সাৱনী ৰবীন্দ্ৰ

ভাৰতীয় কণ্ঠশিল্পী


সাৱনী ৰবীন্দ্ৰ ঘাংগুৰ্দে ধন্দে চমুকৈ সাৱনী ৰবীন্দ্ৰ (ইংৰাজী: Savani Ravindra, জন্ম ২২ জুলাই ১৯৮৯), এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ঘাইকৈ মাৰাঠী সংগীত উদ্যোগৰ লগত জড়িত। মাৰাঠীৰ লগতে তেওঁ কোংকণী আৰু তামিল ভাষাৰ গীততো কণ্ঠদান কৰিছে। তেওঁ ২০১১ চনৰ আইদিয়া চাৰেগমাৰ শীৰ্ষ পাঁচ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ অন্যতম আছিল।[1] ২০২১ চনত ঘোষণা কৰা ভাৰতৰ ৬৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[2]

সাৱনী ৰবীন্দ্ৰ
জন্মৰ নাম সাৱনী ৰবীন্দ্ৰ ঘাংগুৰ্দে ধন্দে
জন্ম ২২ জুলাই, ১৯৮৯ (৩৪ বছৰ)
মূল ৰত্নাগিৰী, মহাৰাষ্ট্ৰ, ভাৰত
সংগীতৰ প্ৰকাৰ গজল, ফিল্মী, হিন্দুস্তানী শাস্ত্ৰীয় সংগীত
পেচা কণ্ঠশিল্পী
ৱেবছাইট www.savaniravindra.com

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৮৯ চনৰ ২২ জুলাই তাৰিখে মহাৰাষ্ট্ৰৰ ৰত্নাগিৰীত সাৱনী ৰবীন্দ্ৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ড° ৰবীন্দ্ৰ ঘাংগুৰ্দে এজন শাস্ত্ৰীয় কণ্ঠশিল্পী আৰু অভিনেতা আৰু মাতৃ মাৰাঠী সংগীত নাটকৰ কণ্ঠশিল্পী তথা অভিনেত্ৰী ড° বন্দনা ঘাংগুৰ্দে। পিতৃ-মাতৃৰ পৰাই সাৱনীয়ে সংগীতৰ প্ৰাৰম্ভিক পাঠ লাভ কৰিছিল। পিতৃ ৰবীন্দ্ৰ ঘাংগুৰ্দেৰ পৰা বিভিন্ন ৰাগৰ সৈতে চিনাকি হোৱাৰ পিছত তেওঁ নাট্যসংগীত আৰু সুগম সংগীত গাবলৈ আৰম্ভ কৰিছিল। ৮ বছৰ বয়সৰ পৰা তেওঁ মাৰাঠী সুগম সংগীতৰ প্ৰসিদ্ধ সংগীতজ্ঞ পণ্ডিত যশৱন্ত দেৱৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।

তেওঁ মহাৰাষ্ট্ৰপুনেত অৱস্থিত ফাৰ্গাচনৰ মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ চাভাইন ৰবি দাতেজীৰ পৰা গজলৰ[3] আৰু পণ্ডিত পাধাৰীনাথ কোলহাপুৰজীৰ পৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰিছিল।[4] সাৱনীয়ে সংস্কৃত ভাষাৰ স্নাতক আৰু মাৰাঠী ভাষাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ ভাৰতী বিশ্ববিদ্যালয়ৰ সংগীতৰ স্নাতকোত্তৰ উপাধিও লাভ কৰিছে।

কৰ্মজীৱন সম্পাদনা কৰক

পণ্ডিত হৃদয়নাথ মংগেশকাৰৰ সৈতে[5] সাৱনীয়ে প্ৰখ্যাত গায়ক সুৰেশ ৱাডকাৰ, অৰুণ তাৰিখ, ৰবীন্দ্ৰ সাথে, ৰবীন্দ্ৰ জৈন, উত্তৰা কেলকাৰ আৰু শ্ৰীধৰ ফাদকেৰ সৈতেও পৰিৱেশন কৰিছিল। তেওঁ "আছায়ে", "কেনভাছ" আৰু "অজুনহী(মাৰাঠী)"[6] তেওঁ সংগীত অনুষ্ঠান 'ব্লেক এণ্ড হোৱাইট'[7], 'গজল কা চফৰ'[8] আৰু 'গুলজাৰ বাত পশমিনে কি'ৰ দৰে এলবামত গীত গাইছে।[9] তেওঁ 'অজব লাগনাচি গজাব গোষ্ট'[10] আৰু 'কুনি ঘৰ দেতা কা ঘৰ'ৰ দৰে চলচ্চিত্ৰত গান গাইছে।[11] তেওঁৰ এটা মাৰাঠী গীত, "তু মালা মি তুলা গুণুণু লাগ্লো- হোনাৰ চান মি হায়া ঘৰচি -জি মাৰাঠী", কণ্ঠশিল্পী মংগেশ বৰগাওঁকাৰৰ সৈতে দ্বৈত কণ্ঠৰ গীত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁ শ্ৰীৰং ভাৱেৰ সৈতে ই-টিভি মাৰাঠীত প্ৰচাৰিত জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক 'কমলা'ৰ শীৰ্ষক গীত গাইছে। মাৰাঠী চিনেমা 'সইৰাত'ত গোৱা গানবোৰৰ বাবে তেওঁ এজন সমৰ্থক কণ্ঠশিল্পী আছিল।

বঁটা আৰু সন্মান সম্পাদনা কৰক

সাৱনীক অসংখ্য পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে। ইয়াৰ ভিতৰত আছে বালকলাকাৰক প্ৰদান কৰা শ্বাহু মোডক বঁটা, মৰিয়া ফাউণ্ডেচন তৰ্ফে মৰিয়া গোচাৱী বঁটা আৰু ৰতিলাল ভাৱচাৰ বঁটা, অজিতদাদা পাৱাৰ ফাউণ্ডেচন বঁটা। ২০২১ চনত ঘোষণা কৰা ভাৰতৰ ৬৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তেওঁ 'বাৰ্ড নামৰ মাৰাঠী ছবিত "ৰাণ পেটেলা" গীতৰ বাবে 'শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[12]

তথ্য উৎস সম্পাদনা কৰক

  1. "Zee Marathi announces the winner of IDEA Sa Re Ga Ma Pa". Indiantelevision.com. 24 October 2011. http://www.indiantelevision.com/release/y2k11/oct/octrel41.php। আহৰণ কৰা হৈছে: 18 April 2014. 
  2. Desk, The Hindu Net (2021-03-22). "67th National Film Awards: Complete list of winners" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/67th-national-film-awards-complete-list-updating/article34131921.ece. 
  3. "Dattaprasad Ranade and Savaniee Ravindrra during the ghazal programme organised by Saptak in Nagpur". The Times of India. n.d.. http://photogallery.indiatimes.com/events/nagpur/ghazal-programme-organised-by-saptak/articleshow/28838212.cms। আহৰণ কৰা হৈছে: 18 April 2014. 
  4. "::Pandit Pandharinath Kolhapure". Pandharinathkolhapure.com. 16 February 1930. Archived from the original on 22 August 2015. https://web.archive.org/web/20150822224858/http://www.pandharinathkolhapure.com/। আহৰণ কৰা হৈছে: 18 April 2014. 
  5. "Hridaynath Mangeshkar – Singer, Music Director". MySwar. 26 October 1937. Archived from the original on 22 August 2015. https://web.archive.org/web/20150822235148/http://myswar.com/artist/hridayanath-mangeshkar। আহৰণ কৰা হৈছে: 18 April 2014. 
  6. "Savani Ravindra". Gomolo.com. n.d.. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924040918/http://www.gomolo.com/about-savani-ravindra/336311। আহৰণ কৰা হৈছে: 18 April 2014. 
  7. "Black and White". Nicheentertainment.com. n.d.. Archived from the original on 25 July 2014. https://web.archive.org/web/20140725073527/http://nicheentertainment.com/b%26w.htm। আহৰণ কৰা হৈছে: 18 April 2014. 
  8. "Ghazal Ka Safar – A Musical Journey". Nicheentertainment.com. n.d.. http://www.nicheentertainment.com/gazal.htm। আহৰণ কৰা হৈছে: 18 April 2014. 
  9. "Gulzar… Baat Pashmine Ki". Nicheentertainment.com. n.d.. http://www.nicheentertainment.com/gulzar.htm। আহৰণ কৰা হৈছে: 18 April 2014. 
  10. "Ajab Lagnachi Gajab Gosht (2010)". Gomolo.com. 24 September 2010. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924041033/http://www.gomolo.com/ajab-lagnachi-gajab-gosht-movie/42293। আহৰণ কৰা হৈছে: 18 April 2014. 
  11. "Kuni Ghar Deta Ka Ghar (2013) Cast and Crew | Actor Actress Director Of Kuni Ghar Deta Ka Ghar Marathi Movie". Gomolo.com. n.d.. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924054904/http://www.gomolo.com/kuni-ghar-deta-ka-ghar-movie-cast-crew/45818। আহৰণ কৰা হৈছে: 18 April 2014. 
  12. "67th National Films Awards complete list". The Hindu. 22 March 2021. https://www.thehindu.com/entertainment/movies/67th-national-film-awards-complete-list-updating/article34131921.ece. 

বাহ্যিক সংযোগ সম্পাদনা কৰক