সুতপা চক্ৰৱৰ্তী

ভাৰতীয় কবি আৰু সাহিত্যিক

সুতপা চক্ৰৱৰ্তী (ইংৰাজী: Sutapa Chakraborty, জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক। ২০২৪ চনত তেওঁ দেৰাজে হলুদ ফুল, গতজন্ম শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বাংলা ভাষাসাহিত্য অকাডেমি যুৱ বঁ‌টা লাভ কৰে। ইয়াৰ লগে লগে তেওঁ অসমৰ পৰা বাংলা ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি হিচাপে পৰিগণিত হয়।[4]

সুতপা চক্ৰৱৰ্তী
জন্ম ১১ ছেপ্টেম্বৰ, ১৯৯১ (৩২ বছৰ)
কৰিমগঞ্জ জিলা, অসম
পেচা কবি, সাহিত্যিক
ভাষা
নাগৰিকত্ব ভাৰত
শিক্ষা বাংলা সাহিত্যৰ পিএইচডি
মাতৃশিক্ষায়তন অসম বিশ্ববিদ্যালয়
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি যুৱ বঁ‌টা, ২০২৪[1][2][3]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সম্পাদনা কৰক

১৯৯১ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখে অসমকৰিমগঞ্জ জিলাত সুতপা চক্ৰৱৰ্তীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম সুহাস কান্তি চক্ৰৱৰ্তী আৰু মাতৃ দীপালী চক্ৰৱৰ্তী। অসম বিশ্ববিদ্যালয়ৰ অধীনত কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ অসম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ইয়াৰ পিছত তেওঁ গৱেষণামূলক কাম আৰম্ভ কৰে আৰু ২০২২ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।[5] কলেজীয়া জীৱনৰ পৰাই কবিতাৰ প্ৰতি আকৰ্ষিত হৈ থকা তেওঁ এক সুকীয়া শৈলীত কবিতা লিখিবলৈ লয়। বৰ্তমান তেওঁ শিলচৰৰ বাসিন্দা।

সাহিত্য চৰ্চা

সম্পাদনা কৰক

কলেজত পঢ়ি থকাৰ সময়ৰ পৰায়ে তেওঁ লিখা-মেলা কৰি আহিছে। ২০২২ চনত কলকাতাৰ আদম প্ৰকাশনী দেৰাজে হলুদ ফুল, গতজন্ম প্ৰকাশ কৰে। ইয়াৰ বেছিভাগ কবিতা তেওঁ ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ সময়ত ৰচনা কৰিছিল।[5] ইয়াৰ পূৰ্বে তেওঁৰ কবিতাৰ দুখন গ্ৰন্থ ভ্ৰমৰযান আৰু মায়াবিদ্যা নামৰ গ্ৰন্থ প্ৰকাশ পাইছে। মায়াবিদ্যা হৈছে ১০০টা ছনেটৰ সংকলন। এই কাব্যগ্ৰন্থখন কলকাতাৰ ভাষাশিল্পী প্ৰকাশনে প্ৰকাশ কৰিছে। গুৱাহাটীৰ প্ৰসূন বৰ্মন আৰু সঞ্জয় চক্ৰৱৰ্তীয়ে বাংলা সাহিত্য ও সংস্কৃতি সমাজৰ অধীনত প্ৰকাশ কৰা ভ্ৰমৰযান ছিলঠীয়া ভাষাৰ কবিতা পুথি। বৰ্তমান তেওঁ ‘তবুও প্ৰয়াস’ প্ৰকাশনীৰ ‘মহিলা আৰু ভাৰতীয় আইন’ পৰৱৰ্তী গ্ৰন্থৰ কামত ব্যস্ত।

বঁটা আৰু সন্মান

সম্পাদনা কৰক