সদস্য:দিব্য দত্ত/পৰীক্ষাগাৰ/১
অসমীয়া ৱিকিপিডিয়াৰ বৈশিষ্টপূৰ্ণ প্ৰবন্ধসমূহ বৈশিষ্টপূৰ্ণ প্ৰবন্ধ (featured article) হ’ল সেইবোৰ প্ৰবন্ধ, যিবোৰে ৱিকিপিডিয়াৰ সম্পাদক আৰু ব্যৱহাৰকাৰীসকলৰ অনুসৰি ৱিকিপিডিয়াৰ শ্ৰেষ্ঠতম প্ৰবন্ধসমূহৰ মাজত স্থান লাভ কৰে। এই পৃষ্ঠাত স্থান লাভ কৰাৰ আগেয়ে প্ৰস্তাৱনা আৰু বিশ্লেষণৰ মাধ্যমৰে এইবোৰ প্ৰবন্ধৰ মান, নিৰ্ভৰযোগ্যতা, নিৰপেক্ষতা, পৰিপূৰ্ণতা আৰু লিখনৰীতি পৰীক্ষণ কৰা হয়। এই সংক্ৰান্তত অধিক নিৰ্দেশনা আছে বৈশিষ্টপূৰ্ণ প্ৰবন্ধৰ মানদণ্ড পৃষ্ঠাত। বৰ্তমান অসমীয়া ৱিকিপিডিয়াৰ মুঠ ১৪,৪৫৯ টা প্ৰবন্ধৰ মাজত ০ টা বৈশিষ্টপূৰ্ণ প্ৰবন্ধ আছে। বৈশিষ্টপূৰ্ণ প্ৰবন্ধ সাঁচ মনোনীত প্ৰবন্ধ পৃষ্ঠাত ওপৰত লিখি ৰাখিলে এটা ক্ষুদ্ৰ তাৰকা চিহ্ন () দ্বাৰা প্ৰবন্ধটো নিৰ্দেশিত হয়। |
নিঁখুত, নিৰ্বাচিত আৰু ভাল প্ৰবন্ধৰ সংযোগসমূহ: |
বৈশিষ্টপূৰ্ণ প্ৰবন্ধৰ তালিকা
- অলিম্পিক
- দ্বিতীয় বিশ্বযুদ্ধ
- অসমীয়া ভাষা
- সৰ্পদংশন
- আব্দুল কালাম
- ফিফা বিশ্বকাপ
- ভাৰতীয় ৰেল
- সত্য সাই বাবা
- বাহাই ধৰ্ম
- বিজ্ঞানৰ দৰ্শন
- ছি জিনপিং
- শ্ৰীমন্ত শংকৰদেৱ
- ফুল
- ভূপেন হাজৰিকা
- ৰ'জাৰ ফেডেৰাৰ
- নিক'লা টেছলা
- বহুৱা
- আকাশবাণী গুৱাহাটী
ৱিকিপিডিয়াৰ বৈশিষ্টপূৰ্ণ প্ৰবন্ধত তলৰ বৈশিষ্ট্যসমূহ থকা বাঞ্চনীয়:
- প্ৰবন্ধটো ৱিকিপিডিয়াৰ সম্পাদকসকলৰ কৰ্মৰ শ্ৰেষ্ঠতম নমুনা হোৱা উচিত।
- প্ৰবন্ধটো "সুলিখিত", "সুসমন্বিত", "তথ্যগতভাৱে নিৰ্ভুল", "নিৰপেক্ষ" আৰু "স্থায়ী"। নিৰ্বাচিত প্ৰবন্ধৰ মান কিমান কেনেদৰে নিৰূপণ কৰিব পাৰি সেয়া জনাৰ বাবে ভাল প্ৰবন্ধ এটা কেনেদৰে সৃষ্টি কৰিব? আৰু নিখুঁত প্ৰবন্ধ পঢ়ক। ইয়াত:
- (ক) "সুলিখিত" বুলি ক’লে লেখাটিৰ মনোগ্ৰাহী ভাষাৰ বিষয়ে বুজোৱা হৈছে;
- (খ) "সুসমন্বিত" বুলিলে প্ৰবন্ধটোতে বিষয়বস্তু সম্বন্ধে সকলোবোৰ বিতং বৰ্ণনা দিয়া হৈছেনে নাই আৰু কিবা প্ৰধান তথ্য আদি বাকী ৰৈ গৈছে নেকি সেয়া পৰীক্ষা কৰা;
- (গ) "তথ্যগতভাৱে সঠিক" বুলিলে প্ৰবন্ধটোত উল্লিখিত তথ্যসমূহৰ যথাযথ প্ৰমাণ আৰু উদ্ধৃতিৰ সহায়েৰে সমৰ্থন কৰা হৈছে নে নাই (ৱিকিপিডিয়া:নিৰ্ভৰযোগ্যতা চাওক); প্ৰবন্ধটোত “তথ্য সংগ্ৰহৰ” অনুচ্ছেদ আছে, য’ত তথ্য-উৎসসমূহ ধাৰাবাহিকভাৱে দিছে; ইয়াৰ বাদেও প্ৰয়োজন হ’লে প্ৰবন্ধৰ মাজতো বিভ্ৰান্তিকৰ উৎসৰ উল্লেখ থাকিব পাৰে (ৱিকিপিডিয়া:তথ্য উদ্ধৃতি চাওক)। পাদটীকা আৰু প্ৰবন্ধৰ শেষৰ উৎসপঞ্জীৰ বাবে meta:cite-ত উল্লিখিত ধৰণ অনুসৰণযোগ্য;
- (ঘ) "নিৰপেক্ষ" বুলিলে প্ৰবন্ধটোৰ নিৰপেক্ষতা আৰু তথ্যগত সঠিকতালৈ কোনো বিতৰ্ক নোহোৱা বুজায় (ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভঙ্গী চাওক); আৰু
- (ঙ) "স্থায়ী" বুলিলে প্ৰবন্ধটোত নিয়মিতভাৱে কোনোধৰনৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তন সাধন কৰা নহয় আৰু প্ৰবন্ধটো কোনো সম্পাদনা দ্বন্দৰ চিকাৰ নহয়।