স্মৃতিৰ পৰশ (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (১৯৫৬)
(স্মৃতিৰ পৰশৰ পৰা পুনঃনিৰ্দেশিত)

স্ম়তিৰ পৰশ (ইংৰাজী: Smritir Parash) ১৯৫৬ত মুক্তি পোৱা এখন অসমীয়া বোলছবি।বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত ছবিথন প্ৰযোজনা কৰে গৌৰী শংকৰ হিম্মৎসিংকাই আৰু পৰিচালনা কৰে নিপ বৰুৱাই। নিপ বৰুৱা পৰিচালিত এইখন প্ৰথম ছবি। এইখন ছবিতে প্ৰথমবাৰৰ বাবে হিন্দীগীত আৰু সম্পূৰ্ণ বিহুগীত আৰু নাচ সংযোজন কৰা হৈছিল।[1]

স্মৃতিৰ পৰশ
Smritir Parash

স্মৃতিৰ পৰশ ছবিৰ পোষ্টাৰ
পৰিচালক নিপ বৰুৱা
চিত্ৰনাট্য নিপ বৰুৱা
কাহিনী নিপ বৰুৱা
প্ৰযোজক গৌৰী শংকৰ হিম্মৎসিংকা
অভিনয়ত ব্ৰজেন বৰুৱা
নিভা বৰুৱা
চিত্ৰগ্ৰহণকাৰী নলিন দুৱৰা
সম্পাদনা ৰমেশ যোশী
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

অভিনয় শিল্পী

সম্পাদনা কৰক

ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। সঙ্গীত পৰিচালক ৰুপে এয়া ব্ৰজেন বৰুৱাৰ প্ৰথম ছবি। গীত আছিল সাতটা; ইয়াৰে দুটা হিন্দী গীত।[1] এয়াই আছিল অসমীয়া ছবিত প্ৰথম হিন্দী গীতৰ সংযোজন। সেই সময়ৰ হিন্দীগীতৰ জনপ্ৰিয়তা দেখি ব্যৱসায়িক দৃষ্টিভঙ্গীৰে সঙ্গীত পৰিচালক ব্ৰজেন বৰুৱাই এনে ছবিখনত হিন্দীগীতৰ সংযোজন কৰিব পাৰে। ছবিখনৰ বহুকেইটা গীত তেতিয়া অতি জনপ্ৰিয় হৈছিল।[3] অসমীয়া ছবিত প্ৰথমবাৰৰ বাবে বিহুনাচ দেখুওৱা হৈছিল ৰুণুমী ছবিত; কিন্তু এই নাচ দেখুওৱা হৈছিল অতি কম সময়ৰ বাবে। 'স্মৃতিৰ পৰশ'ত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ এটা বিহুগীত আৰু নাচ সংযোজন কৰা হৈছিল।[1][4]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "টুনটুন কণমান আহা- সোণকণ পোনাকণ আহা"  কেশৱ মহন্ত ৰমেন বৰুৱা, ননী কাকতি
বিভা বৰুৱা, গিৰিণ বৰুৱা
 
2. "আই আমাৰ কপালতে ৰঙা সেন্দুৰৰে তিলক আঁকি দিয়া"  কেশৱ মহন্ত ৰমেন বৰুৱা, ননী কাকতি  
3. "অজান বেথাৰ লাগি শিহৰণ ঘনে ঘনে কঁপে হিয়া"  কেশৱ মহন্ত ৰমেন বৰুৱা  
4. "অ' মোৰে দেহীটি ঐ, অ' মোৰে চেনাইটি ঐ (বিহু)"  কেশৱ মহন্ত ৰমেন বৰুৱা, গুণদা কাকতি, ননী কাকতি
বিভা বৰুৱা, গিৰিণ বৰুৱা
 
5. "তিৰিবিৰি কৰি থাকা তুমি, যেন মুকুতাৰে মণি"  দ্বিবন বৰুৱাব্ৰজেন বৰুৱা  
6. "হেই চলক পৰে চান্দনী, ইক বহক পৰে ৰাগনী (হিন্দী)"  বীৰেণ দত্ত শ্যামল মিত্ৰ  
7. "কিসী কি য়াদ মেঁ যাতি, চলী য়হ জিন্দেগী অপনী (হিন্দী)"  এম গৌতমআল্পনা বন্দোপধ্যায়  
  1. 1.0 1.1 1.2 1.3 অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ৫৮). শশী শিশু প্ৰকাশন, গুৱাহাটী. 
  2. মঞ্চলেখা, পৃষ্ঠা ৩১২, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭. 
  3. তফজ্জুল আলি (জুন ২০০৬). "সঙ্গীতকাৰ ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱা". সাৰেগামা (পৃঃ ২৪). 
  4. বাবুল দাস (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন (পৃঃ ৪১). বাণী মন্দিৰ, ডিব্ৰুগড়.