হলধৰ নাগ

সম্বলপুৰী ভাষাৰ কবি তথা লেখক

হলধৰ নাগ (ইংৰাজী: Haldhar Nag) হ'ল উৰিষ্যাৰ এজন সম্বলপুৰী ভাষা (কোছালি ভাষা)ৰ কবি তথা লেখক। তেঁও “লোক কবি ৰত্ন” ৰুপে খ্যাত। ১৯৫০ চনৰ ৩১ মাৰ্চত উৰিষ্যাৰ বৰগড় জিলাৰ ঘেছ নামে ঠাইত এটি দুখীয়া পৰিয়ালত জন্ম হৈছিল। হলধৰ নাগে দহ বছৰ বয়সতে নিজৰ পিতৃক হেৰুৱাইছিল। পিতৃৰ মৃত্যুৰ পাছত পৰিয়ালৰ দায়িত্ব বহন কৰিব লগীয়া হোৱাত হলধৰ নাগে তৃতীয় মানতেই পঢ়-শুনা বাদ দিব লগীয়া হয়। হলধৰ নাগক যশস্বী উৰিয়া কবি গংগাধৰ মেহেৰৰ লগত তুলনা কৰা হয়। বিবিচিয়ে হলধৰ নাগৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এখন তথ্যচিত্ৰও নিৰ্মাণ কৰে। উৰিষ্যা আৰু চত্তিশগড়ৰৰ লাখ লাখ অনুৰাগীয়ে তেঁওক “মেছিয়াহ” হিচাপে গণ্য কৰে যাৰ অৰ্থ “ত্ৰাণকৰ্তা”। প্ৰথমে নাগে কোছলি লোকগল্প লিখিছিল আৰু ১৯৯০ চনৰ পৰা তেখেতে কোছলি ভাষাত কবিতা লিখিবলৈ আৰম্ভ কৰে। শ শ কবিয়ে পশ্চিম উৰিষ্যাত এক মজবুত “হলধৰ ধাৰা” বঢ়াবলৈ হলধৰ নাগৰ লিখন শৈলী আৰু কৌশল অনুসৰণ কৰে। ২০১৬ চনত হলধৰ নাগক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে।

হলধৰ নাগ
জন্ম ৩১ মাৰ্চ, ১৯৫০ (৭৪ বছৰ)
ঘেছ, বৰগড়, উৰিষ্যা, ভাৰত
পেচা কবি, সমাজকৰ্মী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত হিন্দু যাদৱ
উল্লেখযোগ্য বঁটা পদ্মশ্ৰী[1]
দাম্পত্যসংগী মালতী নাগ
সন্তান এজনী ছোৱালী

স্বাক্ষৰ

মুখ্য কৃতিসমূহ সম্পাদনা কৰক

  • লোকগীত
  • সম্পৰ্দা
  • ক্ৰুষ্ণাগুৰু
  • মহাসতী উৰ্মিলা
  • তাৰা মন্দোদৰী
  • অচিয়া
  • বচ্চাহাৰ
  • সিৰি সোমালাই
  • বীৰ সুন্দৰ হ্যে
  • কৰমসানী
  • ৰাসিয়া কবি (তুলসী দাসৰ জীৱনী)
  • প্ৰেম পৈচান

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক