সুজিতা দাস

ভাৰতীয় ৰেডিঅ’ জকি


সুজিতা দাস (ইংৰাজী: Sujita Das) অসমৰ এগৰাকী অনাতাঁৰ ঘোষক (ৰেডিঅ’ জকি)। তেওঁ জনপ্ৰিয়ভাৱে আৰ. জে সুজিতা নামেৰে পৰিচিত। তেওঁ ৯২.৭ বিগ এফ এম গুৱাহাটীত অনাতাঁৰ ঘোষক হিচাপে ১৫ বছৰ কাম কৰা জ্যেষ্ঠতম ৰেডিঅ’ ঘোষক৷[1] তেওঁ ৯২.৭ বিগ এফ এমৰ “দুপৰৰে ৰ’দালি” অনুষ্ঠানৰ বাবে অসমৰ আটাইতকৈ জনপ্ৰিয় ৰেডিঅ’ জকি আছিল। দৈনিক অনুষ্ঠান “দুপৰৰে ৰ’দালি”ৰ লগতে শ্ৰোতাসকলক ১ বজাৰ পৰা ৩ বজালৈ অসমীয়া ৰীতি-নীতি আৰু পৰম্পৰাৰ সৈতে জড়িত শনিবাৰৰ বিশেষ অনুষ্ঠান- “অসমৰ সুৱদি মাত” চলায়। ২০১৭ চনত অসমৰ তদাৰক ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতৰ উপস্থিতিত জনপ্ৰিয় অসমীয়া আলোচনী মায়াৰ দ্বাৰা তেওঁক শ্ৰেষ্ঠ ৰেডিঅ’ জকি বঁটা প্ৰদান কৰা হৈছিল।[2]

সুজিতা দাস
জন্ম ২ মে', ১৯৮৪ (৩৯ বছৰ)
শিৱসাগৰ, অসম
অন্য নাম আৰ জে সুজিতা
নাগৰিকত্ব ভাৰত
পেচা আৰ জে
দাম্পত্যসঙ্গী মনোজ কুমাৰ ৰয় (বি. ২০১৩)
পিতৃ-মাতৃ ক্ষীৰোদ নাথ দাস (পিতৃ)
লক্ষ্মী প্ৰভা দাস (মাতৃ)

ৰেডিঅ’ত অৱদানৰ বাবে তেওঁ ইণ্ডিয়া ৰেডিঅ’ ফ’ৰামৰ দ্বাৰা ম’ষ্ট পপুলাৰ আৰ জে অৱ দ্য ইয়াৰ ২০১৯ (Most popular RJ of the year -2019) লৈ মনোনীত হৈছিল।[3][4][5][6][7]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "RJ Sujita profile on Big FM India" (en ভাষাত). Big FM India Website. https://bigfmindia.com/guwahati/rj-sujita/. 
  2. "92.7 BIG FM Guwahati Mj Sujita Awarded ‘Best Radio Jockey’" (en ভাষাত). Media Infoline. https://www.mediainfoline.com/radio/92-7-big-fm-guwahati-mj-sujita-awarded-best-radio-jockey। আহৰণ কৰা হৈছে: 11 October 2017. 
  3. "Assam RJ’s excel" (en ভাষাত). The Indian Express. https://www.newindianexpress.com/nation/2019/may/16/guwahati--diary-1977563.html। আহৰণ কৰা হৈছে: 16 May 2019. 
  4. "Seven Assam RJs Nominated For Excellence In Radio Awards" (en ভাষাত). Pratidin Time – An Assamese daily. https://www.pratidintime.com/seven-assam-rjs-nominated-for-excellence-in-radio-awards/। আহৰণ কৰা হৈছে: 13 May 2019. 
  5. "Seven Assam RJs shortlisted for most popular RJ of the year award; check the list" (en ভাষাত). InsideNE-We deliver the North East. https://www.insidene.com/seven-assanpopular-rj-of-the-year-award/। আহৰণ কৰা হৈছে: 13 May 2019. 
  6. "7 RJs from Assam selected for IRF’s ‘Excellence in Radio Awards’" (en ভাষাত). Eastmojo. https://www.eastmojo.com/assam/2019/05/13/7-rjs-from-assam-selected-for-irfs-excellence-in-radio-awards। আহৰণ কৰা হৈছে: 13 May 2019. 
  7. "6 RJs from Assam in nat’l contest" (en ভাষাত). The Assam Tribune. http://www.assamtribune.com/scripts/detailsnew.asp?id=may1419/city053। আহৰণ কৰা হৈছে: 13 May 2019. [সংযোগবিহীন উৎস]