শ্ৰীলক্ষ্মী গোৱৰ্ধনন (ইংৰাজী: Sreelakshmy Govardhanan)[1][2] হৈছে এগৰাকী ভাৰতীয় কুচিপুড়ি শিল্পী। তেখেতে গুৰু শ্ৰী পশুমাৰ্থি ৰাট্টায়া শৰ্মাৰ শিষ্যা।

শ্ৰীলক্ষ্মী গোৱৰ্ধনন
জন্ম ১ জুন, ১৯৮০ (৪৩ বছৰ)
ইৰিঞ্জালাকুড়া, থিড়িচুৰ, কেৰালা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কুচিপুড়ি, শিল্পী, নৃত্যপৰিচালক বা কৰিঅ'গ্ৰাফাৰ আৰু শিক্ষক
সক্ৰিয় হৈ থকা সময় ২০০১-বৰ্তমান

শ্ৰীলক্ষ্মী সাধাৰণতে পদ-ভংগীমা আৰু অভিনয়াৰ বাবে পৰিচিত। যিটো হৈছে একধৰণৰ অভিনয়-কৌশল।[3] গুৰু শ্ৰী পশুমাৰ্থী ৰাট্টায়া শৰ্মাৰ, শ্ৰীমতি বৈজয়ন্তী কাশী আৰু শ্ৰীমতি মঞ্জু ভাৰ্গৱীৰ দৰে গুণী আৰু বিশিষ্ট শিল্পীৰ অধীনত শ্ৰীলক্ষ্মীয়ে কুচিপুড়িৰ শিক্ষা গ্ৰহণ কৰে। কুচিপুড়িৰ শিপাৰ সন্ধান কৰা কমসংখ্যক শিল্পীৰ ভিতৰত শ্ৰীলক্ষ্মী অন্যতম।[4] কুচিপুড়ি যক্ষাগণাৰ প্ৰকৃত শিল্পী শ্ৰী পশুমাৰ্থি ৰাট্টায়া শৰ্মাৰ ওচৰত নৃত্যশিক্ষা ল'ব পৰাটো তেখেতৰ বাবে সৌভাগ্যসূচক। কেৰালাৰ জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে কুচিপুড়ি গাঁৱলৈ গৈ অন্ধ্ৰপ্ৰদেশৰ ধ্ৰুপদী কলাৰ শিক্ষা লৈছে। এই সাধনাৰ বাবে যথেষ্ট পৰিশ্ৰম, নিষ্ঠা আৰু অধ্যৱসায়ৰ আৱশ্যক।

কলাৰ উক্ত শৈলীটো তেখেতৰ বাবে দ্বিতীয় ছৰ্মৰ দৰে। কুচিপুড়িৰ আকৰ্ষণ, স্বকীয়তা[5] জীয়াই ৰাখিবলৈ প্ৰচেষ্টা হাতত লোৱা শিল্পীগৰাকীয়ে তেখেতৰ প্ৰয়াসসমূহৰ বাবে কলামোদী ৰাইজৰ সমাদৰ পাইছে।[6] তেখেতক সততে “অভিনয়াৰ শক্তি উপলব্ধি কৰা নৃত্যশিল্পী” হিচাপে আখ্যায়িত কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] শ্ৰীলক্ষ্মীয়ে কেৰালা সংগীত নাটক একাডেমীৰ পৰা 'কলাশ্ৰী' সন্মানকে ধৰি অনেক স্বীকৃতি আৰু সন্মান বুটলিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত চেন্নাইৰ নাৰদ গণ সভাৰ পৰা লাভ কৰা বিনফেল্ড এনডাউমেণ্ট, ভাৰতম যুৱ কলাকাৰ, কলা ৰত্ন, শিংগাৰ মণি, নাটয়্য ৰত্ন, নালান্দা নৃত্য নিপুন অন্যতম। শ্ৰীলক্ষ্মী ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ 'প্ৰতিষ্ঠিত' শ্ৰেণীৰ এগৰাকী পেনেলভুক্ত শিল্পী তথা দূৰদৰ্শনৰ এগৰাকী শ্ৰেণীভুক্ত শিল্পী। তেখেতে একাধিক ভাৰতীয় নৃত্য উৎসৱত প্ৰদৰ্শন কৰাৰ লগতে বিদেশৰ নেডাৰলেণ্ড, অষ্ট্ৰেলিয়া, ইটালী, ফ্ৰান্স, জাৰ্মানী, ছুইজাৰলেণ্ড, যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ, কলম্বিয়া, জৰ্ডান আৰু উপসাগৰীয় দেশৰ বিভিন্ন আন্তৰ্জাতিক মঞ্চত নৃত্যপ্ৰদৰ্শন কৰিছে। বিদেশৰ মঞ্চত নৃত্য পৰিৱেশন কৰি শ্ৰীলক্ষ্মীয়ে যথোচিত প্ৰশংসা আৰ্জিবলৈ সক্ষম হৈছে। তেখেতে ২০১৫ চনত, জাৰ্মানীৰ হাননৰ মেচেত অনুষ্ঠিত হোৱা মে'ক ইন ইণ্ডিয়া কাৰ্যসূচীত কুচিপুড়ি দলক নেতৃত্ব দিয়ে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত নৃত্য প্ৰদৰ্শন কৰে। তেখেতে 'ডুবাইত মাৰাবা নমো'ৰ উদ্বোধনী অনুষ্ঠানত প্ৰদৰ্শিত হ'বলগীয়া এটা ভাৰতীয় নৃত্যৰ পৰিচালনা কৰিবলৈ নিমন্ত্ৰিত কৰা হৈছিল। এই বিশেষ নৃত্যটো প্ৰায় চৌত্ৰিশ বছৰৰ পাছত আৰৱ ভ্ৰমণ কৰা ভাৰতৰ প্ৰধান মন্ত্ৰীৰ সমুখত প্ৰদৰ্শিত হৈছিল। তেখেতে নৃত্য সম্পৰ্কীয় অনেক কৰ্মশালা আৰু অনুষ্ঠান পৰিকল্পনা আৰু পৰিৱেশন কৰিছে। কেৰালা সংগীত নাটক একাডেমীৰ দ্বাৰা একেৰাহে তিনি বছৰ ধৰি আয়োজিত হৈ থকা বাৰ্ষিক নৃত্য কৰ্মশালা আৰু ৰাষ্ট্ৰীয় নৃত্য উৎসৱৰ সমন্বয়কৰ দায়িত্বও শ্ৰীলক্ষ্মীয়ে পালন কৰি আহিছে। শ্ৰীলক্ষ্মী 'অৱন্তিকা স্পেচ ফ'ৰ ডেন্স'ৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক। এইখন মঞ্চই নৃত্য শিকন, প্ৰদৰ্শন আৰু গৱেষণাৰ বাবে কাম কৰি আহিছে।[7] মালয়ালম ভাষাৰ ছবি 'কানাক্যা টকিছ' আৰু 'প্ৰিয়ামানাসম'ৰ বাবে শ্ৰীলক্ষ্মীয়ে নৃত্যৰ পৰিচালনা কৰিছে। শ্ৰীলক্ষ্মী এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত মনোবিজ্ঞানী। নৃত্যৰ জগতত একধৰণৰ পাৰ্থক্য সূচনা কৰিবলৈ আৰু নতুন প্ৰজন্মক প্ৰয়োজনসাপেক্ষে সহায় কৰিবলৈ তেখেতে নিজৰ স্ব-উপাৰ্জিত শিক্ষা ব্যৱহাৰ কৰে।[8]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Kaladharan, V. (29 October 2015). "Evocative expressions". Thehindu.com. https://www.thehindu.com/features/friday-review/dance/kuchipudi-exponent-sreelakshmy-govardhanans-performance-in-kochi/article7814040.ece. 
  2. M., Athira (1 November 2018). "Sreelakshmy Govardhanan on understanding Kuchipudi". The Hindu. https://www.thehindu.com/entertainment/dance/sreelakshmy-govardhanan-traces-her-journey-as-a-kuchipudi-dancer/article25390824.ece. 
  3. George, Liza (10 November 2011). "I exist because of Kuchipudi". Thehindu.com. https://www.thehindu.com/features/friday-review/dance/i-exist-because-of-kuchipudi/article2614783.ece. 
  4. Dave, Ranjana (7 February 2018). "Solo act". Thehindu.com. https://www.thehindu.com/entertainment/dance/solo-act/article22680839.ece. 
  5. Naha, Abdul Latheef (28 June 2015). "Kuchipudi exponent enthrals students". Thehindu.com. https://www.thehindu.com/news/national/kerala/kuchipudi-exponent-enthrals-students/article7363204.ece. 
  6. Chakra, Shyamhari (1 August 2014). "Season of solos". Thehindu.com. https://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/season-of-solos/article6269423.ece. 
  7. "Sreelakshmy Govardhanan - India dans festival". Indiadansfestival.nl. http://www.indiadansfestival.nl/en/production-house/choreographers/sreelakshmy-govardhanan। আহৰণ কৰা হৈছে: 1 August 2018. 
  8. "There is more to dance than performance, says Geeta Chandran". Theweek.in. https://www.theweek.in/leisure/society/2018/04/25/there-is-more-to-dance-than-performance-geeta-chandran.html। আহৰণ কৰা হৈছে: 1 August 2018.