সাঁচ:আজিৰ আপুনি জানেনে-১
- ...যে বিষ্ণুপ্ৰসাদ ৰাভা প্ৰথম অসমীয়া কথাছবি জয়মতীৰ সহযোগী নৃত্য পৰিচালক আছিল?
- ...যে দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱণশিৰি নদী লগ লাগি নদীদ্বীপ মাজুলী গঠন হৈছে?
- ...যে উঁইপৰুৱাৰ ৰাজপৰিয়ালৰ উঁয়ে মাত্ৰ সংগম কৰি বংশবৃদ্ধি কৰে আৰু যুজাৰু ক্ষত্ৰিয় জাতৰ উঁয়ে যুঁজ কৰাৰ বাহিৰে একো নকৰে?
- ...যে আমাৰ চিনাকি ভদৰকলি চৰাই অসমৰ উপৰিও ইউৰোপ, আফ্ৰিকা তথা এছিয়া মহাদেশৰ আন আন দেশতো দেখিবলৈ পোৱা যায়?
- ...যে ব্ৰজেন বৰুৱাই ১৯৬৩ চনত মুক্তিপ্ৰাপ্ত চাৰ্লি চেপলিন শৈলীৰ প্ৰভাৱ থকা প্ৰথম অসমীয়া কমেডী ছবি ইটো সিটো বহুতোৰ যোগেদি পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিল?
- ...যে এলবাৰ্ট আইনষ্টাইনক তেওঁৰ বিখ্যাত আপেক্ষিকতাবাদ তত্বৰ পৰিৱৰ্তে আলোক বিদ্যুৎ পৰিঘটনাৰ বাবেহে ন'বেল বঁটা দিয়া হৈছিল?