শীতৰ বতাহ আৰু বৰষুণ (ইংৰাজী: Xeetor Botah Aru Boroxun) হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক আৰু চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ দ্বাৰা লিখিত এখন গল্পৰ সংকলন। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০২১ চনৰ অক্টোবৰ মাহত প্ৰকাশিত হৈছিল। অসমীয়া প্ৰকাশন গোষ্ঠী বান্ধৱে গ্ৰন্থখন প্ৰকাশ কৰে। [1]

শীতৰ বতাহ আৰু বৰষুণ  
লেখক অপূৰ্ব শৰ্মা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ গল্প-সংকলন
প্ৰকাশ ২০২১, প্ৰথম প্ৰকাশ (প্ৰকাশক: বান্ধৱ)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৩৮

গল্পকাৰৰ চমু পৰিচয় সম্পাদনা কৰক

গল্পকাৰ-সমালোচক অপূৰ্ব শৰ্মাৰ জন্ম হৈছিল ১৯৪৩ চনত। তেখেতৰ বাঘে টাপুৰ ৰাতি, এজন কবিৰ মৃত্যু আৰু এজোপা বাৰমহীয়া আম, নাগৰিক আদি উল্লেখযোগ্য গল্প-সংকলন। "বাঘে টাপুৰ ৰাতি" গ্ৰন্থখনৰ বাবে তেখেতে ২০০০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এগৰাকী কীৰ্তিমান চলচ্চিত্ৰ সমালোচক হিচাপেও পৰিচিত অপূৰ্ব শৰ্মাই অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ শীৰ্ষক গ্ৰন্থখনৰ বাবে ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত শ্ৰেষ্ঠ চলচ্চিত্ৰ গ্ৰন্থৰ বঁটা লাভ কৰে৷

গ্ৰন্থৰ চমু পৰিচিতি সম্পাদনা কৰক

গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা গল্পকেইটা হৈছে:

  • ধন্য নৰতনু
  • ক্ষুৰৰ ধাৰেৰে খোজ
  • স্থাৱৰ
  • দুৰ্বৃত্তৰ ইতিবৃত্ত
  • শীতৰ বতাহ আৰু বৰষুণ

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অপূৰ্ব শৰ্মা. শীতৰ বতাহ আৰু বৰষুণ. বান্ধৱ প্ৰকাশন.