সংখ্যাৰ প্ৰকাৰসমূহৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

সংখ্যাসমূহক সিহঁতৰ ধৰ্ম আৰু প্ৰকাশৰ ধৰণ অনুসৰি বিভিন্ন শ্ৰেণীত ভাগ কৰিব পাৰি।

এটি ভেন চিত্ৰত প্ৰকৃত সংখ্যাৰ কেইটামান প্ৰকাৰক দেখুওৱা হৈছে

মুখ্য প্ৰকাৰসমূহ সম্পাদনা কৰক

স্বাভাৱিক সংখ্যা (Natural Number)
গণনাৰ পৰা পোৱা সংখ্যাবোৰেই হ'ল স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা। সেইবোৰ হ'ল - ১, ২, ৩, ৪...। কেতিয়াবা ইহঁতৰ লগত শূন্যটোও অন্তৰ্ভুক্ত কৰা হয়।
পূৰ্ণ সংখ্যা (Whole Number)
শূন্যটোক ধৰি গণনাৰ পৰা যিবোৰ সংখ্যা পোৱা যায় সেইবোৰ হৈছে পূৰ্ণ সংখ্যা। অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ সৈতে শূন্য সংযোগ কৰি যি সংখ্যাৰ থুপ পোৱা যায় সেইবোৰই হৈছে পূৰ্ণ সংখ্যা। যেনেঃ ০,১,২,৩,৪,৫,...
অখণ্ড সংখ্যা (Integers)
শূন্যটোকে ধৰি গণনাৰ পৰা যিবোৰ সংখ্যা পোৱা যায় সেইবোৰ আৰু সিহঁতৰ ঋনাত্মক সংখ্যাবোৰক লৈ পোৱা সংখাবোৰেই অখণ্ড সংখ্যা।
পৰিমেয় সংখ্যা (Rational Number)
এটা অখণ্ড সংখ্যা আৰু এটা অশূন্য অখণ্ড সংখ্যাৰ অনুপাত হিচাপে প্ৰকাশ কৰিব পৰা সংখ্যাবোৰ। অৰ্থাৎ যিবোৰ সংখ্যাক P/Q (Q Not =0) আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰই হৈছে পৰিমেয় সংখ্যা।
অপৰিমেয় সংখ্যা (Irrational Number)
যিবোৰ সংখ্যা পৰিমেয় সংখ্যা নহয়, অৰ্থাত্ যিবোৰক এটা অখণ্ড সংখ্যা আৰু এটা অশূন্য অখণ্ড সংখ্যাৰ অনুপাত হিচাপে প্ৰকাশ কৰিব নোৱাৰি তেনে সংখ্যাবোৰ বা যিবোৰ সংখ্যাক P/Q (Q Not =0) আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰই হৈছে অপৰিমেয় সংখ্যা। যেনেঃ পাই(π), √2 ইত্যাদি।
বাস্তৱ সংখ্যা (Real Number)
পৰিমেয় সংখ্যাৰ অনুক্ৰম এটাৰ সীমা হিচাপে যিবোৰ সংখ্যা প্ৰকাশ কৰিব পাৰি সেইবোৰেই বাস্তৱ সংখ্যা। সহজ ভাৱে, সংখ্যাৰেখাডালৰ প্ৰতিটো বিন্দুৱে বুজোৱা সংখ্যাবোৰেই হ'ল বাস্তৱ সংখ্যা।
জটিল সংখ্যা (Complex Number)
বাস্তৱ সংখ্যা আৰু কাল্পনিক সংখ্যাসমূহক লৈ যিবোৰ সংখ্যা পোৱা যায় সেইবোৰ সংখ্যা। উদাহৰণস্বৰূপে, ঋণাত্মক একৰ বৰ্গমূল।

সংখ্যা প্ৰকাশৰ পদ্ধতি সম্পাদনা কৰক

দশমিক প্ৰণালী
ভাৰত-আৰৱীয় বা হিন্দু আৰৱীয় পদ্ধতি। এই পদ্ধতিত ভূমি ১০। সহজ-সৰলতাৰ বাবে এই পদ্ধতি গোটেই পৃথিৱীতে প্ৰচলিত।
দ্বৈত প্ৰণালী
এই সংখ্যা প্ৰণালীত ভূমি ২। এই প্ৰণালী কম্পিউটাৰত ব্যৱহাৰ কৰা হয়।
ৰোমান সংখ্যাংক
প্ৰাচীন ৰোমত ব্যৱহাৰ কৰা সংখ্যা প্ৰণালী। কোনো কোনো ক্ষেত্ৰত এই প্ৰণালী আজিও ব্যৱহৃত হয়।
ভগ্নাংশ
ই দুটা অখণ্ড সংখ্যাৰ অনুপাত হিচাপে প্ৰকাশিত। ইয়াত অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশসমূহো অন্তৰ্ভুক্ত।
Scientific notation
অতি সৰু আৰু অতি ডাঙৰ সংখ্যাসমূহ ১০ ৰ ঘাট হিচাপে লিখা এটা পদ্ধতি। When used in science, such a number also conveys the precision of measurement using significant figures.
Knuth's up-arrow notation আৰু Conway chained arrow notation
Notations that allow the concise representation of extremely large integers such as Graham's number.

দিক্ নিৰ্দেশক সংখ্যা সম্পাদনা কৰক

ধনাত্মক সংখ্যা
শূন্যতকৈ ডাঙৰ বাস্তৱ সংখ্যাসমূহ।
ঋণাত্মক সংখ্যা
শূন্যতকৈ সৰু বাস্তৱ সংখ্যাসমূহ।

সংখ্যাৰেখাডালৰ সোঁমাজৰ সংখ্যাই হৈছে । অৰ্থাৎ সকলো ধন সংখ্যাই শূন্যতকৈ ডাঙৰ আৰু সকলো ঋণ সংখ্যাই শূন্যতকৈ সৰু। সেয়েহে কোনো ক্ষেত্ৰত শূন্যক অন্তৰ্ভুক্ত কৰিব লগা হ'লে তলৰ পদ কেইটা ব্যৱহাৰ কৰা হয় :

অঋণাত্মক সংখ্যা
শূন্যৰ সমান বা শূন্যতকৈ ডাঙৰ বাস্তৱ সংখ্যাবোৰ। সেয়েহে এটা অঋণাত্মক সংখ্যা হয় শূন্য হ'ব নহয় এটা ধনাত্মক সংখ্যা হ'ব।
অধনাত্মক সংখ্যা
শূন্যৰ সমান বা শূন্যতকৈ সৰু বাস্তৱ সংখ্যাবোৰ। সেয়েহে এটা অধনাত্মক সংখ্যা হয় শূন্য হ'ব নহয় এটা ঋণাত্মক সংখ্যা হ'ব।

অখণ্ড সংখ্যাৰ ভাগসমূহ সম্পাদনা কৰক

যুগ্ম আৰু অযুগ্ম সংখ্যা
দুইৰে বিভাজ্য অখণ্ড সংখ্যাবোৰ হ'ল যুগ্ম সংখ্যা আৰু যিবোৰ দুইৰে বিভাজ্য নহয় সেইবোৰ অযুগ্ম সংখ্যা।
মৌলিক সংখ্যা
যিবোৰ সংখ্যাৰ কেৱল দুটাহে উৎপাদক থাকে সেইবোৰ সংখ্যা।
যৌগিক সংখ্যা
যিবোৰ সংখ্যাক তাতকৈ সৰু দুটাতকৈ অধিক অখণ্ড সংখ্যাৰ পুৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যা। একতকৈ ডাঙৰ প্ৰতিটো অখণ্ড সংখ্যাই হয় মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা।
বৰ্গ সংখ্যা
এটা অখণ্ড সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পৰা সংখ্যাবোৰ।

এনেধৰণৰ বহুতো বিখ্যাত অখণ্ড সংখ্যাৰ অনুক্ৰম আছে। উদাহৰণস্বৰূপে, ফিব'নাকি সংখ্যাসমূহৰ অনুক্ৰম, ফেক্টৰিয়েল ৰূপত প্ৰকাশ কৰিব পৰা সংখ্যাসমূহৰ অনুক্ৰম, নিখুঁত সংখ্যাসমূহৰ অনুক্ৰম ইত্যাদি।

বীজগণিতীয় সংখ্যা সম্পাদনা কৰক

বিজীয় সংখ্যা
যিবোৰ সংখ্যাক পৰিমেয় সহগ যুক্ত কোনো বহুপদ ৰাশিৰ মূল হিচাপে প্ৰকাশ কৰিব পাৰি। উদাহৰণস্বৰূপে, ২,১ ,i ইত্যাদি।
অবিজীয় সংখ্যা
যিবোৰ বাস্তৱ বা জটিল সংখ্যা বিজীয় সংখ্যা নহয় সেইবোৰেই অবিজীয় সংখ্যা। উদাহৰণস্বৰূপে, e, π ইত্যাদি।
কৰণী
কোনো দ্বিঘাট সমীকৰণৰ মূল হোৱা বিজীয় সংখ্যাবোৰ। এনে সংখ্যাবোৰক এটা পৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ বৰ্গমূলৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰি।
Constructible number
কম্পাছ আৰু পেঞ্চিলৰ সহায়েৰে অংকন কৰিব পৰা সংখ্যাসমূহ, যিসমূহে একোটা দৈৰ্ঘ্য বুজায় সেইসমূহেই 'Constructible number'। ইয়াৰ সংহতিটো বিজীয় সংখ্যাৰ সংহতিটোৰ উপসংহতি। দ্বিঘাট কৰণীসমূহো এই সংখ্যাসমূহৰ ভিতৰত পৰে।
বিজীয় অখণ্ড সংখ্যা
যিবোৰ বিজীয় সংখ্যা এনে এটা বহুপদ ৰাশিৰ মূল যিবোৰ বহুপদ ৰাশিৰ প্ৰথমটো সহগ এক আৰু অন সহগবোৰ একোটা অখণ্ড সংখ্যা তেনেবোৰ বিজীয় সংখ্যাই বিজীয় অখণ্ড সংখ্যা

Non-standard numbers সম্পাদনা কৰক

Transfinite numbers
প্ৰতিটো স্বাভাৱিক সংখ্যাত ডাঙৰ সংখ্যাসমূহ।
ক্ৰমসূচক সংখ্যা
Infinite numbers used to describe the order types of well-ordered sets. These include thecardinal numbers, which are used to describe the cardinalities of sets.
অনন্ত সূক্ষ্ম বা অত্যণু
অসীম সংখ্যাসমূহৰ প্ৰতিলোমসমূহ। এই সংখ্যাসমূহ যিকোনো ধনাত্মক বাস্তৱ সংখ্যাতকৈ সৰু সংখ্যা; কিন্তু এইসমূহ শূন্য নহয়। 'অৱকলন গণিত'ৰ প্ৰাৰম্ভিক পৰ্যায়ত এই সংখ্যাসমূহ ব্যাপকভাৱে ব্যৱহৃত হয়।
Hyperreal numbers
The numbers used in non-standard analysis. These include infinite and infinitesimal numbers which possess certain properties of the real numbers.
Surreal numbers
A number system that includes the hyperreal numbers as well as the ordinals. The surreal numbers are the largest possible ordered field.

Computability and definability সম্পাদনা কৰক

Computable number
A real number whose digits can be computed using an algorithm.
Definable number
A real number that can be defined uniquely using a first-order formula with one free variable in the language of set theory.