হাগ্ৰামায়াও জিনাহাৰি

বড়ো ভাষাৰ চলচ্চিত্ৰ

হাগ্ৰামায়াও জিনাহাৰি (ইংৰাজী: Hagramayao Jinahari) জাংদাও বডোচা পৰিচালিত ১৯৯৬ চনত মুক্তি পোৱা এখন বড়ো ভাষাচলচ্চিত্ৰ। এইখন বডোচাই পৰিচালনা কৰা দ্বিতীয় কাহিনী ছবি। পৰিচালনাৰ উপৰিও তেওঁ ছবিৰ প্ৰযোজনা আৰু সম্পাদনা কৰাৰ উপৰিও চিত্ৰনাট্যও লিখিছে। পৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ শিতানত ছবিখনে শ্ৰেষ্ঠ ছবিৰ ১৯৯৫ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1] বনধ্বংসৰ বাবে ছবিখনৰ যোগেদি বডোচাই চৰকাৰী যন্ত্ৰটোক প্ৰত্যক্ষভাবে জগৰীয়া কৰিছে। প্ৰশাসন আৰু অসাধু কাঠ ব্যৱসায়ীসকলৰ অবৈধ চক্ৰটোৱে যে বনধ্বংসৰ মূল কাৰণ তাক উদঙাই দিছে।[2][3]

হাগ্ৰামায়ও জিনাহাৰি
Rape in the virgin forest
হাগ্ৰামায়াও জিনাহাৰিৰ এটা দৃশ্যত অঞ্জলি বসুমতাৰী
হাগ্ৰামায়াও জিনাহাৰিৰ এটা দৃশ্যত অঞ্জলি বসুমতাৰী
পৰিচালক জাংদাও বডোচা
চিত্ৰনাট্য জাংদাও বডোচা
কামাখ্যা ব্ৰহ্ম নাৰ্জাৰী
মঙ্গল সিং হাজোৱাৰী
মতিলাল বসুমতাৰী
প্ৰযোজক জাংদাও বডোচা
সম্পাদনা জাংদাও বডোচা
সংগীত পৰিচালক ৰাজেশ্বৰ ব্ৰহ্ম
মুক্তি
১৯৯৬ (1996)
দৈৰ্ঘ্য
৭৩ মিনিট
দেশ ভাৰত ভাৰত
ভাষা বড়ো

ধনৰ অভাৱত অতি কম বাজেটেৰে ছবিখন নিৰ্মাণ কৰা হৈছিল। এটা পুৰণি ধৰণৰ বোলেক্স কেমেৰা আৰু পেলাই থোৱা ফুজি কালাৰ ফিল্মেৰে ছবিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। অপেছাদাৰী অভিনেতা আৰু ন-শিকাৰু প্ৰডাকচন ইউনিটেৰে ছবিৰ সমস্ত চিত্ৰনাট্যৰ দৃশ্যগ্ৰহণ মাথো দহদিনত সামৰা হয়। কেমেৰা আৰু সম্পাদনাৰ কাম পৰিচালক বডোচাই নিজে চম্ভালিছিল।[2]

কাহিনীৰ সাৰাংশ

সম্পাদনা কৰক

অৰণ্যৰ ওপৰতে নিৰ্ভৰশীল বুদাঙে হাবিৰ পৰা মনেমনে খৰি, কাঠ আনি বাহিৰৰ মানুহক বিক্ৰী কৰে। তেওঁৰ একমাত্ৰ জীয়েক মিথিংগা বিবাহোপযোগ্য হৈছে। তাইক বিয়া দিবলৈ বহু ধনৰ প্ৰয়োজন। সেই ধন গোটাবলৈ তেওঁ বেছিকৈ চৌৰ্যবৃত্তি চলাই গ’ল আৰু এদিন ধৰা পৰি শাস্তিৰ সন্মুখীন হ’ল। ভৱিষ্যতে আৰু যাতে অধিক শাস্তিৰ সন্মুখীন নহয়, তাৰবাবে তেওঁ গছ কাটি হাবিৰ ভিতৰতে কাঠৰ চোৰাং কাৰবাৰীক বিক্ৰী কৰিবলৈ ধৰিলে। এই চোৰাং কাৰবাৰীবোৰে এদিন সুবিধা বুজি মিথিংগাক দলবদ্ধভাবে বলাৎকাৰ কৰে। কুমাৰী অৰণ্যৰ ওপৰত অসৎ লোকবোৰে গছ-বন কাটি যি অত্যাচাৰ চলাইছে, মিথিংগাক কৰা বলাৎকাৰ যেন তাৰেই প্ৰতীক।[1]

অভিনয় শিল্পী

সম্পাদনা কৰক
  • টিকেন্দ্ৰজিৎ নাৰ্জাৰী (বুদাং)
  • অঞ্জলি বসুমতাৰী (মিথিংগা)[3]

“এটা জনজাতীয় গোষ্ঠীৰ জীৱন সংগ্ৰাম আৰু ইয়াৰ আঁৰত থকা মূল অপৰাধীৰ স্বৰূপ উন্মোচনৰ যোগেদি বনধ্বংসৰ সমস্যাটোৰ প্ৰভাৱশালী চিত্ৰায়ণ”ৰ বাবে হাগ্ৰামায়ও জিনাহাৰিয়ে পৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ শিতানত শ্ৰেষ্ঠ ছবিৰ ৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯৫) লাভ কৰে। এই বঁটাত প্ৰযোজক আৰু পৰিচালকলৈ ৰজত কমলৰ সৈতে নগদ ৩০,০০০ টকাকৈ আগবঢ়োৱা হৈছিল।[1]

  1. 1.0 1.1 1.2 "National Film Awards Archivesː33rd NFA". Directorate of Film Festivals, Govt. of India. 1996. পৃষ্ঠাসমূহ: 18, 155. http://dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 18 October 2020. 
  2. 2.0 2.1 Gokulsing, K. Moti; Dissanayake, Wimal (2013). Routledge Handbook of Indian Cinemas. Routledge. পৃষ্ঠা. 58. ISBN 978-1-136-77284-9. https://books.google.com/?id=djUFmlFbzFkC&pg=PA58. 
  3. 3.0 3.1 British Film Institute. Hagramayao Jinahari

বাহ্যিক সংযোগ

সম্পাদনা কৰক