সংক্ষিপ্ত অসম বিশ্বকোষ
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
সংক্ষিপ্ত অসম বিশ্বকোষ(ইংৰাজী: Hankhipto Asom Biswakosh) হৈছে শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া ভাষাত প্ৰকাশিত কেৱল অসম বিষয়ক তথ্যসমৃদ্ধ গ্ৰন্থ। গ্ৰন্থখন পাঁচটা খণ্ডত বিভক্ত। ২০২১ চনৰ আগষ্ট মাহত প্ৰথমটি খণ্ড প্ৰকাশ পায়। অসমৰ অলেখ আপুৰুগীয়া খবৰ, ৰেকৰ্ড, পৰিসংখ্যাৰ সহিতে অসম বিষয়ক ভালেমান স্বল্পালোচিত আৰু অনালোচিত বিষয়ৰ অন্তৰ্ভুক্তি তথা শেহতীয়া তথ্যৰ সংযোজন সংক্ষিপ্ত অসম বিশ্বকোষৰ বৈশিষ্ট্য। ইয়াৰ পঞ্চম তথা অন্তিম খণ্ডত এখন বিস্তৃত নিৰ্ঘণ্ট থাকিব।[1]
সংক্ষিপ্ত অসম বিশ্বকোষ | |
---|---|
লেখক | শান্তনু কৌশিক বৰুৱা |
প্ৰচ্ছদ শিল্পী | ৰিতুপৰ্ণ বৰা |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বিষয় | অসম বিষয়ক বিশ্বকোষ |
প্ৰকাৰ | টোকা সংকলন |
প্ৰকাশক | সঞ্জীৱন প্ৰকাশন |
প্ৰকাশ | আগষ্ট,২০২১(প্ৰথম খণ্ড) |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ৫০০(প্ৰথম খণ্ড) |
আই.এচ.বি.এন. | 978 81 95001 54 5 |
বিৱৰণ
সম্পাদনা কৰককিতাপখনৰ নাম সম্পৰ্কে লেখকে প্ৰথম খণ্ডৰ নিবেদন শীৰ্ষক কলমত এনেদৰে লিখিছে,"দৰাচলতে ইংৰাজী encyclopaedia বা encyclopedia শব্দৰ অসমীয়া প্ৰতিশব্দ বিশ্বকোষৰ 'বিশ্ব'ৰ অৰ্থ আক্ষৰিক নহয়, মূলতঃ ব্যঞ্জনামূলকহে। ইয়াৰ অৰ্থ সম্যকো আৰু/অথবা ব্যাপকো। কোনো নিৰ্দিষ্ট বিষয় বা প্ৰসংগৰ সম্ভাব্য সকলো দিশ সামৰি নতুবা সম্ভাব্য সকলো বিষয়ৰ এক সম্যক ধাৰণা সন্নিৱিষ্ট কৰি প্ৰস্তুত কৰা আকৰ গ্ৰন্থই বিশ্বকোষ। ...দ্বিতীয়তে, এই বিশ্বকোষ এক নিৰ্দিষ্ট বিষয়কেন্দ্ৰিক বিশ্বকোষ- অসম বিশ্বকোষ। ... এইটো কথাও সঁচা যে অসমকেন্দ্ৰিক সকলো কথা নাইবা বিষয় এই গ্ৰন্থই সামৰিব পৰা নাই। প্ৰৱিষ্টি নিৰ্বাচন আৰু বৰ্ণনা উভয় ক্ষেত্ৰতে ই সংক্ষিপ্ত। ... এই সকলো দিশ সচেতনভাৱে বিবেচনা কৰি ইয়াৰ নাম থোৱা হৈছে সংক্ষিপ্ত অসম বিশ্বকোষ।" [1]
প্ৰথম খণ্ড
সম্পাদনা কৰকসংক্ষিপ্ত অসম বিশ্বকোষৰ প্ৰথমটি খণ্ডত অসমীয়া বৰ্ণমালাৰ ক্ৰম অনুসৰি প্ৰায় ১০০০ অসম বিষয়ক প্ৰৱিষ্টি আছে। ইয়াত অৰ পৰা আৰম্ভ হৈ খ্ৰীষ্ট ধৰ্মত শেষ হৈছে। সম্পৰ্ক থকা প্ৰৱিষ্টিসমূহ সহজে বিচাৰি পাবলৈ এখন নিৰ্দেশিকা লগতে চাওক শিৰোনামেৰে আছে। শতাধিক তালিকাৰ লগতে এই খণ্ডত ১০০০-ৰো অধিক আলোকচিত্ৰ, মানচিত্ৰ আৰু ৰেখাচিত্ৰ সন্নিৱিষ্ট কৰা হৈছে।[1]
সংকলকৰ চমু পৰিচয়
সম্পাদনা কৰকতথ্যৰ বৈচিত্ৰ্যময় তথা গতিশীল জগতখনৰ লগত পঢ়ুৱৈক চিনাকি কৰোৱা অসমৰ লেখক, সাংবাদিক, তথ্যসম্ৰাট শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনাত সংকলিত হৈছে সংক্ষিপ্ত অসম বিশ্বকোষ। কিতাপখনৰ পৰিকল্পনা, প্ৰৱিষ্টি নিৰ্বাচন, সংকলন আৰু সম্পাদনা কৰিছে লেখকে নিজে, সহযোগী সম্পাদক হৈছে প্ৰীতিমা কৌশিক বৰুৱা, সহকাৰী সম্পাদক হৈছে ডাঃ গীতাৰ্থ বৰদলৈব আৰু অনামিকা বড়া। এই কিতাপখনত প্ৰকল্প সহযোগী হিচাপে আছে অভিজিত শৰ্মা বৰুৱা, ড° মৃদুস্মিতা ফুকন, শাংকব কৌশিক বৰুৱা, ড° জয়দীপ বৰুৱা, মনস্বিনী মহন্ত, ড° দেৱজিত বৰুৱা, ঈশান জ্যোতি বৰা আৰু অনিমেষ বৰা। প্ৰৱিষ্টি নিৰ্বাচনৰ সহকাৰী হিচাপে আছে, জ্যোতিৰূপম দত্ত, প্ৰাণজ্যোতি নাথ, নেত্ৰ কমল গোস্বামী, চাণক্য দাস, ভাস্কৰ ভূঞা, বিশ্বজিত বৈশ্য আৰু দীপশিখা দাস। কিতাপখনৰ প্ৰথম খণ্ডত মুঠ ৭৩জন সংকলন সহযোগী আছে।[1]
তথ্যৰ উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 শান্তনু কৌশিক বৰুৱা (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ ১. সঞ্জীৱন প্ৰকাশন. ISBN 978 81 950015 4 5.