সাঁচ:আজিৰ আপুনি জানেনে-২৫
- ...যে পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট সাগৰ পৃষ্ঠৰ পৰা ৮৮৪৮ মিটাৰ (২৯০২৯ ফুট) উচ্চতাত অৱস্থিত?
- ...যে শচীন তেণ্ডুলকাৰে প্ৰথম টেষ্ট ক্ৰিকেট খেলিছিল ১৬ বছৰ বয়সত পাকিস্তানৰৰ জাতীয় দলৰ বিপৰীতে?
- ...যে ডোমাৰী হৈছে বিলুপ্তপ্ৰায় ভাৰত-আৰ্য ভাষা, যিটো মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত সিঁচৰতি হৈ থকা ডোম লোকসকলে কয়?
- ...যে ভাৰতত ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে দূৰদৰ্শন কেন্দ্ৰ স্থাপিত হৈছিল?
- ...যে ১৯৭২ চনত মুক্তি লাভ কৰা তথা কমল নাৰায়ণ চৌধুৰীয়ে পৰিচালনা কৰা ভাইটি হৈছে প্ৰথমখন অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ?
- ...যে শৰৎচন্দ্ৰ চট্টোপাধ্যায়ে ১৯০০ চনত বাংলা ভাষাৰ জনপ্ৰিয় উপন্যাস দেৱদাস ৰচনা সমাপ্ত কৰে যদিও ১৭ বছৰ পিছতহে (অৰ্থাৎ ১৯১৭ চনত) উপন্যাসখন প্ৰকাশ পায়?