সাঁচ:আজিৰ আপুনি জানেনে-২৭
- ...যে মৈথিলী ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা তিৰহুতা লিপি বা মিথিলাক্ষৰ লিপিৰ যথেষ্ট সাদৃশ্য অসমীয়া লিপিৰ সৈতে দেখা যায়?
- ...যে হনুমান চালিছা হৈছে ৰামায়ণৰ অন্যতম মূল ব্যক্তিত্ব হনুমানক উৎসৰ্গিত অবধি ভাষাত ৰচিত জনপ্ৰিয় ভক্তিমূলক চালিছা বা চল্লিশ চৌপাই কবিতা?
- ...যে সুকৰ্ণ আছিল ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি?
- ...যে কাছাক্ নৃত্য হ'ল ইণ্ডোনেছিয়াৰ বালি দ্বীপৰ হিন্দু নৃত্য আৰু এই নৃত্য ৰামায়ণৰ কাহিনীৰ আধাৰত নিৰ্মিত?
- ...যে মূলতঃ ভৌতিক আৰু থ্ৰিলাৰ কাহিনীৰ বাবে জনাজাত ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা?