শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাস
শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাস বৰপেটা জিলাৰ সুন্দৰীদিয়া সত্ৰত জন্মগ্ৰহণ কৰা এগৰাকী সমাজসেৱী, সাহিত্যিক আৰু শিক্ষক আছিল৷ তেওঁৰ পিতৃৰ নাম আছিল কেৱলৰাম আৰু মাতৃৰ নাম দময়ন্তী৷ জন্মস্থান সুন্দৰীদিয়াতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি মজলীয়া বৃত্তি পৰীক্ষাত কামৰূপ জিলাৰ ভিতৰতে প্ৰথম হৈ বৰপেটা হাইস্কুলত নাম লগায়৷ অষ্টম মানৰ পিছত তেওঁ যোৰহাট নৰ্মাল স্কুলত ভৰ্তি হয় আৰু তাৰপৰাই নৰ্মাল স্কুল পৰীক্ষাত উত্তীৰ্ণ হয়৷[1]
জন্ম | শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাস ০১ মে', ১৯০৩ সুন্দৰীদিয়া বৰপেটা জিলা |
---|---|
মৃত্যু | ১৯ ছেপ্টেম্বৰ, ১৯৮৭ (৮৪ বছৰ) বৰপেটা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | বৰপেটা হাইস্কুল, |
পেচা | সমাজকৰ্মী, সাহিত্যিক |
ধৰ্ম | হিন্দু ধৰ্ম |
পিতৃ-মাতৃ | কেৱলৰাম (পিতৃ) দময়ন্তী (মাতৃ) |
সন্তান | পুত্ৰ-৭, কন্যা-৩ |
কৰ্ম জীৱন
সম্পাদনা কৰকযোৰহাটৰ পৰা ১৯২৮ চনত নৰ্মাল স্কুলৰ শেষ পৰীক্ষা দি ঘৰলৈ উভতি অহা শ্ৰীৰাম চন্দ্ৰ দাসে কিছুবছৰ পিছত বৰপেটা উচ্চ ইংৰাজী বিদ্যালয়ৰ এটি অস্থায়ী শিক্ষকৰ পদত যোগদান কৰে৷ ইয়াৰ আগতে তেওঁ চকচকা গৱৰ্ণমেণ্ট মজলীয়া বিদ্যালয়, টংলাৰ চাটবাৰী চৰকাৰী মজলীয়া বিদ্যালয়, নগাঁও উচ্চ ইংৰাজী বিদ্যালয়, কাকজান মজলীয়া বিদ্যালয়, লক্ষীমপুৰ উচ্চ ইংৰাজী বিদ্যালয়, যোৰহাট চৰকাৰী বিদ্যালয়, ডিব্ৰুগড় চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত অস্থায়ীভাৱে কাম কৰিছিল৷ অস্থায়ীভাৱে নগাঁও, শিৱসাগৰ আদিত আনন্দ চন্দ্ৰ আগৰৱালা, পদ্মধৰ চলিহা, উমা কান্ত গগৈ, ভগৱতী প্ৰসাদ বৰুৱা, ডিম্বেশ্বৰ নেওগ আদি সাহিত্যিকক লগ পাই সাহিত্য সৃষ্টিৰ বাবে অনুপ্ৰেৰণা লাভ কৰিছিল৷ বৰপেটা হাইস্কুলৰ পৰা তেওঁ গোলাঘাটলৈ বদলি হৈছিল আৰু তাতেই বিদ্যালয়সমূহৰ সহকাৰী পৰিদৰ্শকৰ পদলৈ উন্নীত হৈছিল৷ [2]
সাহিত্য কৃতি
সম্পাদনা কৰকশ্ৰীশ্ৰীৰাম চন্দ্ৰ দাসৰ লোক-সাহিত্য-সংস্কৃতিৰ প্ৰতি বিশেষ ধাউতি আছিল৷ বৰপেটাত প্ৰচলিত নাও খেলৰ গীত, হোলী গীত, মহোহো গীত আদি তেওঁ সুৰ লগাই গাবও পাৰিছিল আৰু ইয়াৰ চৰ্চা তেওঁ য’তে থাকে ত’তে কৰিছিল৷ তেওঁৰ লোকগীতৰ সংগ্ৰহ “মোৰ আইৰ প্ৰাণৰ গীত’’, “অসমীয়া জন সাহিত্যৰ পাৰিজাত’’; “ফকৰা যোজনা’’, “জনসাহিত্যৰ ফুল-চন্দন’’, “নতুন সুৰৰ নতুন ছন্দ’’; গল্প পুথি “দেশৰ চাকি’’, “অনশন’’ “কলিয়া জানো বলিয়া’’; শিশু সাহিত্য “মিনতি’’, “কাতৰি’’, “জয়তি’’ আদি উল্লেখযোগ্য সাহিত্য পুথি৷[2]
বঁটা, সন্মান
সম্পাদনা কৰক১৯৫৩ চনত শ্বিলঙত বহা অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকুমাৰ ভূঞাই শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাসক “লোক সাহিত্য বিশাৰদ’’ খ্যাতি প্ৰদান কৰিছিল৷ ১৯৬৩ চনত অসম চৰকাৰে সাহিত্যিক পেন্সন প্ৰদান কৰিছিল৷[2]