[1]অপৰাজিতা পূজা

অপৰাজিতা দেৱী দুৰ্গাৰ এটা নাম (কুৰ্ম পুৰাণ)। অপৰাজিতা হ'ল এবিধ ঔষধিযুক্ত লতাৰো নাম।আজিও শাৰদীয় দুৰ্গাপূজাৰ দশমী তিথিৰ দিনা দেৱীক বিসৰ্জন দিয়াৰ ঠিক পিছতে ঈশান কোণত অষ্টাদশ বিশিষ্ট পদুম আঁকি লৈ তাৰ ওপৰত এডাল অপৰাজিতা লতা ৰাখি অপৰাজিতা পূজা কৰাৰ পদ্ধতি অব্যাহত আছে।অপৰাজিতাদেৱী নীলপদ্মৰ পাপৰিৰ দৰে শ্যাম বৰ্মা,সৰ্প অলংকাৰেৰে উজ্বলা। মূৰ-চন্দ্ৰ কলা শোভিতা,ত্ৰিনয়ন সমন্বিতা,শংখ-চক্ৰ তাৰিণী, বৰদান আৰু অভয় দাত্ৰী পীনোন্মত পয়োধৰা, শ্যামা আৰু পদ্মমালা ভূষিতা। এই মূৰ্তিৰ ৰূপ কল্পনাত বিষ্ণু-মায়া লক্ষ্মী আৰু শিৱ শক্তি শিৱানীৰ ৰূপ বৈচিত্ৰ্য সান-মিহলি হৈ পৰা বুলিব ক'ব পাৰি। অপৰাজিতা দেৱীৰ নামেৰে লতা জাতীয় অপৰাজিতা নামৰ সাদৃশ্যৰ ভেটিত অপৰাজিতা লতাই পূজাৰ স্হান পোৱা বুলি কোনো কোনোৱে মন্তব্য আগবঢ়ায়। আনহাতে[2] তান্ত্ৰিক পদ্ধতিত যোনিৰূপা অপৰাজিতাৰ বুকুত লিংগৰূপী কৰবীৰ স্হাপনাৰে এই পূজা ভাগ সম্পন্ন কৰাটো উল্লেখযোগ্য।

প্ৰবন্ধ লিখাৰ স্থান আৰু ধৰণ সম্পাদনা কৰক

নমস্কাৰ! ৱিকিপিডিয়াত লিখিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ বাবে ধন্যবাদ! কিন্তু মন কৰিছো যে আপুনি প্ৰবন্ধ সমূহ ক'ত আৰু কেনেকৈ বা কি বিষয়ে লিখিব পাৰি, সম্ভৱ সেই সম্পৰ্কে জ্ঞাত নহয়। ইয়াৰ বাবে আপুনি আদৰণি বাৰ্তাটো ভালকৈ পঢ়ি চাব বুলি আশা কৰিলোঁ। নতুবা অসমীয়া ৱিকিপিডিয়াৰ ফেচবুক গ্ৰুপটো যোগাযোগ কৰিব পাৰে। শুভেচ্ছাৰে- Nayan j Nath (বাৰ্তা) 17:01, 1 June 2022 (ইউ.টি.চি.)

  1. তথ্যসংগ্ৰহ- দাস নাৰায়ণ,পৰমানন্দ ৰাজবংশী (সম্পাদনা) পৃষ্ঠা নং-৪ অসমৰ সংস্কৃতি-কোষ । জ্যোতি প্ৰকাশন পানবজাৰ, গুৱাহাটী -১
  2. তথ্য সংগ্ৰহ - দাস, নাৰায়ণ আৰু ৰাজবংশী পৰমানন্দ (সম্পাদনা) অসমৰ সংস্কৃতি-কোষ , পৃষ্ঠা নং-৪। জ্যোতি প্ৰকাশন পানবজাৰ গুৱাহাটী-১ৰ দ্বাৰা প্ৰকাশিত।