মতে ১৯৪১ চন। তেখেতৰ জন্ম স্থান যোৰহাট জিলা। পিতৃৰ নাম কাশীনাথ বৰ্মন আৰু মাতৃৰ নাম ভবাণীবালা বৰ্মন। পিতৃ নলবাৰী চহৰৰ পশ্চিমৰ চামতা অঞ্চলৰ আমনি গাঁৱৰ মানুহ আছিল। তেওঁ যোৰহাট নৰ্মাল স্কুলৰ পৰা পৰীক্ষা পাছ কৰি সেই স্কুলতে চাকৰি কৰিছিল। সেই স্কুলৰে শিক্ষক আবাসত শিৱনাথ বৰ্মনৰ জন্ম। মাতৃ ভবাণীবালা আছিল বৰ্তমান মৰিগাঁও জিলাৰ অন্তৰ্গত জাগী ভকত গাঁৱৰ ছোৱালী। [1]

শিক্ষা সম্পাদনা কৰক

বৰ্মনৰ জন্মৰ এবছৰ মান পিচতেই পিতৃ শিৱসাগৰ চৰকাৰী হাইস্কুললৈ বদলি হয়। সেয়েহে বৰ্মনে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল নাজিৰাত। ১৯৫৯ চনত নাজিৰাৰ ল'ৰাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ গুৱাহাটীৰ কটন কলেজত নাম ভৰ্তি কৰে। ১৯৬৩ চনত পদাৰ্থ বিজ্ঞানত সম্মানসহ স্নাতক পৰীক্ষা পাছ কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নাম লগায় আৰু দুবছৰ পিচত একেটা বিষয়তে স্নাতকোত্তৰ পৰীক্ষাতো উত্তীৰ্ণ হয়। পৰীক্ষা দি পৰীক্ষাৰ ফলাফল ওলোৱাৰ আগতেই তেওঁ শিৱসাগৰ মহাবিদ্যালয়ত শিক্ষকৰ পদত সোমায়। তাত ডেৰ বছৰমান থকাৰ পিচত তেওঁ কটন মহাবিদ্যালয়লৈ আহে। চৰকাৰী চাকৰিত মুক্ত চিন্তাৰ সুযোগ নাপাব বুলি এই চাকৰি এৰি দি গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়। ২০০২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছতো গুৱাহাটীৰে এখন ব্যক্তিগত জুনিয়ৰ কলেজত ৰেক্টৰ হিচাপে দুবছৰমান থকাৰ পিচত তেওঁ সেই চাকৰিও ত্যাগ কৰে। ২০০৮ চনত তেওঁ ‘জনসাধাৰণ’ কাকতৰ দায়িত্বভাৰ লয় আৰু আঠ বছৰ চাকৰি কৰাৰ পিচত সেই পদ ত্যাগ কৰে।[1]

সাহিত্যৰাজি সম্পাদনা কৰক

  • আইনষ্টাইন আৰু পদাৰ্থ জগত (১৯৭৬) (প্ৰথম সংস্কৰণৰ পিছত আইনষ্টাইন আৰু পদাৰ্থ বিজ্ঞান নামেৰ গ্ৰন্থখন প্ৰকাশ হয়)]
  • স্বদেশ-স্বমত (১৯৮০)
  • ন মনুষ্যৎ (১৯৮২)
  • লোক-কৃষ্টিৰ উৎস (১৯৮২)
  • অন্বেষা (১৯৮৪)
  • পদাৰ্থ বিজ্ঞান প্ৰবেশ (১৯৮৪)
  • শ্ৰীমন্ত শংকৰদেৱ: কৃতি আৰু কৃতিত্ব (১৯৮৬)
  • বাস্তৱ নে বিভ্ৰম (প্ৰসেনজিৎ চৌধুৰীৰ সৈতে, ১৯৮৬, বাংলা অনুবাদ-২০১৩)
  • টংক মামাৰ অংকৰ সাধু (১৯৮৮)
  • বিশ্বৰ বৰেণ্য বিজ্ঞানী (১৯৮৮)
  • কিৰ্তিৰ্যস্য (১৯৯১)
  • অসমীয়া জীৱনী অভিধান (১৯৯২)
  • অসমীয়া আখৰ জোঁটনিৰ কথা (১৯৯৩, ১৯৯৮, ২০১৩)
  • শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ উত্তৰ সুৰীসকল (১৯৯৩)
  • অসমীয়া ব্যাকৰণ অভিধান (১৯৯২)
  • ভাৰতীয় চিন্তা (১ম খণ্ড, ১৯৯৩)
  • সংস্কৃতিৰ সংকট (১৯৯৪)
  • ভাৰতীয় চিন্তা (২য় খণ্ড, ১৯৯৫)
  • অসমৰ জনজাতি সমস্যা (১৯৯৫)
  • মৃত-বিস্মৃত (১৯৯৬)
  • ক্ষুৰতম কণাৰ সন্ধানত (১৯৯৫), ‘মৌলিক কণাৰ কাহিনী’ নামেৰে ২০১৩ )
  • ইমানুৱেল কাণ্ট: মানুহজন আৰু তেওঁৰ মতবাদ (১৯৯৫)
  • মহান বিজ্ঞানীৰ চানেকি জীৱনৰ (১৯৯৮, অসম জাতীয় বিদ্যালয়ৰ পৰা)
  • আলবাৰ্ট আইনষ্টাইন (১৯৯৮)
  • গেলিলিঅ'(২০০৫)
  • হেমচন্দ্ৰ বৰুৱা (২০০৬)
  • অৰ্দ্ধ আকাশ (২০০৯)
  • মাটি কমলাৰ কুকি (২০১০)
  • টংক মামাৰ শব্দৰ সাধু (২০১২)
  • ভাকুটকুট (২০১২)
  • ভাৰতীয় চিন্তা: চমু পৰিচয় (পূৰ্বৰ দুটা খণ্ডৰ একত্ৰ সংকলন, ২০১৩)
  • ৰূপান্তৰৰ ৰেহৰূপ (২০১৩)
  • সাধক আৰু সাধনা (২০১৩)
  • প্ৰত্যাবৰ্তন (২০১৪)
  • অশ্ৰু-অৰ্ঘ্য (২০১৪)
  • নাম যাৰ ফিবনাচ্ছি (২০১৪)
  • ভূমৈব সুখম (২০১৬)
  • অমৃত পুত্ৰ (২০১৭)

ইংৰাজী সম্পাদনা কৰক

  • An Unsung Colossus: An Introduction to the life and work of Sankerdeva (1997)
  • Competitive Physics (Two volumes 2001 )
  • Tradition to modernity: Essays on Assam (2002)
  • Science and Sensibility (2014)

অনূদিত গ্ৰন্থ সম্পাদনা কৰক

  • একক সংস্কৃতিৰ অভিমুখে (বিজ্ঞান আৰু ক'লাৰ সেতুবন্ধন বিষয়ক প্ৰবন্ধৰ সংকলন আৰু অনুবাদ ১৯৯২)
  • বিজ্ঞান আৰু বিজ্ঞানী (On Science and Scientist গ্ৰন্থৰ অনুবাদ ৰবীন্দ্ৰ কুমাৰ দাসৰ সৈতে যুটীয়াকৈ, ১৯৯৯)

সম্পাদিত গ্ৰন্থ সম্পাদনা কৰক

  • বিষ্ণুপ্ৰসাদ ৰাভা: জীৱন আৰু কৃতি (নলিনীধৰ ভট্টাচাৰ্য, পৰমানন্দ মজুমদাৰৰ সৈতে যুটীয়াকৈ, ১৯৮৫)
  • ভবানন্দ দত্তঃ তেওঁৰ জীৱন আৰু প্ৰতিভা (ৰঞ্জিৎ দেৱগোস্বামী আৰু পৰমানন্দ মজুমদাৰৰ সৈতে যুটীয়াভাবে, ১৯৯৫)
  • বন্দীত বলো (মুনীন বৰকটকী) জীৱনীমূলক ৰচনা, ১৯৯৫)
  • ৰবীন্দ্ৰনাথ (পৰমানন্দ মজুমদাৰৰ সৈতে যুটীয়াভাবে, ১৯৯৬)
  • আধুনিকতাৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱা (১৯৯৬, ২০১৬ সম্পাদনা সহযোগী- প্ৰসেনজিৎ চৌধুৰী আৰু অৰুণ শৰ্মা)
  • সংগ্ৰামেই যাৰ জীৱন (অৰবিন্দ ঘোষ স্মৃতিমাল্য, ১৯৯৬)
  • সুন্দৰৰ সৈনিক (নলিনীধৰ ভট্টাচাৰ্য অভিনন্দন গ্ৰন্থ, পৰমানন্দ মজুমদাৰ আদিৰ সৈতে যুটীয়াকৈ, ১৯৯৭)
  • প্ৰশংসা শংকৰদেৱ (প্ৰবন্ধ সংকলন, ১৯৯৭)
  • অসমীয়া সাহিত্যৰ বুৰঞ্জী, ২য় খণ্ড (সহযোগী নাৰায়ণ দাস, ১৯৯৭, ২০১৫)
  • অসমীয়া নাৰী: ঐতিহ্য আৰু উত্তৰণ (পৰমানন্দ মজুমদাৰ, সন্ধ্যা দেৱীৰ সৈতে মুটীয়াকৈ, ২০০২)
  • তিনি পুৰুষৰ গল্পৰ কুকি (শৰৎ চন্দ্ৰ গোস্বামী, তেওঁৰ কন্যা আৰু নাতিনীৰ গল্প সংকলন, ২০০২)
  • উদয় দত্ত (ৰচনাৱলী আৰু শ্ৰদ্ধাঞ্জলি, ২০০৩)
  • সুৱদী সোলেং (অসমীয়া হাস্য-ব্যঙ্গ কবিতাৰ সংকলন, ২০০৮)
  • ঐতিহ্য আৰু ইতিহাস (অমলেন্দু গুহ অভিনন্দন গ্ৰন্থ, প্ৰসেনজিৎ চৌধুৰী আদিৰ সৈতে, ২০০৫)
  • সাক্ষৰ (আৰ্যবিদ্যাপীঠ কলেজৰ শিক্ষক আৰু প্ৰাক্তন ছাত্ৰৰ নিৰ্বাচিত ৰচনা সংকলন, সহযোগী দিগন্ত ওজা, ২০০৯)
  • সংগ্ৰাম আৰু সংবীক্ষা (অনিল ৰায়চৌধুৰী অভিনন্দন গ্ৰন্থ, পৰমানন্দ মজুমদাৰ আনিৰে সৈতে, ২০১১)
  • প্ৰসন্নলাল চৌধুৰী ৰচনাৱলী (২০১১)
  • পথ আৰু পাথেয় (দিলীপ শৰ্মা স্মাৰক গ্ৰন্থ, সহযোগী ত্ৰিদিব বৰপূজাৰী, ২০১৩)
  • কাশীনাথ বৰ্মন ৰচনাৱলী (২০১৩)
  • অভবাৰা (অমলেন্দু গুহ স্মাৰক গ্ৰন্থ, জুনু বৰা, প্ৰসূন বৰ্মনৰ সৈতে যুটীয়াকৈ, 2০১৫)
  • সংকটৰ সংকেত, ২০১৬ ২২। মুগাগামী : [[হেমচন্দ্ৰ বৰুৱা][ৰ কৰ্ম আৰু প্ৰতিভা (২০১৬, আধুনিকতাৰ অগ্ৰদূত বৰ্জিত সংস্কৰণ)
  • অজ্ঞান মনষ্কতাৰ বাটকটীয়া: হেমচন্দ্ৰ বৰুৱা (২০১৭)
  • Pensive Pioneers (Collection of Essays on Eminent Personalities of Assam, 2013)

সম্পাদিত আলোচনী সম্পাদনা কৰক

বিজ্ঞান জেউতী, বিদ্যাৰ্থী, ছাত্ৰ সাৰথি, Students World, সম্প্ৰীতি ইত্যাদি।

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা-২০২২’ সাদিন-প্ৰতিদিন গোষ্ঠী, [5]
  • ছগনলাল জৈন বঁটা

প্ৰসংগসূত্ৰ সম্পাদনা কৰক