শ্ৰীয়া চৰণ

ভাৰতীয় অভিনেত্ৰী আৰু মডেল


শ্ৰীয়া চৰণ ভাটনাগৰ (ইংৰাজী: Shriya Saran Bhatnagar) (জন্ম-১১ ছেপ্টেম্বৰ ১৯৮২) -ক শ্ৰীয়া নামেৰেও জনা যায়৷ শ্ৰীয়া এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল৷ তেখেতে সাধাৰণতে তেলেগু, তামিল আৰু হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ দেহৰাদুনত জন্ম লাভ কৰা শ্ৰীয়াই শৈশৱৰ অধিকাংশ সময় হৰিদ্বাৰত অতিবাহিত কৰিছিল৷ ২০০১ চনত তেখেতৰ নৃত্যগুৰু ৰেণু নাথানে থিৰকটি কিউ হাৱা নামৰ এটি সংগীত ভিডিঅ’ত অংশগ্ৰহণৰ সুবিধা উলিয়াই দিয়ে৷ এই ভিডিঅ’টোৱে শ্ৰীয়াৰ পৰিসৰ বঢ়ালে আৰু ভাৰতীয় ছবিৰ জগতখনত পৰ্যাক্ৰমে শ্ৰীয়াক দেখিবলৈ পোৱা গ’ল৷ শ্ৰীয়াই এগৰাকী প্ৰতিভাশালী নৃত্যশিল্পী হোৱাৰ বাসনা পুহি ৰাখিছিল যদিও তেখেতক শীৰ্ষ চৰিত্ৰত অভিনয়ৰ সুযোগ দিয়া হ'ল৷ ২০০১ চনত তেলেগু ছবি ইষ্টমৰ জৰিয়তে শ্ৰীয়াৰ অভিষেক ঘটে৷ তাৰ ঠিক পিছৰটো বছৰতে শ্ৰীয়াই ব্যৱসায়িকভাৱে সফল ছবি সন্তোষমত অভিনয় কৰে৷

শ্ৰীয়া চৰণ
Shriya Saran is seen posing at the camera.
২০১৯ চনত চৰণ[1]
জন্ম ১১ ছেপ্টেম্বৰ, ১৯৮২ (৪১ বছৰ)[2]
দেহৰাদুন, উত্তৰ প্ৰদেশ, (বৰ্তমান উত্তৰাখণ্ড), ভাৰত
শিক্ষানুষ্ঠান লেডি শ্ৰী ৰাম কলেজ ফ'ৰ ৱমেন
পেচা
  • অভিনেত্ৰী
  • মডেল
সক্ৰিয় হৈ থকা সময় ২০০১ - বৰ্তমানলৈকে
দাম্পত্যসঙ্গী Andrei Koscheev (বি. ২০১৮)[3]

হিন্দী আৰু তামিল ভাষাৰ ছবিজগতত কাম কৰি থকাৰ সমান্তৰালভাৱে শ্ৰীয়া চৰণে কেইখনমান তেলেগু ভাষাৰ ছবিতো অভিনয় কৰে৷ ২০০৭ চনত শ্ৰীয়াই ৰজনীকান্ত অভিনীত শিৱাজী নামৰ ছবিখনত অভিনয় কৰে৷ ছবিখনে সেইসময়ৰ তামিল উদ্যোগত সৰ্বাধিক-উপাৰ্জনকাৰী ছবিৰ তালিকাভুক্ত হয়৷ ২০০৭ চনতে মুক্তি লাভ কৰা হিন্দী ভাষাৰ ছবি আৱাৰাপনত অভিনয় কৰি শ্ৰীয়াই সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে৷ ২০০৮ চনত শ্ৰীয়াক দেখা যায় আমেৰিকান-ভাৰতীয় প্ৰযোজনাত মুক্তি লাভ কৰা ইংৰাজী ভাষাৰ ছবি “দ্য আডাৰ এণ্ড অৱ দ্যা লাইন”ত৷ ছবিখনত তেখেতে মুখ্য চৰিত্ৰ ৰূপায়ণ কৰে৷ ২০০৯ চনত তামিল ভাষাৰ ছবি কান্থাস্বামী আৰু ২০১০ চনত মালায়ালম ভাষাৰ ছবি পক্কীৰী ৰাজাত শ্ৰীয়াই অভিনয় কৰে৷ এনেকৈয়ে শ্ৰীয়া দক্ষিণ ভাৰতীয় ছবি উদ্যোগত এগৰাকী শীৰ্ষস্থানীয় অভিনেত্ৰীৰ মৰ্যাদা পায়৷[4] বিশ্ববিখ্যাত লেখক ছলমান ৰুশ্বডিৰ গ্ৰন্থৰ আধাৰত ২০১২ চনত দীপা মেহতাই পৰিচালনা কৰা মিডনাইটছ্ চিলড্ৰেনত শ্ৰীয়াক দেখিবলৈ পোৱা যায়৷ ছবিখনৰ জৰিয়তে শ্ৰীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিবাচক প্ৰশংসা লাভ কৰে৷ ২০১৩ চনৰ ছবি পৱিত্ৰা আৰু চন্দ্ৰা হৈছে শ্ৰীয়া চৰণৰ অন্য দুখন সফল ছবি৷ ২০১৪ চনত তেখেতে সমালোচকৰ দ্বাৰা সমাদৃত তেলেগু ভাষাৰ ছবি মনমত অভিনয় কৰে৷

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৮২ চনৰ ১১ ছেপ্টেম্বৰত হৰিদ্বাৰত শ্ৰীয়া চৰণ ভাটনাগৰৰ জন্ম হয়৷[2][5][6] পিতৃ আছিল পুষ্পেন্দ্ৰ চৰণ ভাটনাগৰ আৰু মাতৃ আছিল নিৰজা চৰণ ভাটনাগৰ৷[4][5] পিতৃয়ে ভাৰত হেভি ইলেকট্ৰিকেলছ লিমিটেডত কৰ্মৰত আছিল আৰু মাতৃ ৰাণিপুৰ আৰু নতুন দিল্লীস্থ দিল্পী পাব্লিক স্কুলৰ এগৰাকী ৰসায়ন বিজ্ঞানৰ শিক্ষয়িত্ৰী আছিল৷[5] মাতৃয়ে শিক্ষাদান কৰা দুয়োখন শিক্ষানুষ্ঠানৰ পৰা শ্ৰীয়াই স্কুলীয়া শিক্ষা সমাপ্ত কৰে৷[7] শ্ৰীয়াৰ জ্যেষ্ঠ ভ্ৰাতৃ হৈছে অভিৰূপ৷ তেখেত মুম্বাইৰ বাসিন্দা৷[8]

চাৰণ এগৰাকী প্ৰতিষ্ঠিত নৃত্যশিল্পী৷ মাতৃয়ে প্ৰথমে তেখেক কথক আৰু ৰাজস্থানী লোকনৃত্যত প্ৰশিক্ষিত কৰোৱায়৷ পৰৱৰ্তী সময়ত তেখেতক শোভানা নাৰায়ণৰ দ্বাৰা তেখেতক কথক শৈলীত প্ৰশিক্ষিত কৰোৱা হয়৷[9]মহাবিদ্যালয়ত অধ্যয়ণৰ কালছোৱাত শ্ৰীয়া চৰণে বহুকেইটা নৃত্যদলৰ লগত জড়িত হৈ পৰিছিল৷ তেওঁলোকে নৃত্যৰ শৈলীৰ লগত সামাজিক বিষয়ৰ একত্ৰীকৰণ কৰিছিল৷[7]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

২০১৮ চনৰ ১২ মাৰ্চত শ্ৰীয়াই তেখেতৰ ৰাছিয়ান প্ৰেয়স এন্দ্ৰেই কছিছভৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে৷ বিবাহোনুষ্ঠানভাগ শ্ৰীয়াৰ লোখনৱালা বাসগৃহতেই সম্পন্ন হয়৷[10]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Sivaji changed my life completely: Shriya Saran". Hindustan Times. 19 January 2012. http://www.hindustantimes.com/bollywood/shivaji-changed-my-life-completely-shriya-saran/story-QJwhjDTfvbniIutc2X7gWJ.html। আহৰণ কৰা হৈছে: 27 September 2017. "Hindi comes naturally to me because it's my mother tongue." 
  2. 2.0 2.1 "Birthday Bumps: Shriya Saran turns 30". IBM Live. Archived from the original on 12 September 2012. https://web.archive.org/web/20120912035458/http://ibnlive.in.com/photogallery/7374.html। আহৰণ কৰা হৈছে: 17 February 2013. "Actress Shriya Saran was born on September 11, 1982" 
  3. Kapoor, Chetna (20 March 2018). "Shriya Saran marries Russian beau Andrei Koscheev". International Business Times. http://www.ibtimes.co.in/shriya-saran-marries-russian-beau-andrei-koscheev-wedding-photosvideos-marriage-764309। আহৰণ কৰা হৈছে: 23 March 2018. 
  4. 4.0 4.1 "Sizzling Shriya's Life in Pics (click through multiple pages)". NDTV. http://www.ndtv.com/album/listing/entertainment/shriya-saran-s-new-item-song-8144। আহৰণ কৰা হৈছে: 11 July 2011. 
  5. 5.0 5.1 5.2 "Shreya Saran's official website — section Me, Myself". http://www.shriyasaran.com/welcome/index1.html। আহৰণ কৰা হৈছে: 5 September 2010. 
  6. "Konchem Touchlo Vunte Chepta – Episode 12 – December 20, 2014". Zee Telugu. https://www.youtube.com/watch?v=LEYdEwOyDhA। আহৰণ কৰা হৈছে: 13 December 2015.  at 2:50 min. she confirms her birth place)
  7. 7.0 7.1 "Tharathinoppam — Abhaya Interviews Shreya Saran — Part 2". 13 June 2010. https://www.youtube.com/watch?v=ax8RbKjMzfs। আহৰণ কৰা হৈছে: 20 October 2011. 
  8. "'Sivaji' has been a great experience: Shriya". Sify. http://sify.com/movies/tamil/interview.php?id=14396519&cid=2408। আহৰণ কৰা হৈছে: 13 December 2010. 
  9. "Deft moves with times". The Hindu (Chennai, India). 29 April 2008. http://www.hindu.com/mp/2008/04/29/stories/2008042950670100.htm. 
  10. "Pics leaked! Shriya Saran and husband Andrei Koscheev look ROYAL in their wedding pictures". Bollywood Hungama. 20 March 2018. http://www.bollywoodhungama.com/news/features/pics-leaked-shriya-saran-husband-andrei-koscheev-look-royal-wedding-pictures/. 

বাহ্যিক সংযোগ সম্পাদনা কৰক