শৰৎচন্দ্ৰ চট্টোপাধ্যায়

বঙালী সাহিত্যিক

শৰৎচন্দ্ৰ চট্টোপাধ্যায় (১৫ ছেপ্টেম্বৰ, ১৮৭৬ – ১৬ জানুৱাৰী, ১৯৩৮) এজন বিখ্যাত বঙালী সাহিত্যিক। তেওঁৰ সাহিত্যকৰ্মৰ কাৰণে তেওঁক 'অপৰাজেয় কথাশিল্পী' আৰু 'সাহিত্য সম্ৰাট' প্ৰভৃতি নামেৰে জনাজাত। দেৱদাস আৰু শ্ৰীকান্ত তেওঁৰ উল্লেখযোগ্য ৰচনা। তেওঁৰ উপন্যাস আৰু চুটিগল্পসমুহত এক নতুনত্বৰ আমেজ পোৱা যায়। অনীলা দেৱী[1] ছদ্মনামেৰে তেওঁ সাহিত্যচৰ্চা কৰিছিল।

শৰৎচন্দ্ৰ চট্টোপাধ্যায়

শৰৎচন্দ্ৰ চট্টোপাধ্যায়
জন্ম ১৫ ছেপ্টেম্বৰ, ১৮৭৬
দেৱানন্দপুৰ, হুগলী জিলা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ১৬ জানুৱাৰী, ১৯৩৮ (৬১ বছৰ)
কলকাতা, বেংগল প্ৰেচিডেন্সি , ব্ৰিটিছ ভাৰত
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ ভাৰতীয়
বংশদ্ভূত বঙালী
নাগৰিকত্ব ব্ৰিটিছ ভাৰতীয়
পেচা লেখক
প্ৰভাৱ ৰবীন্দ্ৰনাথ ঠাকুৰ
দাম্পত্যসঙ্গী শান্তী দেৱী, হিৰন্ময়ী দেৱী
পিতৃ-মাতৃ মতিলাল চট্টোপাধ্যায়
ভুৱনমোহিনী দেৱী
বঁটা, সন্মান, পুৰস্কাৰ আদি জগত্তাৰিণী পদক (কলিকতা বিশ্ববিদ্যালয়)
ৱেবছাইট
শৰৎ ৰচনাৱলীৰ চৰকাৰী ৱেবচাইট

জন্ম আৰু পৰিয়াল

সম্পাদনা কৰক

শৰৎচন্দ্ৰ চট্টোপাধ্যায় ১৮৭৬ চনৰ ১৫ ছেপ্টেম্বৰত বেংগল প্ৰেচিডেন্সিৰ হুগলী জিলাৰ দেৱানন্দপুৰ গাঁৱত এক দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম মতিলাল চট্টোপাধ্যায় আৰু মাতৃৰ নাম ভুৱনমোহিনী দেৱী। পাঁচ ভাই-ভনীৰ মাজত শৰৎচন্দ্ৰ দ্বিতীয় আছিল। তেওঁৰ বায়েক অনীলা দেৱীৰ বাহিৰেও প্ৰভাসচন্দ্ৰ আৰু প্ৰকাশচন্দ্ৰ নামৰ দুই ভাই আৰু সুশীলা দেৱী নামৰ এজনী ভনীয়েক আছিল। দাৰিদ্ৰৰ কাৰণে মতিলালে স্ত্ৰী আৰু সন্তানকলৈ ভাগলপুৰৰ শহুৰৰ ঘৰত থাকিছিল। শৰৎচন্দ্ৰৰ শৈশৱৰ অধিকাংশ সময় এই চহৰতে কাটিছিল।[2]:৫৯১

শিক্ষাজীৱন

সম্পাদনা কৰক

শৰৎচন্দ্ৰৰ পাঁচ বছৰ বয়সকালত মতিলালে তেওঁক দেৱানন্দপুৰৰ প্যাৰী পণ্ডিতৰ পাঠশালাত ভৰ্ত্তি কৰে। তাত তেওঁ দুই-তিনি বছৰ শিক্ষালাভ কৰে। ইয়াৰ পিছত ভাগলপুৰ চহৰত থকা সময়ত তেওঁৰ মোমায়েকে স্থানীয় দুৰ্গাচৰণ বালক বিদ্যালয়ত ছাত্ৰবৃত্তিত ভৰ্তি কৰায়। ১৮৮৭ চনত শৰৎচন্দ্ৰ ভাগলপুৰ জিলা স্কুলত নাম লগায়। ১৮৮৯ চনত মতিলালৰ চাকৰী গুচি যোৱাত তেওঁ পৰিয়াল লগত লৈ দেৱানন্দপুৰলৈ ঘুৰি অহাত শৰৎচন্দ্ৰয়ে জিলা স্কুল ত্যাগ কৰে। তেতিয়া তেওঁ হুগলী ব্ৰাঞ্চ স্কুলত ভৰ্তি হয়, কিন্তু ১৮৯২ চনত দাৰিদ্ৰৰ বাবে স্কুলৰ মাচুল দিবলৈ নোৱাৰাৰ কাৰণে তেওঁক এই বিদ্যালয় ত্যাগ কৰিলগীয়া হয়। এই সময় তেওঁ 'কাশীনাথ' আৰু 'ব্ৰহ্মদৈত্য' নামৰ দুটি গল্প লিখিছিল। ১৮৯৩ চনত মতিলালে পুনৰায় ভাগলপুৰ ঘুৰি যোৱাত প্ৰতিৱেশী সাহিত্যিক তথা তেজনাৰায়ণ জুবিলী কলেজিয়েট স্কুলৰ শিক্ষক পাঁচকড়ি বন্দ্যোপাধ্যায়ে শিক্ষালাভৰ প্ৰতি শৰৎচন্দ্ৰৰ আগ্ৰহ লক্ষ্য কৰি তেওঁক বিদ্যালয়ত ভৰ্তি কৰাই দিয়ে। এই বিদ্যালয়ৰ পৰা ১৮৯৪ চনত দ্বিতীয় বিভাগত এন্ট্ৰেন্স পৰীক্ষা পাচ কৰি তেজনাৰায়ণ জুবিলী কলেজত ভৰ্তি হয়। এই সময়ত তেওঁ তেওঁৰ মাতামহৰ কনিষ্ঠ ভ্ৰাতা অঘোৰনাথৰ দুই পু্ত্ৰ সুৰেন্দ্ৰনাথ আৰু গিৰীন্দ্ৰনাথক প্ৰতি নিশা পঢ়াইছিল আৰু তাৰ বিনিময়ত অঘোৰনাথে তেওঁক কলেজত পঢ়িবলৈ প্ৰয়োজনীয় অৰ্থৰ যোগান ধৰিছিল। কিন্তু এফ.এ. পৰীক্ষাৰ মাচুল দিব নোৱাৰাৰ বাবে তেওঁ পৰীক্ষা দিবলৈ নোৱাৰিলে।[2]:৫৯২-৫৯৩

কৰ্ম জীৱন

সম্পাদনা কৰক

কলেজ ত্যাগ কৰাৰ পিছত শৰৎচন্দ্ৰ ভাগলপুৰ চহৰৰ আদমপুৰ ক্লাবৰ সদস্যৰ লগত খেলাধুলা আৰু অভিনয় কৰি সময় অতিবাহিত কৰিছিল। সেই সময়ত প্ৰতিবেশী বিভূতিভূষণ ভট্টেৰ ঘৰত এটি সাহিত্যসভাৰ আয়োজন কৰা হৈছিল, যাৰ ফলশ্ৰুতিত তেওঁ 'বড়দিদি', 'দেৱদাস', 'চন্দ্ৰনাথ', 'শুভদা' ইত্যাদি উপন্যাস আৰু 'অনুপমাৰ প্ৰেম', 'আলো ও ছায়া', 'বোঝা', 'হৰিচৰণ' ইত্যাদি গল্প ৰচনা কৰিছিল। তেওঁ কিছুদিন বনেলী ৰাজ-ষ্টেটত চাকৰি কৰিছিল কিন্তু পিতাৰ ওপৰত কিবা কাৰণে অভিমানবশতঃ তেওঁ সন্ন্যাসী সাজি ঘৰ এৰি গুচি যায়। তেতিয়া তেওঁৰ পিতাৰ মৃত্যু হোৱাত তেওঁ ভাগলপুৰ ঘুৰি আহি পিতাৰ শ্ৰাদ্ধ সম্পন্ন কৰি কলকাতা যাত্ৰা কৰে। তেওঁ কলকাতা উচ্চ ন্যায়ালয়ৰ উকিল লালমোহন গঙ্গোপাধ্যায়ৰ ঘৰত হিন্দী কিতাপৰ ইংৰাজী তৰ্জমা কৰাৰৰ বাবে মাহিলী ৩০ টকাৰ চাকৰী পায়। সেই সময়ত তেওঁ 'মন্দিৰ' নামৰ এটি গল্প লিখি কুন্তলীন প্ৰতিযোগিতাত পঠিয়ালে আৰু বিজয়ী ঘোষিত হল।[2]:৫৯৩

১৯৩৭ চনৰ পৰা শৰৎচন্দ্ৰ প্ৰায়েই অসুস্থ থাকিছিল। চিকিৎসকৰ পৰামৰ্শত তেওঁ স্বাস্থ্য উদ্ধাৰৰ উদ্দেশ্যে দেওঘৰত তিনি-চাৰি মাহ কটাই কলকাতা ঘূৰি আহি আকৌ অসুস্থ হৈ পৰে। সেই সময়ত তেওঁৰ যকৃতৰ কৰ্কট ৰোগ ধৰা পৰে, যি তেওঁৰ পাকস্থলী পৰ্যন্ত বিয়পি পৰিছিল। বিধান চন্দ্ৰ ৰয়, কুমুদশংকৰ ৰায় প্ৰভৃতি চিকিৎসকে তেওঁৰ অস্ত্ৰোপচাৰৰ পক্ষে মত দিয়ে। চিকিৎসাৰ বাবে তেওঁক প্ৰথমে দক্ষিণ কলকাতাৰ সাবাৰ্বান হস্পিটেল ৰ'ডৰ এটি ইউৰোপীয় নাৰ্চিং হোমত আৰু তাৰ পিছত ৪নং ভিক্টোৰিয়া টেৰাচত অৱস্থিত পাৰ্ক নাৰ্চিং হোমত ভৰ্তি কৰা হয়। ১৯৩৮ চনত ১২ জানুৱাৰীত শল্য চিকিৎসক ললিতমোহন বন্দ্যোপাধ্যায়ে তেওঁৰ অস্ত্ৰোপচাৰ কৰে, কিন্তু চাৰি দিন পিছতেই পুৱা দহটাত শৰৎচন্দ্ৰয়ে শেষ নিঃশ্বাস ত্যাগ কৰে।[2]:৫৯৭-৫৯৮

প্ৰকাশিত গ্ৰন্থৰাজি

সম্পাদনা কৰক
  • বড়দিদি, ১৯১৩
  • বিৰাজবৌ, ১৯১৪
  • পণ্ডিতমশাই, ১৯১৪
  • পল্লী-সমাজ, ১৯১৬
  • চন্দ্ৰনাথ, ১৯১৬
  • শ্ৰীকান্ত-প্ৰথম পৰ্ব, ১৯১৭
  • দেৱদাস, ১৯১৭
  • চৰিত্ৰহীন, ১৯১৭
  • দত্তা, ১৯১৮
  • শ্ৰীকান্ত-দ্বিতীয় পৰ্ব, ১৯১৮
  • গৃহদাহ, ১৯২০
  • বামুনেৰ মেয়ে, ১৯২০
  • দেনা পাওনা, ১৯২৩
  • নৱ-বিধান, ১৯২৪
  • পথেৰ দাবী, ১৯২৬
  • শ্ৰীকান্ত-তৃতীয় পৰ্ব, ১৯২৭
  • শেষ প্ৰশ্ন, ১৯৩১
  • শ্ৰীকান্ত-চতুৰ্থ পৰ্ব, ১৯৩৩
  • বিপ্ৰদাস, ১৯৩৫
  • শুভদা, ১৯৩৮
  • ষোড়শী, ১৯২৮
  • ৰমা, ১৯২৮
  • বিৰাজ বৌ, ১৯৩৪
  • বিজয়া, ১৯৩৫
  • ৰামেৰ সুমতি, ১৯১৪
  • পৰিণীতা, ১৯১৪
  • বিন্দুৰ ছেলে, ১৯১৪
  • পথ-নিৰ্দেশ, ১৯১৪
  • মেজদিদি, ১৯১৫
  • আধাঁৰে আলো, ১৯১৫
  • দৰ্পচূৰ্ণ ১৯১৫
  • বৈকুণ্ঠেৰ উইল, ১৯১৬
  • অৰক্ষণীয়া, ১৯১৬
  • নিষ্কৃতি, ১৯১৭
  • কাশীনাথ, ১৯১৭
  • স্বামী, ১৯১৭
  • ছবি, ১৯২০
  • বিলাসী, ১৯২০
  • মামলাৰ ফল, ১৯২০
  • হৰিলক্ষী, ১৯২৬
  • মহেশ, ১৯২৬
  • অভাগীৰ স্বৰ্গ, ১৯২৬
  • অনুৰাধা, ১৯৩৪
  • সতী, ১৯৩৪
  • পৰেশ, ১৯৩৪
  • নাৰীৰ মূল্য
  • তৰুণেৰ বিদ্ৰোহ, ১৯১৯
  • স্বদেশ ও সাহিত্য, ১৯৩২
  • স্বৰাজ সাধনায় নাৰী
  • শিক্ষাৰ বিৰোধ
  • স্মৃতিকথা
  • অভিনন্দন
  • ভৱিষ্যৎ বংগ-সাহিত্য
  • গুৰু-শিষ্য সংবাদ
  • সাহিত্য ও নীতি
  • সাহিত্যে আৰ্ট ও দুৰ্নীতি
  • ভাৰতীয় উচ্চ সংগীত

চলচ্চিত্ৰায়ণ

সম্পাদনা কৰক
 
'দেৱদাস' (১৯৩৬) চলচ্চিত্ৰত কুন্দন লাল চায়গল আৰু যমুনা দেৱী

শৰৎচন্দ্ৰৰ সাহিত্য-কৰ্মক কেন্দ্ৰ কৰি ভাৰতীয় উপমহাদেশত এতিয়ালৈকে প্ৰায় ৫০ খন চলচ্চিত্ৰ বিভিন্ন ভাষাত নিৰ্মাণ কৰা হৈছে।[3] তাৰ ভিতৰত - 'দেৱদাস' উপন্যাসখন বঙালী, হিন্দী আৰু তেলেগু ভাষাত আঠবাৰ নিৰ্মাণ কৰা হৈছে। 'পৰিণীতা' দুবাৰ, ঋষিকেশ মুখাৰ্জী'ৰ 'মাঝলি দিদি' অন্যতম। তেওঁ স্বামী (১৯৭৭) চলচ্চিত্ৰৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ লিখকৰ পুৰস্কাৰ পাইছিল। 'বিন্দুৰ ছেলে' অৱলম্বনত 'ছোটি বহু' (১৯৭১) নামৰ খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাণ হয়। ১৯৭৬ চনত 'দত্তা' চলচ্চিত্ৰত সুচিত্ৰা সেন আৰু সৌমিত্ৰ চট্টোপাধ্যায় প্ৰধান চৰিত্ৰত অভিনয় কৰিছিল।

তদুপৰি তেওঁৰ 'নৱবিধান' উপন্যাসৰ আলমত ২০১৩ চনত 'তুমহাৰী পাখি' নামৰ এখন ভাৰতীয় টিভি ধাৰাবাহিক নিৰ্মাণ কৰা হয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. মাহেকীয়া কাৰেন্ট ৱৰ্ল্ড, মে ২০১১, পৃ. ৩৩; পৰিদৰ্শনৰ তাৰিখ: ২৬ মে ২০১১ খ্ৰীষ্টাব্দ
  2. 2.0 2.1 2.2 2.3 শৈলেন্দ্ৰনাথ গুহ ৰায়, ed. শৰৎ ৰচনাৱলী, জন্মশতবাৰ্ষিকী সংস্কৰণ - প্ৰথম ভাগ; প্ৰথম প্ৰকাশ- ১২ ভাদ, ১৩৮২ বংগাব্দ, পুনৰ্মুদ্ৰণ কাতি ১৪০০. নাথ পাবলিশ্বনিং, কলিকাতা. 
  3. শৰৎচন্দ্ৰ চট্টোপাধ্যায় সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।