সখিয়তী
সখিয়তী বা পাটমাদৈ(ইংৰাজী: Black-hooded Oriole, বৈজ্ঞানিক নাম-Oriolus xanthornus) 'Oriole' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই বিষুৱীয় অঞ্চলৰ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা শ্ৰীলংকা, ইণ্ডোনেছিয়া পৰ্যন্ত স্থানীয়ভাৱে প্ৰজনন কৰে৷
সখিয়তী (Black-hooded Oriole) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Oriolidae |
গণ: | Oriolus |
প্ৰজাতি: | O. xanthornus |
বৈজ্ঞানিক নাম | |
Oriolus xanthornus (Linnaeus, 1758) |
বিৱৰণ
সম্পাদনা কৰকপূৰ্ণবয়স্ক মতা সখিয়তী চৰাইৰ দেহটো উজ্জ্বল হালধীয়া বৰণৰ আৰু মূৰ অংশ ক'লা বৰণৰ হয়৷ তাৰোপৰি ইয়াৰ ডেউকা আৰু নেজতো ক'লা বৰণ থাকে৷ মাইকী সখিয়তীৰ মূৰ অংশ ক'লা আৰু দেহৰ তলৰ অংশ কিছু সেউজ বৰণীয়া হয়৷ পোৱালিবোৰ বাহ্যিক গঠন মাইকীজনীৰ দৰেই হোৱা দেখা যায়৷ অৱশ্যে পোৱালি অৱস্থাত ইহঁতৰ মূৰ অংশ সম্পূৰ্ণ ক'লা নহয়৷
বিতৰণ
সম্পাদনা কৰকসখিয়তী চৰাই সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হে আছে৷ ই প্ৰধানতঃ ভাৰত, বাংলাদেশ, ভূটান, কম্বোডিয়া, চীন, ইণ্ডোনেছিয়া, মালয়েছিয়া, ম্যানমাৰ, নেপাল, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনাম আদিত প্ৰজনন কৰে৷ [2]
বাসস্থান
সম্পাদনা কৰকসখিয়তীৰ প্ৰধান বাসস্থান হ'ল মুকলি কাঠনি তথা খেতি-পথাৰ আদি৷
আচৰণ
সম্পাদনা কৰকখাদ্য
সম্পাদনা কৰকসখিয়তীয়ে প্ৰধানকৈ পোক-পতংগ, ফল-মূল আদি খাদ্য হিচাপে গ্ৰহণ কৰে৷
প্ৰজনন
সম্পাদনা কৰকই গছৰ ওপৰত ডাল-পাতেৰে বাহ সাজে৷ এবাৰত সাধাৰণতে দুটাকৈ কণী পাৰে৷
স্থিতি
সম্পাদনা কৰকসখিয়তীৰ বৰ্তমানৰ জনসংখ্যা কিমান সেয়া সঠিককৈ ধাৰণা কৰিব পৰা নাযায় যদি ই হ্ৰাস পোৱা নাই বুলিয়ে জনা যায়৷ সেয়েহে ইয়াক সংকটমুক্ত বুলি স্বীকৃতি দিয়া হৈছে৷ [3]
আলোকচিত্ৰৰ ভঁৰাল
সম্পাদনা কৰক-
কলকাতা সখিয়তী চৰাই
-
পোৱালি সখিয়তী চৰাই
-
সখিয়তী চৰাই
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Oriolus xanthornus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106005893। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ BirdLife International 2012. Oriolus xanthornus. In: IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. <www.iucnredlist.org>. Downloaded on 02 June 2013.
- ↑ BirdLife International 2012. Oriolus xanthornus. In: IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. <www.iucnredlist.org>. Downloaded on 02 June 2013.