কনাই

পৰিচয় -  কনাই সম্পৰ্কে হেমকোষত আছে :' ডিমৰু গুটি, আৰৈ চাউল আৰু দুৰ্বাৰ টোপোলা; তাক তোলনি বিয়াত সন্তান স্বৰূপ ছোৱালীৰ কোলাত দিয়া যায় আৰু শান্তি বিয়াৰ অন্তত দৰা- কন্যা দুয়ো দুইৰ কোলাত দিয়া দি কৰে ।'

বৰ্ণনা -  নামনি অসমত কনাইক কোৱা হয়- জননী বা গাজী ।কনাই (কা.কানাই)  শব্দটো কৃষ্ণৰ পৰা অহা । জননী শব্দই মাতৃক আৰু গাজীয়ে অংকুৰ বা গজালি অৰ্থ সূচায় ।কনাই ছোৱালীৰ কোলাত দুটা  উৎসৱ দিয়া হয় , ক) তোলনি বিয়া আৰু খ) শান্তি বিয়া । দুয়োটা নাৰী উৎসৱত দিয়া হয় - ছোৱালীৰ প্ৰথম কন্যা কাল হোৱাত । হʼলেও তাৰ কিঞ্চিৎ পাৰ্থক্য দেখা যায় । মাক - বাপেকৰ ঘৰত থকা অবিবাহিতা কন্যাৰ পুষ্পোৎসৱেই তোলনি বা নোৱাই -তোলনি বিয়া । আনহাতে বাল্যবিবাহৰ দেউনা পাৰ হৈ মাক- বাপেকৰ ঘৰত থকা ছোৱালীৰ পুষ্পোৎসৱেই হ'ল শান্তি বিয়া । অতীত কালত আগবিয়া হোৱা ছোৱালীজনী যদি নিজৰ মাক- বাপেকৰ ঘৰত থাকোঁতে পুষ্পিতা হয় , তেনেহলে কন্যাঘৰে বাঁহ- বেতৰ জপাৰ ভিতৰত কনাই ভৰাই কেইজনীমান ছোৱালী আৰু তিৰোতাক দৰা ঘৰলৈ পঠিয়াই দি সেই সংবাদটো দিছিল । আনহাতে দৰা ঘৰত পুষ্পিতা হ'লে দৰাঘৰে কনাইৰ যোগেদি কন্যাঘৰলৈ সংবাদ প্ৰেৰণ কৰাটো উল্লেখযোগ্য । জপাৰ ভিতৰত পঠিওৱা বাবে নামনি অসমত ইয়াক জপা থোৱা বোলা হয়।

                   সময় পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত বাল্য- বিবাহ নাইকীয়া হ'ল যদিও তোলনি বিয়াৰ জৰিয়তে জপাৰ ভিতৰত কনাই অনা নিয়া পদ্ধতিৰ যতি পৰা নাই । জপা এতিয়া দৰা ঘৰৰ পৰিৱৰ্তে কন্যাৰ মোমায়েক অথবা ওচৰ সম্পৰ্কীয় লোকৰ ঘৰত ৰখা হয় । কইনা ধুওৱাৰ পিছত টকা বা আঙঠি হাতত দি জয়জয়তে মাকে কনাইটো জীয়েকৰ কোঁচত দিয়ে । অনুক্ৰমে আন সম্পৰ্কীয় আইসকলে পা - পইচা দি কইনাৰ কোঁচত কনাই দিয়া নিয়ম ।

   

               নামনি অসমত কনাইত  থাকে - যজ্ঞ ডিমৰু গুটি, ডালিমৰ কলি , আৰৈ চাউল এমুঠি , দূৱৰি বন এমুঠি , ধানৰ শীহ এটা , তামোল- পাণ এযোৰ , বাৰমহীয়া বেঙেনাৰ ফুল , বগা বা ৰঙা ফুলৰ মালা এধাৰ , মুদ্ৰা (এটকা) এটা , আঙুঠি বা খাৰু এপাত আৰু পহু-শিঙৰ ডবুৱা কটাৰী এখন । এই আটাইবোৰ সম্ভাৰ অনাকটা কাপোৰ এখন বন্ধা নিয়ম ।

                নামনি উভয়তে কনাই, জননী বা গাজী লৈ ভালেখিনি গীত- মাতৰ সৃষ্টি হোৱাটো তাৎপৰ্যপূৰ্ণ ।