সন্ধিয়াৰ সাধু (ইংৰাজী: Sandhiyar Sadhu) ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ দ্বাৰা লিখিত এখনি সাধুকথাৰ পুথি৷ পুথিখন পোনপ্ৰথমবাৰৰ বাবে ১৯৩৭ চনত প্ৰকাশিত হৈছিল৷ পুথিখনত মুঠতে ২২টা সাধু আছে৷ [1]

সন্ধিয়াৰ সাধু  
লেখক ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানী
দেশ অসম,  ভাৰত
ভাষা অসমীয়া
বিষয় সাধু
প্ৰকাশক অসম প্ৰকাশন পৰিষদ
প্ৰকাশ ডিচেম্বৰ, ২০০৩ (প্ৰথম প্ৰকাশ-১৯৩৭)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৩৪

লেখিকাৰ বিষয়ে

সম্পাদনা কৰক

১৮৭৫ চনত ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ জন্ম হৈছিল৷ তেখেতৰ দেউতাক প্ৰথম অসমীয়া ‘ৰায়বাহাদুৰ’ পূৰ্ণানন্দ বৰুৱা ৰসৰাজ বেজবৰুৱাৰ বংশৰ আছিল৷ মাতৃ মুক্তাৱলী দেৱী৷ ১৮৮৮ চনত ১৩ বছৰ বয়সত ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ অগ্ৰণী চাহ-খেতিয়ক তথা উজনি অসমৰ প্ৰথম স্নাতক জগন্নাথ বৰুৱাৰ লগত বিবাহ সম্পন্ন হয় আৰু তেওঁলোক বালিগাঁৱৰ ৰজাহাউলিলৈ আহে৷ পৰৱৰ্তী সময়ত ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীয়ে উক্ত ‘বৰপাত্ৰ কটেজ’ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বাবে দান দিয়ে৷ লিখা-মেলাৰ উপৰি ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীয়ে নিজৰ সাঁচতীয়া ধন বিদ্যালয়লৈ দান দিয়া, স্ত্ৰী-শিক্ষাৰ বাবে মাত মতা আদি কল্যাণকামী কামত জড়িত হৈছিল৷ মহাত্মা গান্ধী যেতিয়া যোৰহাটলৈ আহিছিল, তেতিয়া স্বাধীনতা সংগ্ৰামী ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ ঘৰতে আছিল৷ ব্ৰিটিছ উপায়ুক্তই এই কথাত অসন্তুষ্টি প্ৰকাশ কৰিছিল যদিও বৰুৱানীয়ে তালৈ গুৰুত্ব নিদি মহাত্মা গান্ধীক স্ব-গৃহত ঠাই দিয়ে৷ স্বাধীনতা সংগ্ৰামতো বৰুৱানীয়ে সক্ৰিয়ভাৱে অংশ লৈছিল৷ [2]

ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ জীৱনৰ দুটি উল্লেখনীয় সাহিত্য-কীৰ্তি হৈছে তেখেতৰ দ্বাৰা লিখিত দুখনি সাধুকথাৰ পুথি: ‘সাধুকথা’ আৰু ‘সন্ধিয়াৰ সাধু’৷ লক্ষ্মীনাথ তামূলীৰ নেতৃত্বত অসম প্ৰকাশন পৰিষদে তেখেতৰ দুয়োখন কিতাপৰেই ২০০৩ চনত নৱ-সংস্কৰণ যুগুত কৰে৷ ‘সন্ধিয়াৰ সাধু’ ১৯৩৭ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল৷

সাধুপুথিখনৰ চমু পৰিচিতি

সম্পাদনা কৰক

সাধুকথাৰ পুথিখনত সন্নিৱিষ্ট সাধুকেইটা হৈছে-

  • এবেগেতীয়া
  • পকা মিঠে
  • ৰামধন
  • গাধা পিটি মানুহ কৰা
  • দৰ্পচূৰ্ণ
  • এজনী ৰাজকন্যাৰ কথা
  • দুজন কৃপণ
  • শিয়াল তামুলী
  • তিতকুজীৰ কটকী
  • চকুচৰহা
  • পিঠা খোৱা বুঢ়া
  • থুপৰী
  • জালোৱাৰ গুৰু ভক্তি
  • লুভুনী
  • কুলক্ষণী তিৰোতা
  • চাৰিজন মূৰ্খৰ কথা
  • সোৰোপা তিৰোতা
  • ধনীৰামৰ ধন
  • মিহিৰ
  • ভানুমতী
  • স-সে-মি-বা
  • হাঁহিচম্পা

সাধুকথাৰ পুথিখনৰ বিষয়ে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছে- "১৮৩৩ শঁকত এই পাতনি লেখকে সাধু-কথাৰ দুখন কিতাপ লেখি ছপায়;- এখনৰ নাম "বুঢ়ী আইৰ সাধু", আনখনৰ নাম "ককা-দেউতা আৰু নাতি ল'ৰা৷" আজি ১৮৫৯ শকত ককাদেউতাকত নাতিনীয়েকেও দুখন সাধুকথাৰ কিতাপ লেখি ককাদেউতাকৰ নাম ৰাখিলে৷" [1]

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানী (২০০৩ (প্ৰথম প্ৰকাশ-১৯৩৭)). সন্ধিয়াৰ সাধু. অসম প্ৰকাশন পৰিষদ. 
  2. অঞ্জলি শৰ্মা (২০০৩). সন্ধিয়াৰ সাধু. অসম প্ৰকাশন পৰিষদ.