সাধাৰণ মৰমন
সাধাৰণ মৰমন (ইংৰাজী: Common Mormon, বৈজ্ঞানিক নাম-Papilio polytes) এবিধ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ এই পখিলাবিধক অন্য পখিলা বিশেষকৈ ৰঙা দেহৰ চাতকনেজী পখিলা (Red-bodied Swallowtails) যেনে সাধাৰণ গোলাপী পখিলা (Common Rose) আৰু 'Crimson Rose' আদিৰ সৈতে কৰা অনুকৰণধৰ্মিতাৰ(mimicry)ৰ বাবে জনা যায়৷
সাধাৰণ মৰমন (Common Mormon) | |
---|---|
Female Common Mormon of Romulus form | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Lepidoptera |
পৰিয়াল: | Papilionidae |
গণ: | Papilio |
প্ৰজাতি: | P. polytes |
বৈজ্ঞানিক নাম | |
Papilio polytes Linnaeus, 1758 | |
Subspecies | |
many, see text |
বিৱৰণ
সম্পাদনা কৰকসাধাৰণ মৰমনৰ পাখিৰ বৰণ গাঢ় ক'লা আৰু পিছফালৰ পাখি (hindwing) বগা দাগ থাকে৷ বগা দাগবোৰৰ আকাৰ তললৈ কমি আহে৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৯০-১০০ মিমি হয়৷ মতা সাধাৰণ মৰমন মাইকীতকৈ আকাৰত সৰু হয়৷অৱশ্যে ঠাই বিশেষে ইয়াৰ আকাৰৰো পৰিৱৰ্ত্তন হোৱা দেখা যায়৷
বিস্তৃতি
সম্পাদনা কৰকসাধাৰণ মৰমন পখিলা ঘাইকৈ পাকিস্তান, ভাৰত, নেপাল, শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড, দক্ষিণ আৰু পশ্চিম চীন, টাইৱান, হংকং, জাপান, ভিয়েটনাম, লাওছ, আন্দামান, নিকোবৰ, মালয়েছিয়া, ব্ৰুণেই, ইন্দোনেছিয়া, ফিলিপাইনছ আদি দেশত বিস্তৃত হৈ আছে৷
বাসস্থান
সম্পাদনা কৰকসাধাৰণ মৰমন পখিলাই সাধাৰণতে কিছু পৰিমাণে গছ-গছনি থকা অঞ্চল পছন্দ কৰে যদিও ইয়াক প্ৰায় সকলোতে দেখিবলৈ পোৱা যায়৷ বিশেষকৈ খেতি-পথাৰ, ফলৰ বাগিচা আদিত এই পখিলাবিধে খাদ্যৰ সন্ধানত উৰি ফুৰা দেখা যায়৷ বাৰিষাকালত এইবিধ পখিলাৰ আবাদী বৃদ্ধি পায়৷
আচৰণ
সম্পাদনা কৰকসাধাৰণ মৰমন পখিলাই ফুলৰ মৌ খাই জীয়াই থাকে৷ ই প্ৰধানকৈ নগৰৰ বাগিচাৰ Lantana, Jatropha, Ixora, আৰু Mussaenda আদি উদ্ভিদৰ বিভিন্ন অংশ খাদ্য হিচাপে গ্ৰহণ কৰে৷ বনাঞ্চলত ইয়াক সাধাৰণতে . Asystasia, Peristrophe, আৰু Jasminum উদ্ভিদৰ ফুলৰ পৰা মৌ গ্ৰহণ কৰা দেখা যায়৷ এই পখিলাবিধৰ কেৱল মতা পখিলাই মুকলি ঠাইৰ ছাঁ পৰা অঞ্চলত বোকাত খাদ্যৰ সন্ধান কৰে ( mud puddling)৷ তদুপৰি লুণীয়া মাটিৰ পৰা ইহঁতে বিভিন্ন লৱণ গ্ৰহণ কৰাৰো তথ্য পোৱা গৈছে৷[1]
পোষক উদ্ভিদ
সম্পাদনা কৰকসাধাৰণ মৰমনৰ পলুৱে সাধাৰণতে তলত উল্লেখ কৰা 'Rutaceae' পৰিয়ালৰ উদ্ভিদক পোষক উদ্ভিদ (host plants) হিচাপে গ্ৰহণ কৰে-
- Aegle marmelos
- Atalantia racemosa[2]
- নেমুজাতীয় উদ্ভিদসমূহ (C. aurantifolia, C. grandis, C. limon, C. medica, C. sinensis)
- Glycosmis arborea
- Murraya koenigii, Curry leaf
- Murraya paniculata
জীৱন-চক্ৰ
সম্পাদনা কৰকমাইকী সাধাৰণ মৰমন পখিলাই গছৰ মুকলি ডালত পাখি মেলি বা বন্ধ কৰি বহে৷ মতা পখিলাটোৱে এনে অৱস্থাতে প্ৰজনন কৰে৷
কণী
সম্পাদনা কৰকসাধাৰণ মৰমনৰ কণী পাতৰ ওপৰভাগত পাৰে৷ ইয়াৰ আকাৰ ঘূৰণীয়া আৰু বৰণ হালধীয়া বা পাতল কমলা হোৱা দেখা যায়৷
পলু
সম্পাদনা কৰকপলু প্ৰথম অৱস্থাত দেখাত নেমুটেঙা পখিলা (Lime Butterfly)ৰ দৰে হয়৷ পৰৱৰ্ত্তী কালত ইয়াৰ বৰণ গাঢ় সেউজীয়া হৈ পৰে৷
লেটা
সম্পাদনা কৰকইয়াৰ লেটা পাত ডালৰ তলৰভাগত থাকে৷ লেটাৰ বৰণ পাতল সেউজীয়া হোৱা দেখা যায়৷
তথ্যসূত্ৰ
সম্পাদনা কৰকলগতে চাওক
সম্পাদনা কৰক- Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
- Gay, Thomas; Kehimkar, Isaac & Punetha, J.C.(1992) Common Butterflies of India. WWF-India and Oxford University Press, Mumbai, India.
- Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
- Kunte, Krushnamegh (2005) Butterflies of Peninsular India. Universities Press.
- Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Papilio polytes সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিপ্ৰজাতিত Papilio polytes সম্পৰ্কে অধিক তথ্য আছে |
- Butterflies of Sri Lanka
- Mimicry Archived 2011-07-22 at the Wayback Machine, Nagoya University
- Photos & videos of step by step of common mormon
আলোকচিত্ৰ ভঁৰাল
সম্পাদনা কৰক-
Mating pair with the female displaying Romulus form on top
-
Close-up on the mating pair
-
Common Mormon egg
-
Different stage instars
-
Later instar
-
Pupa
-
Adult form cyrus
-
Female form stichius just emerged
-
Female form romulus
-
Typical Mormon courtship