সুৰেন দাস মহাবিদ্যালয়
অসমৰ শিক্ষানুষ্ঠান
সুৰেন দাস মহাবিদ্যালয় (ইংৰাজী: Suren Das College) হৈছে ১৯৭৯ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এখন সাধাৰণ স্নাতক মহলাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1] এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম আগবঢ়ায়। মহাবিদ্যালয়খনত কামৰূপৰ আটাইতকৈ ডাঙৰ চেমিনাৰ হলটো আছে। ১৯৭৯ চনত হাজোৰ স্থানীয় লোকসকলৰ সহযোগত সুৰেন দাসে মহাবিদ্যালয়খন আৰম্ভ কৰিছিল। ড° হিৰণ্য শৰ্মা হৈছে মহাবিদ্যালয়খনৰ অধ্যক্ষ।
সুৰেন দাস মহাবিদ্যালয় | |
---|---|
Suren Das College Logo.png | |
স্থাপিত | ১৯৭৯ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ড° হিৰণ্য শৰ্মা |
স্থান | হাজো, কামৰূপ জিলা, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় |
ৱেবছাইট | surendascollege |
তথ্যসূত্ৰ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক- "Welcome to Swahid Smriti Mahavidyalaya". ssmnalbari.org. Archived from the original on 2017-08-31. https://web.archive.org/web/20170831040648/http://www.ssmnalbari.org/index.htm। আহৰণ কৰা হৈছে: 2017-08-31.