AdoroniBot (বাৰ্তা) 05:18, 2 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

তথ্যসূত্ৰ সংযোগ সম্পাদনা কৰক

নমস্কাৰ Kashyap Assam, অসমীয়া ৱিকিপিডিয়াত শেহতীয়াকৈ আপুনি সৃষ্টি কৰা পল্লৱ ৰাজবংশ, পাল সাম্ৰাজ্য আৰ সাতবাহন ৰাজবংশ প্ৰবন্ধকেইটাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনুগ্ৰহ কৰি মন কৰিব যে ৱিকিপিডিয়াত তথ্যসূত্ৰ সংযোগ অৰ্থাৎ ক'ৰপৰা তথ্যখিনি সংগ্ৰহ কৰা হৈছে সেই কথা লিখি থোৱাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়। তথ্যসূত্ৰ প্ৰবন্ধ এটাত কিদৰে যোগ কৰিব পাৰি সেই বিষয়ে জানিবলৈ আপুনি এই ভিডিঅ'টো চাব পাৰে। সহায়ৰ প্ৰয়োজন হ'লে মোক chandan.official7@gmail.com ঠিকনাত মেইল কৰিব পাৰে। শুভেচ্ছা জনালোঁ।চন্দন চিৰিং ফুকন ||✉️ 18:08, 5 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

কৃতজ্ঞতা আৰু অভিনন্দন সম্পাদনা কৰক

  কৃতজ্ঞতা আৰু অভিনন্দন

“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ”

প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে পৃথিৱীৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাইও স্থানীয়ভাৱে নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ আয়োজন কৰিছিল৷ আপোনাক জনাবলৈ পাই আমি সুখী হৈছোঁ যে, সম্পাদনা-মেলাখনত অসমীয়া ৱিকিপিডিয়াৰ ১৩ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি ৫৪৬টা ভিন্ন বৈশিষ্ট্যৰ প্ৰবন্ধ সংযোজন কৰে৷ এইসমূহ প্ৰবন্ধই ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথাৰ সমল বৃদ্ধি কৰাৰ লগতে ইণ্টাৰনেটত অসমীয়া ভাষাৰ স্থিতিও সন্দেহাতীতভাৱে শক্তিশালী কৰিব৷ ইয়াৰ আঁৰতেই আছে আপোনালোকৰ দৰে নিষ্ঠাৱান স্বেচ্ছাসেৱকৰ নিৰৱচ্ছিন্ন অংশগ্ৰহণ আৰু সক্ৰিয় বৰঙণি৷

প্ৰিয় সুহৃদ, সম্পাদনা-মেলাত অংশ লৈ প্ৰতিযোগিতাখনৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি সদায়েই কৃতজ্ঞ হৈ ৰ'ব৷ পৰৱৰ্তী সময়তো আপোনাৰ সক্ৰিয়তা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ৷ অভিনন্দন!! -অসমীয়া ৱিকিমিডিয়া সমাজ