সাত নম্বৰৰ সন্ধানত

আব্দুল মজিদ পৰিচালিক অসমীয়া চলচ্চিত্ৰ

সাত নম্বৰৰ সন্ধানত (ইংৰাজী: Saat Nomboror Sandhanot) ২০১৬ চনত মুক্তি পোৱা, আব্দুল মজিদ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমেজেহিৰুল হুছেইনৰ একে নামৰ গল্পৰ আধাৰত[1] নিৰ্মাণ কৰা ছবিখনৰ চিত্ৰনাট্য পৰিচালক মজিদে নিজে ৰচনা কৰিছে। মুখ্য ভাওত অভিনয় কৰিছে মিতালী ৰয় আৰু ৰাগ ঐনিতমে[2][3]

সাত নম্বৰৰ সন্ধানত

সাত নম্বৰৰ সন্ধানত ছবিৰ পোষ্টাৰ
পৰিচালক আব্দুল মজিদ
ৰচনা জেহিৰুল হুছেইন
চিত্ৰনাট্য আব্দুল মজিদ
অভিনয়ত মিতালী ৰয়
ৰাগ ঐনিতম
জুবিন গাৰ্গ
হিমাংশু প্ৰসাদ দাস
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সম্পাদনা কাজু
সংগীত পৰিচালক অনিল শইকীয়া
মুক্তি
৯ ছেপ্টেম্বৰ ২০১৬ (2016-09-09)
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ লীলাৱতী এগৰাকী চাহবনুৱা সম্প্ৰদায়ৰ নাৰী, বাগানতে কাম কৰে। তাইৰ স্বামী হাৰুও বাগানৰ শ্ৰমিক। এদিন হাৰু সৰ্পদংশনত ঢুকাই থাকিল। কৰ্মৰত অৱস্থাতে স্বামীৰ মৃত্যু হোৱাত তাই কৰ্তৃপক্ষৰ ওচৰত ক্ষতিপূৰণ দাবী কৰিলে যদিও মৃতদেহৰ পোষ্টমৰ্টেম নকৰাৰ অজুহাতত কৰ্তৃপক্ষই কোনো ক্ষতিপূৰণ নিদিলে। অশেষ কষ্টেৰে তাই তিনিটাকৈ সন্তান ডাঙৰ-দীঘল কৰিলে। উপযুক্ত সময়ত জীয়েক দুজনীক বিয়া দি একমাত্ৰ পুত্ৰ শিবুৰো বিয়াৰ আয়োজন কৰিলে। কিন্তু বাগানৰ ফেক্টৰীত দুৰ্ঘটনা ঘটি শিবুও ঢুকাই থাকিল। স্বামী আৰু পুত্ৰক হেৰুৱাই তাই মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। তাই বাগানৰ কাম এৰি দিলে। মানসিক যন্ত্ৰণাৰ উপশমৰ বাবে তাই হাৰিয়াৰ আশ্ৰয় ল’লে আৰু গাঁৱে গাঁৱে সাতনম্বৰৰ সন্ধানত ঘূৰি ফুৰিবলৈ ধৰিলে।[3]

মানসিক ভাৰসাম্যহীন লীলাৱতীয়ে তাইৰ জীৱনৰ এই সীমাহীন দুৰ্যোগৰ বাবে বাগানৰ কৰ্মকৰ্তা, ইউনিয়নৰ নেতা আদি মুঠ সাতজন ব্যক্তিক দায়ী বুলি বিবেচনা কৰি বেজৰ ওচৰলৈ গ’ল আৰু এইসকলক তন্ত্ৰ-মন্ত্ৰৰ দ্বাৰা শাস্তিপ্ৰদান কৰিবলৈ অনুৰোধ জনালে। তাই বেজৰ ওচৰত ছয়জন শত্ৰুৰ নাম উল্লেখ কৰিলে। কিন্তু কোনোমতেই সাতনম্বৰ শত্ৰুজনৰ নাম মনত পেলাব নোৱাৰিলে। গাঁৱেগাঁৱে ভ্ৰমি এই সাতনম্বৰ শত্ৰুজনক বিচৰাই তাইৰ এতিয়া জীৱনৰ লক্ষ্য হৈ পৰিল।[3]

অভিনয় শিল্পী সম্পাদনা কৰক

কলা-কুশলী সম্পাদনা কৰক

  • মুখ্য সহকাৰী নিৰ্দেশক- নচিমুল মজিদ
  • কলা নিৰ্দেশনা- নুৰুদ্দিন আহমেদ
  • শব্দযন্ত্ৰী- দীপক দত্ত
  • কষ্টিউম ডিজাইনাৰ-চাহনাজ চুলতানা
  • মেক-আপ- অসীম বোথ্ৰা[2]

তথ্য উৎস সম্পাদনা কৰক

  1. বৰা, বিপাশা. "আশীৰ পৰৱৰ্তী প্ৰতিবাদৰ গল্প আৰু একোটা চিঞৰ". মুক্তচিন্তা, যুক্তি বিকাশ সমিতি (অসম)ৰ অনলাইন আলোচনী. http://muktosinta.org/protest-short-stories-of-assam/। আহৰণ কৰা হৈছে: 6 January 2021. 
  2. 2.0 2.1 2.2 "সাত নম্বৰৰ সন্ধানত". Cultural Affairs, Govt. of Assam. https://culturalaffairs.assam.gov.in/as/information-services/চলচ্চিত্ৰ-প্ৰযোজনা-আৰু-সহ-সম্পাদনা। আহৰণ কৰা হৈছে: 6 January 2021. 
  3. 3.0 3.1 3.2 3.3 Pooja Nirala (15-10-2016). "SAAT Nomboror Xondhanot: A bold and unblemished cultural chronicle". nezine.com. https://www.nezine.com/info/NHVSN2I3WTZwQTdITnlBbWVtUFhIUT09/saat-nomboror-xondhanot:-a-bold-and-unblemished-cultural-chronicle.html। আহৰণ কৰা হৈছে: 6 January 2021.